ETV Bharat / city

ডলু চাহ বাগিচাত উচ্ছেদ: মন্ত্ৰী সঞ্জয় কিষাণলৈ পত্ৰ বিৰোধী দলপতিৰ

author img

By

Published : May 14, 2022, 7:59 PM IST

আজি চাহ জনজাতি কল্যাণ, শ্ৰম আৰু সংস্থাপন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণলৈ এখন পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ কাছাৰৰ ডলু চাহ বাগিচাত চৰকাৰৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযান (Eviction in tea garden of Silchar) সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷

reaction of leader of opposition debabrata saikia on evection
মন্ত্ৰী সঞ্জয় কিষাণলৈ পত্ৰ বিৰোধী দলপতিৰ

গুৱাহাটী,১৪ মে' : কাছাৰৰ ডলু চাহ বাগিচাত চৰকাৰৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । চৰকাৰে বিকল্পৰ সন্ধান নকৰাকৈ চাহ বাগিচা উচ্ছেদ কৰি চাহ শ্ৰমিকসকলৰ পেটৰ ভাত কাঢ়ি লোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতিগৰাকীয়ে । এই সন্দৰ্ভত তেওঁ আজি চাহ জনজাতি কল্যাণ, শ্ৰম আৰু সংস্থাপন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণলৈ এখন পত্ৰ প্ৰেৰণ কৰে (Debabrat Saikia's letter to Sanjay Kishan) ।

মন্ত্ৰী সঞ্জয় কিষাণলৈ পত্ৰ বিৰোধী দলপতিৰ

তেওঁ কয় যে, অসম চৰকাৰে কাছাৰত এখন নতুন বিমান বন্দৰ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে । কিন্তু এই বন্দৰ নিৰ্মাণৰ নামত ডলু চাহ বাগিচাৰ মুঠ ৯,৯৬৫ বিঘা মাটিৰ ভিতৰত ২,৬০০ বিঘা মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে । যাৰ ফলত এই ডলু চাহ বাগিচাৰ ২,৬০০ বিঘা মাটিত থকা প্ৰায় ৩০ লাখ চাহ পুলি উচ্ছেদ কৰা হ'ব । সেই চাহ পুলিসমূহক নিৰ্ভৰ কৰিয়েই হাজাৰ হাজাৰ চাহ শ্ৰমিকে বছৰ বছৰ ধৰি জীৱিকা নিৰ্বাহ কৰি আছে ।

বর্তমান বিমানবন্দৰ নিৰ্মাণৰ নামত ডলু চাহ বাগিচাত চলি থকা উচ্ছেদৰ ফলত হাজাৰ হাজাৰ চাহ শ্ৰমিকে তেওঁলোকৰ কর্ম সংস্থাপন, বাসস্থান, শিক্ষা, স্বাস্থ্যৰ অধিকাৰ আদি হেৰুৱাই পেলাব । এয়া অতি দুর্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে চৰকাৰে যাতে উচ্ছেদ কৰোতে বলপূৰ্বক উচ্ছেদ নকৰি উচ্ছেদিত লোকসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ অর্থনৈতিক, সামাজিক, পুনৰসংস্থাপন, স্বাস্থ্য, শিক্ষা আদি সুৰক্ষা নিশ্চিত কৰিহে উচ্ছেদ চলাই তাৰ বাবে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰি থোৱা আছে । এই সন্দৰ্ভত অসম চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লগা হৈ আছে । তেওঁ কয় যে এনেদৰে উচ্ছেদ কৰিলে এই চাহ শ্ৰমিকসকল অর্থনৈতিক, সামাজিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ’ব ।

সেয়েহে তেওঁলোকে এই বলপূৰ্বক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ফিল্ড বিমান বন্দৰ কাছাৰত নিৰ্মাণ কৰা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণ ডলু বাগিচাৰ পৰা কৰা হ'ব বুলি কোৱাৰ পৰাই বিভিন্ন ধৰণে ইয়াৰ প্ৰতিবাদ হৈ অহাৰ উপৰিও স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে পত্ৰ প্ৰেৰণ কৰি চৰকাৰৰ এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছে । চাহ শ্ৰমিকসকলক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা নকৰি একমাত্ৰ তেওঁলোকৰ পাবলগীয়া বকেয়া পুঁজিৰ অংশ মোকলাই দি দায়িত্ব সামৰিব বিচাৰিছে বাগিচা কতৃপক্ষই । ইমান প্ৰতিবাদ, বিৰোধিতাৰ পিছতো শ্ৰমিকৰ স্বাৰ্থত মাত মাতিব লগা হোৱা শ্ৰম বিভাগে এই ক্ষেত্ৰত গা-এৰা দিয়াটো অতি দুখজনক বুলি তেওঁ কয় ।

হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে উক্ত স্থানৰ পৰা আৰক্ষী বাহিনী আঁতৰাই উচ্ছেদ কার্য স্থগিত কৰাৰ বাবে তেওঁ দাবী জনায় । লগতে পৰৱর্তী সময়ত আলোচনাৰ মাধ্যমেৰে উচ্ছেদিত পৰিয়ালসমূহৰ সংস্থাপন, শিক্ষা, স্বাস্থ্য আদি দিশ সুনিশ্চিত কৰিহে আইনগতভাৱে উচ্ছেদ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.