ETV Bharat / city

২০ হাজাৰ উৎকোচ দিহে চাকৰি পাইছিল মুখ্যমন্ত্রীৰ গাড়ী চালকে

author img

By

Published : May 14, 2022, 6:58 PM IST

আজি পুৱা ঘৰৰ পৰা আহোতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ড্ৰাইভাৰ হিচাপে থকা অসম আৰক্ষীৰ জোৱানজনক চাকৰি কিদৰে পাইছিল বুলি প্ৰশ্ন কৰিছিল । উত্তৰত ড্ৰাইভাৰজনে শেষৰ দিনা ২০ হাজাৰ টকা দিবলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীক সদৰি কৰিছিল (Assam CMs driver gets job by paying bribe)।

CM car driver gets job with bribes
২০ হাজাৰ উৎকোচ দিহে চাকৰি পাইছিল মুখ্যমন্ত্রীৰ গাড়ী চালকে

গুৱাহাটী,১৪ মে' : মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰী গাড়ী চালকগৰাকীয়ে ২০ হাজাৰ টকা উৎকোচ দিহে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ মুখ্যমন্ত্ৰীয়েই । আজি গুৱাহাটীৰ খানাপাৰাস্থ খেলপথাৰত আয়োজন কৰা হৈছিল মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান । যিটো অনুষ্ঠানৰ যোগেদি আজি একেদিনাই ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদ‍ান কৰা হয় । উক্ত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ প্ৰসংগত কয় যে তেওঁৰ গাড়ী চালকে চাকৰিৰ বাবে অসম আৰক্ষীত ২০ হাজাৰ টকা উৎকোচ দিব লগীয়া হৈছিল (Assam CMs driver gets job by paying bribe, Says Assam CM) ।

এই ঘটনাটো পাঁচ-ছয় বছৰ আগৰ বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । ৫-৬ বছৰ পূৰ্বে অসম আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত যে দুৰ্নীতি হৈছিল সেই কথা মুখ্যমন্ত্ৰীৰ এই উদাহৰণৰ যোগেদি প্ৰমাণিত হয় । অৰ্থাৎ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল । অৱশ্যে মুখ্যমন্ত্ৰীয়ে বিষয়া-কৰ্মচাৰীৰ পৰ্যায়ত হোৱা দুৰ্নীতিৰ প্ৰসংগত উক্ত ঘটনা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি আজি পুৱা ঘৰৰ পৰা আহোতে তেওঁৰ ড্ৰাইভাৰ হিচাপে থকা অসম আৰক্ষীৰ জোৱানজনক চাকৰি কিদৰে পাইছিল বুলি প্ৰশ্ন কৰিছিল । উত্তৰত ড্ৰাইভাৰজনে শেষৰ দিনা ২০ হাজাৰ টকা দিবলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীক সদৰি কৰিছিল । ডিজিপি অফিচত চাকৰিৰ তালিকা প্ৰস্তুত হোৱাৰ পিছত তাৰ ডিলিং এচিছটেণ্টজনে তালিকাখনত নামটো দেখা পাই লোকজনৰ পৰা টকা বিচাৰিছিল । মুখ্যমন্ত্ৰীয়ে কয়- "মই নামটো ডিজিপিক দি দিম, তেওঁ নামটো চাব পাৰিব ।" এই দুৰ্নীতিৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে কয় যে টাইপ কৰা মানুহজনলৈকে সৎ আৰু নিকা হ'ব লাগিব । বিষয়াই নিকাভাৱে কৰি দিলেও টাইপ কৰাজনে অংক কৰি দিয়ে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এনেকুৱা ফ্ৰিলেন্স‍াৰো বহুত আছে । অসমত কিছুমান শগুন আছে যি কেনেকৈ দুখীয়া মানুহৰ পৰা টকা খাব পাৰে ত‍াৰ বাবে সদায় প্ৰস্তুত হৈ থাকে ।

এইবোৰৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । এইবাৰ অসম আৰক্ষীত কোনেও সেই তালিকা নাপালে । বিষয়‍া-কৰ্মচাৰীৰ সদিচ্ছা নাথাকিলে কেতিয়াও দুৰ্নীতিমুক্ত নিযুক্তি হ'ব নোৱাৰে । ৰাজনৈতিক নেতাৰ সদিচ্ছা নাথাকিলে নিযুক্তিত স্বচ্ছতা নাথাকে বুলি মুখ্যমন্ত্ৰীয়ে কয় । আনহাতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে প্ৰসংগক্ৰমে আৰক্ষী বিভাগৰ দুৰ্নামৰ কথ‍া স্বীক‍াৰ কৰে । দৰমহাৰ উপৰি অতিৰিক্ত কিয় লাগে বুলি আৰক্ষীৰ লোকক প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া অলপ কমিছে যদিও আগতে আধাতকৈ বেছি সংখ্যক পুলিচে অতিৰিক্তৰ বাবেই কাৰ পৰা কেনেকৈ 'জেপ কাটিব' পাৰো তাৰ বাবেই ব্যস্ত থ‍াকে । মুখ্যমন্ত্ৰীয়ে কয় -'জেপ কটা লোকক পুলিচ বুলি নকয় ।

পুলিচৰ পোছাকত জেপ ক‍াটোতা বুলিহে কয় ।' মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম পুলিচক এতিয়‍া ল‍াহে লাহে দুৰ্নীতিৰ পৰা দূৰৈত গৈ ভাল আৰক্ষী হিচাপে গঢ়ি তোলাৰ প্ৰয়‍াস কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে নিযুক্তি পোৱা আৰক্ষী কনিষ্টবলসকলক আৰক্ষীত এটা নতুন আদৰ্শ স্থাপন কৰাৰ বাবে আহ্বান জনাই কোনোবা বিষয়াই কলেও দুখীয়া মানুহৰ পৰা "ধন সংগ্ৰহ কৰি দিব নোৱাৰো" বুলি অংগীকাৰবদ্ধ হ'বলৈ আহ্বান জনায় । লগতে কোনো ক‍াৰণতে কাৰো পৰ‍া ধন সংগ্ৰহ নকৰিবলৈ মুখ্যমন্ত্রীয়ে ‍আহ্বান জনায় ।

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ যোগেদি এই কথা স্পষ্ট যে আৰক্ষীত কম-বেছি পৰিমানে হ'লেও পইচা সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত আছে । আনহাতে সাধাৰণ লোক যে আৰক্ষীৰ দ্বাৰা হাৰাশান্তিৰ সন্মূখীন হয় সেই কথাও মুখ্যমন্ত্ৰীৰ বক্তব্যই প্ৰমাণ কৰিলে । মুখ্যমন্ত্ৰীৰ এনে সতৰ্কবাণীৰ পিছত আৰক্ষী বিভাগটোৰ কিমান সংস্কাৰ সাধন হয় সেয়া সময়েহে ক'ব যদিও মুখ্যমন্ত্ৰীয়ে বহু অপ্ৰিয় সত্য অপকটে স্বীকাৰ কৰিলে ।

লগতে পঢ়ক: একেদিনাই ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.