যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

author img

By

Published : Sep 19, 2021, 7:12 PM IST

পুনৰ মহানগৰীত ভাড়া বৃদ্ধি

পুনৰ মহানগৰীত ভাড়া বৃদ্ধি ৷ বৃদ্ধি পাইছে চিটি বাছ, অটো, মেজিকৰ ভাড়া ৷ নিজ খেয়াল খুচি মতে ভাড়া বৃদ্ধি কৰিছে একাংশই ৷ মহানগৰীত যাতায়াত হৈ পৰিছে খৰচী ৷ বিপাঙত সাধাৰণ মহানাগৰীকৰ জীৱন ৷

গুৱাহাটী,19 ছেপ্তেম্বৰ : গুৱাহাটী মহানগৰীৰ ৰাজপথত চলা চিটিবাছে যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ দুগুণ ভাড়া আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে । ক’ভিডৰ গইনা লৈ চিটিবাছ চালক, হেণ্ডিমেন, অটো চালক, মেজিক চালক সকলে যাত্ৰীৰ পৰা দুগুণ ভাড়া আদায় লৈ আহিছে ।

যাত্ৰীসকলে কৰা অভিযোগ অনুসৰি ক’ভিড কালছোৱাত ৫০ শতাংশ যাত্ৰীৰে চিটিবাছ, অটো , মেজিক আদি চলাচল কৰাৰ উপৰিও পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে ভাড়া দুগুণ কৰা বুলি মন্তব্য কৰিছিল । কিন্তু সম্প্ৰতি চিটি বাছ সমূহত বাছ ভৰ্তি কৰি যাত্ৰী লৈ যায় যদিও বাছত উঠিলেই এজন যাত্ৰীয়ে ১০ টকাকৈ ভাড়া আদায় দিবলগীয়া হয় । তদুপৰি সম্প্ৰতি বাছত কোনো ধৰণৰ টিকট নিদিয়ে কৰ্তৃপক্ষই ।

পুনৰ মহানগৰীত ভাড়া বৃদ্ধি

লগতে পঢ়কঃ সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়ৰ লোকসকল...

যাৰফলত যাত্ৰী আৰু কণ্ডাক্টৰৰ মাজত সৃষ্টি হয় তৰ্ক-বিতৰ্কৰ । চিটি বাছৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ নীতি নিৰ্দেশনা নিদিয়াৰ পিছতো চিটিবাছৰ চালক-হেণ্ডিমেনে নিজৰ খেয়াল খুছি মতে ভাড়া বৃদ্ধি কৰাক লৈ যাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

উপায়ন্তৰ হৈ নিজৰ খেয়াল খুচি মতে যিসকলে ভাড়া বৃদ্ধি কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে যাত্ৰী সকলে ।

আনহাতে চিটিবাছ মালিক সন্থাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, মালিক সকলে চিটিবাছৰ ভাড়া বৃদ্ধি কৰাৰ বাবে বৰ্তমানলৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । চিটিবাছ চালক, হেণ্ডিমেন সকলে নিজৰ ইচ্ছা অনুসৰি যাত্ৰীৰ পৰা ভাড়া বঢ়াই লয় বুলি মন্তব্য কৰা দেখা গৈছে ।

লগতে পঢ়কঃ অৱশেষত ৰঙাঘৰৰ আলহী হ’ল কুখ্যাত দালাল ইছফাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.