ETV Bharat / city

নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ অখিল গগৈৰ

author img

By

Published : May 14, 2022, 10:16 PM IST

নিযুক্তিৰ প্ৰসংগৰে পুনৰ মুখ্যমন্ত্ৰীক আক্ৰমণ অখিল গগৈৰ ৷ শনিবাৰে নগাঁৱত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ( Akhil Gogoi organize press conference) । চাওক সবিশেষ ৷

akhil-gogoi-organize-press-conference-in-nagaon
নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ অখিল গগৈৰ

নগাঁও, 13 মে’: শনিবাৰে নগাঁৱত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ( Akhil Gogoi organize press conference) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালৰ পাঁচ বছৰত 2 লাখ নিযুক্তি দিয়াৰ কথা সোঁৱৰাই অখিল গগৈয়ে এতিয়া 23 লাখ নিযুক্তি দিয়াৰ কথা কিয় নকয় বুলি সংবাদমেলত প্ৰশ্ন কৰে বিধায়ক অখিল গগৈ (Akhil Gogoi criticize on Assam CM) ৷

নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ অখিল গগৈৰ

লগতে সকলো অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে অখিল গগৈয়ে । তাৰোপৰি শিলচৰত হোৱা উচ্ছেদক গৰিহণা দি ক্ষতিপূৰণ দিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে । ইফালে শিলসাঁকোত হোৱা অমানৱীয় উচ্ছেদক নিন্দা কৰি ক্ষতিপূৰণ দাবী কৰাৰ লগতে এয়া সংবিধান বিৰোধী কাৰ্য বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ।

অসমখন এতিয়া সম্পূৰ্ণৰূপে দুখীয়া হৈ পৰিছে বুলি মন্তব্য কৰি অসমৰ ৰাইজক সামগ্ৰীৰ দামে হতাশাত ভোগাইছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কিছুমান কাৰ্য আৰু সিদ্ধান্তৰ বাবে আজি অসমৰ অৰ্থনীতি সম্পূৰ্ণ ধ্বংস হৈ পৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ৰাজ্য চৰকাৰে পোৱা কৰৰ অংশ কমিছে ৷ ব্যক্তিগত খণ্ডৰ পৰা অত্যাধিক হাৰত ধন সুদত ল’ব লগা হৈছে অসম চৰকাৰে এই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । অসম চৰকাৰে ভুৱাকৈ কাৰিকৰী বিজুতি উলিয়াই নতুনকৈ নিযুক্তি দিয়া সকলক কেইবা মাহৰ দৰমহা নিদিয়ে বুলিও ভৱিষ্যত বাণী কৰে বিধায়কগৰাকীয়ে ৷

তদুপৰি পুৰণি কৰ্মচাৰীকো কৌশলেৰে দৰমহাৰ পৰা চৰকাৰে বঞ্চিত কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে অখিল গগৈয়ে ৷ লগতে অখিল গগৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’লেও বিজেপি দলত কেতিয়াও যোগদান নকৰে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ৷ আলফালৈ যুৱক-যুৱতীৰ গমনে এবছৰতে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি মোহভংগ ঘটাৰ কথা স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক : ২০ হাজাৰ উৎকোচ দিহে চাকৰি পাইছিল মুখ্যমন্ত্রীৰ গাড়ী চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.