ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 15, 2022, 9:00 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

বৰাকৰ সৈতে দহদিনলৈ বিচ্ছিন্ন থাকিব ৰেল যোগাযোগ(Rail service hit in Dima Hasao due to landslides) । হাফলং আৰু জাতিঙ্গাৰ মাজত ভূমিস্খলন হোৱাৰ বাবে ৰেল যোগাযোগ বন্ধ হোৱা বুলি জানিব পৰা হৈছে । যাৰবাবে ৰেল ষ্টেছনত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়া

নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু আগ্ৰহ থাকিলে যিকোনো কামেই সম্ভৱ । এই কথা প্ৰমাণ কৰি দেখুৱালে ঝাৰখণ্ডৰ চাত্ৰাৰ এজন নিৰ্বাচনী বিষয়াই । শাৰীৰিক অসুস্থতা স্বত্বেও পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়াগৰাকী (Polling officer reached booth riding on wifes shoulder) ।

২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ অংশ হোৱা মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেবে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ মানিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা (Manik Saha to be next Tripura CM) । কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল মানিক সাহাই ৷

২০ হাজাৰ উৎকোচ দিহে চাকৰি পাইছিল মুখ্যমন্ত্রীৰ গাড়ী চালকে

আজি পুৱা ঘৰৰ পৰা আহোতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ড্ৰাইভাৰ হিচাপে থকা অসম আৰক্ষীৰ জোৱানজনক চাকৰি কিদৰে পাইছিল বুলি প্ৰশ্ন কৰিছিল । উত্তৰত ড্ৰাইভাৰজনে শেষৰ দিনা ২০ হাজাৰ টকা দিবলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীক সদৰি কৰিছিল (Assam CMs driver gets job by paying bribe)।

নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ অখিল গগৈৰ

নিযুক্তিৰ প্ৰসংগৰে পুনৰ মুখ্যমন্ত্ৰীক আক্ৰমণ অখিল গগৈৰ ৷ শনিবাৰে নগাঁৱত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ( Akhil Gogoi organize press conference) । চাওক সবিশেষ ৷

ডলু চাহ বাগিচাত উচ্ছেদ: মন্ত্ৰী সঞ্জয় কিষাণলৈ পত্ৰ বিৰোধী দলপতিৰ

আজি চাহ জনজাতি কল্যাণ, শ্ৰম আৰু সংস্থাপন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণলৈ এখন পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ কাছাৰৰ ডলু চাহ বাগিচাত চৰকাৰৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযান (Eviction in tea garden of Silchar) সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷

অমৃতসৰৰ গুৰু নানক দেৱ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড

অমৃতসৰৰ গুৰু নানক দেৱ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Guru Nanak Dev Hospital) । হাস্পতালখনৰ ট্ৰেন্সফৰ্মাৰত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলত বহুকেইটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হয় ৷

পুনৰ চৰ্চাত লখিমপুৰ মেডিকেল কলেজ: ভিতৰত সোমাল বৰষুণৰ পানী

বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক(Lakhimpur Medical College in controversy) । উদ্বোধনৰ দুমাহৰ পাছতে দেৱালত ফাঁট মেলা খবৰে চৰ্চাৰ কেন্দ্ৰলৈ আনিছিল চিকিৎসা মহাবিদ্যালয়খনক । এইবাৰ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত সোমাল পানী ।

Mission Amrit Sarovar: ৰাজ্যত হ'ব ৩,০০৭ টা অমৃত সৰােবৰ

ৰাজ্যিক পর্যায়ৰ উন্নয়ন সমন্বয় আৰু তদাকৰী কমিটীৰ সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । ৰাজ্যৰ প্ৰতিখন জিলাতে খন্দা হ'ব ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী(Amrit Sarovar in Assam) । য'ত থাকিব বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা ।

জয়া আখটাৰৰ নেটফ্লিক্স ছবিত আত্মপ্ৰকাশ বলিউড তাৰকাৰ কন্যা-পুত্ৰ

জয়া আখটাৰে শনিবাৰে তেওঁৰ মুক্তি পাবলগীয়া ছবি দ্য আৰ্চিছৰ তাৰকা কলা কুশলীৰ কথা ঘোষণা কৰে । চলচ্চিত্ৰখনৰ জৰিয়তে অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা, শ্বাহৰুখ খান-গৌৰী খানৰ জীয়ৰী সুহানা খান আৰু বনি কাপুৰ-শ্ৰীদেৱীৰ সৰু জীয়ৰী খুশি কাপুৰে অভিনয়ৰ জীৱনৰ পাতনি মেলিব (Star kids debut in netflix) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.