"মিছন বসুন্ধৰা"ৰ অগ্ৰগতি বুজ ল’বলৈ নগাঁৱত উপস্থিত মুখ্য সচিব জিষ্ণু বৰুৱা

author img

By

Published : Sep 19, 2021, 10:18 PM IST

" মিছন বসুন্ধৰা " প্ৰজেক্টৰ অগ্ৰগতি বুজ লবলৈ নগাঁৱত উপস্থিত মূখ্য সচিব জিষ্ণু বৰুৱা

"মিছন বসুন্ধৰা" প্ৰজেক্টৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ উল্লেখযোগ্য যে, উক্ত প্ৰজেক্ট সমগ্ৰ ৰাজ্যজুৰি অহা ২ অক্টোবৰ ২০২১ তাৰিখে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হ’ব ।

নগাঁও, 19 ছেপ্তেম্বৰ : অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা দেওবাৰে নগাঁৱত উপস্থিত হৈ নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত জিলা উপায়ুক্ত কবিতা পদ্মনাভন, অতিৰিক্ত উপায়ুক্ত (ৰাজহ) উদয়াদিত্য গগৈ আৰু জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয় ।

" মিছন বসুন্ধৰা " প্ৰজেক্টৰ অগ্ৰগতি বুজ লবলৈ নগাঁৱত উপস্থিত মূখ্য সচিব জিষ্ণু বৰুৱা

এই সভাখনত মূলতঃ জিলাখনত " মিছন বসুন্ধৰা" প্ৰজেক্টৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰা হয় ৷ যিটো প্ৰজেক্ট সমগ্ৰ ৰাজ্যজুৰি অহা ২ অক্টোবৰ' ২০২১ তাৰিখে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হ’ব । "মিছন বসুন্ধৰা"ৰ অধীনত ১০ টা সেৱা প্ৰদান হ'ব য'ত অনলাইন ভূমি ৰেকৰ্ড, ভূমি স্থানান্তৰ, আৰু অন্যান্য ভূমি সেৱা অন্তৰ্ভুক্ত থাকিব ।

মুখ্য সচিব গৰাকীয়ে সংস্কাৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ লগতে আজিলৈকে কৰা কামৰ অগ্ৰগতিৰ বুজ লয় । আজিৰ এই সভাখনত জিলাখনৰ মণ্ডল সকলকে প্ৰমুখ্য কৰি ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।

লগতে পঢ়কঃ অসমৰ কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব ১০ লাখ মেট্রিক টন ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.