অসমৰ কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব ১০ লাখ মেট্রিক টন ধান

author img

By

Published : Sep 19, 2021, 8:48 PM IST

অসমৰ কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব ১০ লাখ মেট্রিক টন ধান

অসমৰ কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধান ক্ৰয় কৰিব ভাৰতীয় খাদ্য নিগমে ৷ ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা প্ৰতক্ষ্যভাৱে ক্ৰয় কৰাৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই কথা সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ, পৰিবেশ বন আৰু জলবায়ু পৰিৱর্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌৱেই ।

গুৱাহাটী, ১৯ ছেপ্তেম্বৰ : ভাৰতীয় খাদ্য নিগমে আগন্তুক সময়ত ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা প্ৰতক্ষ্যভাৱে ক্ৰয় কৰাৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই কথা সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ, পৰিবেশ বন আৰু জলবায়ু পৰিৱর্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌৱেই ।

অসমৰ কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব ১০ লাখ মেট্রিক টন ধান

দেওবাৰে ৰাজ্যিক বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে । পাঁচ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় ২০১০ চনৰ পৰা ২০১৪ চনলৈ ভাৰতীয় খাদ্য নিগমে বছৰি মাত্ৰৰ ৪৭ হাজাৰ মেট্ৰিক টন ধানহে অসমৰ পৰা ক্ৰয় কৰিছিল ।

কেন্দ্ৰত মোডী চৰকাৰ অহাৰ পিছত অসমত ধান ক্ৰয়ৰ পৰিমাণ কমান্বয়ে বৃদ্ধি পাইছে । চলিত বর্ষত ২ লাখ মেট্ৰিক টন ধান অসম খেতিয়কৰ পৰা ক্ৰয় কৰা হৈছে । এই পৰিমাণ আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহযোগত ১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ'ব । অসমত ধান মজুত কৰি ৰখাৰ বাবে গুদাম নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়কঃ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

আনহাতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দহটা হলমাৰ্কিং চেণ্টাৰ এইবছৰ কৰা হ'ব । সেইদৰে আধাৰ কার্ডৰ সৈতে ৰেছন কার্ডৰ সংযোগৰ কাম অসমত ৮৭ শতাংশ সম্পূর্ণ হৈছে । ইফালে বন বিভাগৰ জোৱানসকলক তেওঁলোকৰ সাহসিকতা তথা কৰ্তব্যনিষ্ঠাৰ বাবে আৰক্ষীৰ দৰে ৰাষ্ট্ৰপতিৰ পদকেৰে সন্মানিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব । এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ লগত আলোচনা কৰা হ'ব ।

সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে । কেন্দ্ৰীয় চৰকাৰে অসমক আদর্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমার্ক এগৰাকী কর্মদক্ষ ৰাজনেতা বুলি অভিহিত কৰি তেওঁ কয় যে, তেওঁৰ নেতৃত্বতেই অসমে অনাগত সময়ত উন্নয়নৰ শিখৰত আৰোহণ কৰিব । সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিতি আছিল ।

লগতে পঢ়কঃ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.