IPL 2021 : খেলপথাৰত নামিব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

author img

By

Published : Sep 19, 2021, 4:45 PM IST

Updated : Sep 20, 2021, 6:40 AM IST

ipl-todays-match

কৰ’ণা মহামাৰীৰ বাবে ভাৰতত IPL বন্ধ কৰিব লগা হোৱাৰ পিছত দ্বিতীয় লীগৰ প্ৰথমখন খেলত দেওবাৰে মুখা-মুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ ৷

স্পোৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ : IPL 2021-ৰ দ্বিতীয় লীগৰ প্ৰথমখন খেলত দেওবাৰে মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানচ আৰু চেন্নাই চুপাৰ কিংছ ৷ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰু GMT অনুসৰি 02:00 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন ৷ কৰ’ণা মহামাৰীৰ বাবে ভাৰতত প্ৰতিযোগিতাখন বন্ধ কৰিব লগা হোৱাৰ পিছত এই খেলখন আই পি এল ২০২১ ৰ দ্বিতীয় লীগৰ প্ৰথমখন খেল হ’ব ।

যদিও চেন্নাই চুপাৰ কিংছ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে, 2020 চনত ইউ.এ.ই.ত তেওঁলোকৰ অভিজ্ঞতা মসৃণ নাছিল । তদুপৰি, চিপিএলৰ ২০২১ ত ছেইণ্ট লুচিয়া কিংছৰ হৈ খেলি থাকোতে ভৰিত আঘাত পোৱাৰ পিছত ফাফ ডু প্লেচিছে খেলত অংশগ্ৰহণ কৰাৰ বিষয়টো অনিশ্চিত হৈ আছে ।

আনহাতে, মুম্বাই ইণ্ডিয়ানচৰ হাতত এটা শক্তিশালী দল আছে আৰু দুখন মেচৰ জয়ৰ ধাৰৰ সৈতে দলটো আত্ম বিশ্বাসী হৈ আছে । প্ৰথম লীগত মুম্বাইৰ কিৰণ প'লাৰ্ড চেন্নাই চুপাৰ কিংছৰ বাবে ত্ৰাসৰ কাৰণ হিচাপে বিবেচিত হৈছিল । ইয়াৰোপৰি পোলাৰ্ডে চিপিএলত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ হৈ অংশ লোৱাৰ পিছত এতিয়াও ফৰ্মত আছে ৷ অৱশ্যে, সকলোৱে জানে যে ক্ৰিকেট এক অনিশ্চয়তাৰ খেল সেইবাবে দেওবাৰৰ খেলখনে দৰ্শকক যথেষ্ট চাচপেঞ্চ দিয়াৰ আশা কৰা হৈছে ৷

খেলৰ সবিশেষ :

মেচ – চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ – 30 তম মেচ

স্থান – ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

সময় – ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত, জিএমটি 02:00 বজাত

খেলখন আপুনি চাব পাৰিব – ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক, হটষ্টাৰ এপৰ জৰিয়তে ৷

লগতে পঢ়ক : আজিৰ দিনটোতে 6 বলত ছয়টা ছিক্সৰে অভিলেখ গঢ়িছিল যুৱৰাজ সিঙে

Last Updated :Sep 20, 2021, 6:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.