অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ওপজা দিনৰ শুভেচ্ছা...

author img

By

Published : Sep 20, 2021, 7:47 AM IST

Barsha Rani

আজি Jollywood ৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া(Barsha Rani Bishaya)ৰ ওপজা দিন ৷ অসমীয়া ছবিজগতৰ লগতে সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অভিনেত্ৰী বৰষালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল জন্মদিনৰ শুভেচ্ছা...

চিটাৰা ডেস্ক, 20 ছেপ্তেম্বৰ : অসমীয়া ছবিজগত তথা জলীউড(Jollywood)ৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া(Barsha Rani Bishaya)ৰ আজি জন্মদিন ৷ 39 বছৰ বয়সত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে ৷ অসমীয়া বোলছবি জগতৰ লগতে ভ্ৰাম্যমান থিয়েটাৰতো(Bhramyaman Theatre) গুৰুত্বপূৰ্ণ অৱদান আছে বৰষা ৰাণীৰ ৷ এগৰাকী সুদক্ষ বিহু(Bihu) নৃত্যশিল্পী বৰষা ৰাণীয়ে অসমীয়া ভিচিডি(VCD)সমূহতো খলকনি তুলি আহিছে ৷

Barsha Rani
বৰষা ৰাণী

এখন কলা-সংস্কৃতিৰে ভৰপূৰ ঘৰত জন্মগ্ৰহণ কৰা অভিনেত্ৰী বৰষাই 1998 চনত 16 বছৰ বয়সতেই অসমীয়া বোলছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল ৷ 1998 চনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে’ নামৰ ছবিখনত নিজৰ শক্তিশালী অভিনয়েৰে বৰষাই দৰ্শকৰ মন আপ্লুত কৰি তুলিছিল ৷ ছবিখনত বৰষাৰ বিপৰীতে অভিনয় কৰিছিল তেওঁৰ ককায়েক অংকুৰ কুমাৰ বিষয়া(Ankur Kumar Bishaya)ই ৷

ইয়াৰ পিছত আৰু থমকি নৰ’ল বৰষা ৷ এনেদৰেই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰি ক্ৰমান্বয়ে এখনৰ পাচত আনখন ছবিত অভিনয় কৰি জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় বৰষা ৰাণী বিষয়াই ৷ বৰষাই অভিনয় কৰা ‘বুকুৰ মাজত জ্বলে’, ‘জোন জ্বলে কপালত’, ‘মাঘত মামনিৰ বিয়া’, ‘বিধাতা’, ‘ৰত্নাকৰ’ আদি ছবিসমূহ আজিও অসমীয়া দৰ্শকৰ মাজত চৰ্চিত ৷ ইয়াৰোপৰি, 2003 চনত মুক্তি লাভ কৰা পৰিচালক চন্দ্ৰ মুদৈৰ ‘উজনীৰ দুজনী গাভৰু’ ছবিখনত দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

Barsha_abinash
বৰষা-অবিনাশ

বোলছবিৰ লগতে তেওঁ বহুকেইটা জনপ্ৰিয় অসমীয়া গীতত অভিনয় কৰিছিল ৷ অভিনয়, নৃত্যশিল্পীৰ বাহিৰেও এগৰাকী ভাল ঘোষক বৰষা ৰাণী ৷ বৰষাই অভিনয় আৰু নৃত্যৰ শিকাৰ সুবিধা তেওঁৰ পৰিয়ালৰ পৰাই লাভ কৰিছিল ৷ পিতৃ অশোক কুমাৰ বিষয়া এগৰাকী ছবি নিৰ্মাতা হোৱাৰ উপৰিও ককায়েক অংকুৰ কুমাৰ বিষয়াও এগৰাকী ছবি নিৰ্মাতা আৰু অভিনেতা ৷

আনহাতে, বৰষাৰ মাহীয়েক নিকুমণি বৰুৱা অসমীয়া বোলছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৷ মুঠতে পৰিয়ালৰ পৰাই অসমীয়া সাংস্কৃতিক জগতৰ সৈতে অতি নিপুণতাৰে জড়িত হৈ পৰাৰ সুবিধা লাভ কৰিছিল বৰষাই ৷ বগীতৰা, গামোচা, জোনবাই আদি বহুকেইখন অসমীয়া ভিচিডিত অভিনয় কৰি দৰ্শকৰ মাজত অন্য এক সফলতা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

Barsha-Bhaskar
বৰষা-ভাস্কৰ

ভ্ৰাম্যমান থিয়েটাৰ যেনে- কহিনুৰ থিয়েটাৰ(Kahinoor Theatre), আৱাহন থিয়েটাৰ(Abahan Theatre) ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত বৰষা ৰাণী বিষয়া ৷ শক্তিশালী অভিনয়েৰে ভ্ৰাম্যমানৰ মঞ্চ কঁপাই তুলি আহিছে বৰষাই ৷ অসমীয়া অভিনেত্ৰীসকলৰ নাম মনলৈ আহিলে নিশ্চয়কৈ বৰষা ৰাণীক শীৰ্ষস্থানৰ তালিকাত স্থান দিয়ে দৰ্শকে ৷

এটি আভিজাত্য পৰিয়ালত ডাঙৰ-দীঘল হোৱা বৰষা ৰাণীয়ে বৈবাহিক জীৱনত ঘাত-প্ৰতিঘাতৰ মুখামুখি হৈছিল ৷ প্ৰথম স্বামী তথা এগৰাকী ব্যৱসায়ী অবিনাশ শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বৰষা ৷ দুয়োৱে এক সুন্দৰ সাংসাৰিক জীৱন অতিবাহিত কৰি থকাৰ সময়তেই 2016 চনত অবিনাশে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটিবলীয়া হয় ৷

ইয়াৰ পাচতে কিছু সমালোচনাৰ সন্মুখীন হৈ ভ্ৰাম্যমান থিয়েটাৰৰ পৰা বিৰতি লয় বৰষাই ৷ কিন্তু বৰষাৰ এই দুখৰ সমভাগী হ’বলৈ ভাস্কৰ বৰুৱা আহে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ ৷ এগৰাকী শিক্ষক ভাস্কৰ বৰুৱাই বৰষাক পুনৰ পত্নীৰূপে আঁকোৱালি লয় ৷ চলিত বৰ্ষতে ভাস্কৰৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় বৰষা ৷

Barsha-Bhaskar
বৰষা-ভাস্কৰ

দ্বিতীয় বিবাহৰ সময়তে বহু সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী ৷ কিয়নো ভাস্কৰ বৰষাতকৈ বয়সত সৰু হোৱা হেতুকে বহু লোকে বৰষাক ছ’চিয়েল মিডিয়াযোগে ঠাট্টা-মস্কৰা কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু এই সকলোবোৰক গুৰুত্ব নিদি মনত সাহস বান্ধি নিজৰ কাম কৰি গৈছে অভিনেত্ৰীগৰাকীয়ে ৷

অসমীয়া ছবিজগতৰ লগতে সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল ওপজা দিনৰ আন্তৰিক শুভেচ্ছা ৷

লগতে পঢ়ক: পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.