ETV Bharat / entertainment

জয়া আখটাৰৰ নেটফ্লিক্স ছবিত আত্মপ্ৰকাশ বলিউড তাৰকাৰ কন্যা-পুত্ৰ

author img

By

Published : May 14, 2022, 2:30 PM IST

জয়া আখটাৰে শনিবাৰে তেওঁৰ মুক্তি পাবলগীয়া ছবি দ্য আৰ্চিছৰ তাৰকা কলা কুশলীৰ কথা ঘোষণা কৰে । চলচ্চিত্ৰখনৰ জৰিয়তে অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা, শ্বাহৰুখ খান-গৌৰী খানৰ জীয়ৰী সুহানা খান আৰু বনি কাপুৰ-শ্ৰীদেৱীৰ সৰু জীয়ৰী খুশি কাপুৰে অভিনয়ৰ জীৱনৰ পাতনি মেলিব (Star kids debut in netflix) ৷

The Archies
‘দ্য আৰ্চিজ’

চিটাৰা ডেস্ক, 14 মে’: শনিবাৰে চলচ্চিত্ৰ নিৰ্মাতা জয়া আখটাৰে তেওঁৰ নতুন ছবি দ্য আৰ্চিছৰ কলা কুশলীসকলৰ পৰিচয় কৰাই দিয়ে (Zoya Akhtar netflix film) । মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খান আৰু শ্ৰীদেৱীৰ জীয়ৰী খুশি কাপুৰে অভিনয় জগতত খোজ পেলাব (The Archies cast ) ৷

সামাজিক মাধ্যমৰ জৰিয়তে জয়াই আৰ্চিছ ষ্টাৰকাষ্টৰ পৰিচয় দি লিখিছে, "পুৰণি বিদ্যালয়ৰ দৰে আমেজ ক’তো নাই❤️ আপোনাৰ স্কুলীয়া গ্ৰুপটো একেলগ হওক" কাৰণ আৰ্চিছ সোনকালেই আহি আছে @netflix_in ত! বলীউড তাৰকাৰ সন্তান সকলৰ উপৰিও ছবিখনত ডট, মিহিৰ আহুজা,বেদাং ৰাইনা আৰু যুৱৰাজ মেণ্ডায়ো অভিনয় কৰিছে (The Archies cast ) ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰজেক্টটোৰ বিষয়ে কথা পাতি প্ৰযোজক ৰীমা কাগ্তিয়ে আগতেই কৈছিল যে তেওঁ আৰু জয়াই আৰ্চিছ পঢ়ি ডাঙৰ হৈছে, সেয়েহে এই চৰিত্ৰবোৰৰ সৈতে তেওঁলোক একাত্ম হ’ব পাৰিছে । ৰীমাই লগতে কৈছিল, "মই ১৯৬০ ৰ দশকৰ পটভূমিত ভাৰতত এক লাইভ-এক্সন মিউজিকেলত সেই চৰিত্ৰ সমূহ ৰিবুট কৰিবলৈ সাজু । ই টাইগাৰ বেবীৰ প্ৰথম একক প্ৰকল্প, সেয়ে এই ছবিখন আমাৰ বাবে অধিক বিশেষ" ৷

বিশ্বব্যাপী জনপ্ৰিয় আৰ্চি কমিক্সৰ চৰিত্ৰসমূহক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিবলৈ আহি আছে ‘দ্য আৰ্চিছ’ (Star kids debut in netflix) ৷ নেটফ্লিক্সত মুক্তি লাভ কৰিব ছবিখনে । জয়া আখটাৰৰ দ্বাৰা পৰিচালিত এইখন এখন লাইভ-এক্সন মিউজিকেল ড্ৰামা ৷

লগতে পঢ়ক: মুক্তি পাবলগীয়া ছবি ধাকড়ৰ প্ৰচাৰ অভিযানত পূৰাদমে ব্যস্ত কংগনা-চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.