ETV Bharat / state

পুনৰ চৰ্চাত লখিমপুৰ মেডিকেল কলেজ: ভিতৰত সোমাল বৰষুণৰ পানী

author img

By

Published : May 14, 2022, 8:10 PM IST

বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক(Lakhimpur Medical College in controversy) । উদ্বোধনৰ দুমাহৰ পাছতে দেৱালত ফাঁট মেলা খবৰে চৰ্চাৰ কেন্দ্ৰলৈ আনিছিল চিকিৎসা মহাবিদ্যালয়খনক । এইবাৰ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত সোমাল পানী ।

water-inside-lakhimpur-medical-college
পুনৰ চৰ্চাত লখিমপুৰ মেডিকেল কলেজ: ভিতৰত সোমাল বৰষুণৰ পানী

লখিমপুৰ,১৪ মে': যোৱা ফেব্রুৱাৰী মাহত উদ্বোধন কৰা হৈছিল লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College was inaugurated in February) । বিতৰ্কই লগ নেৰা হৈছে চিকিৎসা মহাবিদ্যালয়খনক(Lakhimpur Medical College in controversy) । উদ্বোধনৰ দুমাহৰ পাছৰে পৰা চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিছিল এই কলেজখন । কেইদিনমানৰ আগতে কলেজ খনৰ দেৱালত ফাট মেলিবলৈ লোৱা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ৰ সৃষ্টি কৰিছিল । এইবাৰ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত সোমাল পানী ।

পুনৰ চৰ্চাত লখিমপুৰ মেডিকেল কলেজ: ভিতৰত সোমাল বৰষুণৰ পানী

উদ্বোধনৰ তিনিমাহ নহওতেই দেৱালত ফাট মেলাৰ পাছত এটিয়া ভিতৰত একাঠু পানী । এই লৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত বিসংগতি ৰ অভিযোগ উঠিছে । ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় খনৰ ভিতৰত এইবাৰ সোমাল বৰষুণৰ পানী ।

গুৰুত্বপূৰ্ণ কথা যে Ultrasound কক্ষৰ সন্মুখভাগ বুৰিল এজাক বৰষুণৰ পানীত । লগে লগেই লাগিল চিকিৎসালয়খনৰ ভিতৰত হুৱা -দুৱা । উত্তৰ অসমৰ বাবে এক সম্পদ স্বৰূপ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় খন যোৱা ফেব্রুৱাৰী মাহত মূখ্য মন্ত্রী য়ে উদ্বোধন কৰি গৈছিল ।

কিন্তু উদ্বোধনৰ তিনিমাহ নহওতেই দেৱালত ফাঁট মেলা আৰু ভিতৰত পানী সোমোৱা কাণ্ডত চকু কপালত উঠিছে সচেতন মহলৰ । শীঘ্ৰেই এই সন্দৰ্ভত এক তদন্ত বিচাৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: লখিমপুৰৰ বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.