ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 20, 2021, 9:06 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

এদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰলৈ যাবলগীয়া ড° হিমন্ত বিশ্ব শৰ্মাই নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'ব । NSCN(IM)ক কেতবোৰ বিষয়ত সৈমান কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ ক্ৰমে মঙলবাৰে ডিমাপুৰত উপস্থিত হ'ব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷

আৰম্ভ কৰা হ’ল পোছাক বিতৰ্কৰ আনুষ্ঠানিক তদন্ত

দেওবাৰৰে পৰা আৰম্ভ হৈছে পোছাক (হাফপেণ্ট) বিতৰ্কৰ আনুষ্ঠানিক তদন্ত ৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দীন ডঃ জয়ন্ত ডেকাৰ অধ্যক্ষতাত তিনিজনীয়া কমিটিয়ে দেওবাৰে তেজপুৰস্থ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

এটা কাৰ্টুনে এখন সমাজৰ বিবেকক জোকাৰি দিব পাৰে : ড৹ কুলধৰ শইকীয়া

সবল শক্তিমান বৃহত্তৰ অসমীয়া জাতি এটা গঢ় দিবলৈ হ’লে আমি আমাৰ সুক্ষ্ম চিন্তা চেতনাবোৰ সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰিব লাগিব ৷

"মিছন বসুন্ধৰা"ৰ অগ্ৰগতি বুজ ল’বলৈ নগাঁৱত উপস্থিত মুখ্য সচিব জিষ্ণু বৰুৱা

"মিছন বসুন্ধৰা" প্ৰজেক্টৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ উল্লেখযোগ্য যে, উক্ত প্ৰজেক্ট সমগ্ৰ ৰাজ্যজুৰি অহা ২ অক্টোবৰ ২০২১ তাৰিখে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হ’ব ।

আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ 2021

প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ শেষৰটো সপ্তাহক ‘আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ’ ((International Week of the Deaf) হিচাপে পালন কৰা হয় ৷ চলিত বৰ্ষত ইয়াৰ বিষয়বস্তু হ’ল-“Celebrating Thriving Deaf Communities” ৷

২০১৯ চনতে টেট উৰ্ত্তীণ একাংশ প্ৰাৰ্থীৰ আজিও নহ’ল নিযুক্তি

শেহতীয়াকৈ পুনৰ মুকলি হৈছে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়াৰ লগতে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিজ্ঞাপন ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী ৷

ৰাম মন্দিৰ নিৰ্মাণত অৰ্পিত হ'ব 115 খন দেশৰ পানী

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত অৰ্পন কৰা হ'ব বিশ্বৰ 115 খন দেশৰ পানী ৷ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ জলাভিষেকৰ বাবে সকলো দেশৰ পৰা পানী অহা উচিত বুলি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷

RCB ৰ কেপ্তেইন পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে

টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ দুদিন পিছতে আন এক বিস্ফোৰক সিদ্ধান্ত কোহলীৰ ৷ IPL 2021 ৰ পিছতে RBC ৰ কেপ্তেইন পদৰ পৰাও পদত্যাগ কৰিব কোহলীয়ে ৷

IPL 2021 : খেলপথাৰত নামিব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

কৰ’ণা মহামাৰীৰ বাবে ভাৰতত IPL বন্ধ কৰিব লগা হোৱাৰ পিছত দ্বিতীয় লীগৰ প্ৰথমখন খেলত দেওবাৰে মুখা-মুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ ৷

অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ওপজা দিনৰ শুভেচ্ছা...

আজি Jollywood ৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া(Barsha Rani Bishaya)ৰ ওপজা দিন ৷ অসমীয়া ছবিজগতৰ লগতে সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অভিনেত্ৰী বৰষালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.