ETV Bharat / state

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

author img

By

Published : May 15, 2022, 7:50 AM IST

Updated : May 15, 2022, 8:28 AM IST

Rail service hit in Dima Hasao due to landslides
ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

বৰাকৰ সৈতে দহদিনলৈ বিচ্ছিন্ন থাকিব ৰেল যোগাযোগ(Rail service hit in Dima Hasao due to landslides) । হাফলং আৰু জাতিঙ্গাৰ মাজত ভূমিস্খলন হোৱাৰ বাবে ৰেল যোগাযোগ বন্ধ হোৱা বুলি জানিব পৰা হৈছে । যাৰবাবে ৰেল ষ্টেছনত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উত্তৰ পূৱ ৰে’লৱেই ইতিমধ্যে কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেল সাময়িকভাৱে বাতিল কৰিছে(NF Railway Cancels Several Trains Due To Landslides)।

কৰিমগঞ্জ/হোজাই, 15 মে’ : পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰৱল বৃষ্টিপাতৰ ফলত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে । স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । ইয়াৰ মাজতে উত্তৰ পূৱ ৰে’লৱেই কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেল সাময়িকভাৱে বাতিল কৰিছে(Train service cancelled in Dima Hasao due to landslides) ।

সামিয়কভাৱে বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে- ১৫৮৮৮ নম্বৰৰ গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, ১৫৮৮৭ নম্বৰৰ বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ, ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, ১৩১৭৩ শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, ১২৫০৪ আগৰতলা-বেংগালুৰু হামচফৰ এক্সপ্ৰেছ, ০১৬৬৫ ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল, ১৪০৩৮ নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, ০২৯৮৩ বেংগালুৰু-আগৰতলা স্পেচিয়েল আৰু ০২৯৮৪ আগৰতলা-বেংগালুৰু স্পেচিয়েল ৰে’ল ।

Rail service hit in Dima Hasao due to landslides
ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

আনহাতে বাতিল কৰা হৈছে, ১৫৬৪১ নং শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, ১৫৬৪২ নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬২৬ আগৰতলা-দেউঘৰ এক্সপ্ৰেছ, ১৫৬২৫ দেউঘৰ-আগৰতলা এক্সপ্ৰেছ, ১৫৬১১ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ।

ভূমিস্খলনৰ ফলত ৰেলপথ বিচ্ছিন্ন হৈ পৰাত আগৰতলাৰ পৰা অহা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু হামছফৰ এক্সপ্ৰেছ বদৰপুৰৰ পৰা পুনৰ উভতাই পঠোৱা হৈছে । যাৰবাবে বদৰপুৰ ষ্টেচনত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সূত্ৰমতে ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ আৰু গুৱাহাটীৰ মাজৰ ৰেলপথ দহদিনৰ বাবে বন্ধ থাকিব(Landslide disrupts train services in Dima Hasao) ৷

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

উল্লেখ্যে যে ডিমা হাচাও জিলাত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত বান আৰু ভূমিস্খলন সৃষ্টি হৈছে । বহু ঠাইত পথ বানৰ ঢলে ভাঙি পেলোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলন হৈ মানুহৰ ঘৰৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈছে ।

লগতে পঢ়ক : ডিমা হাছাওত মৃত্যুৰ কিৰিলি: ভূমিস্খলনৰ ফলত এটি শিশুৰসহ তিনি জনৰ মৃত্যু

Last Updated :May 15, 2022, 8:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.