ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণত অৰ্পিত হ'ব 115 খন দেশৰ পানী

author img

By

Published : Sep 19, 2021, 5:32 PM IST

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত অৰ্পন কৰা হ'ব বিশ্বৰ 115 খন দেশৰ পানী ৷ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ জলাভিষেকৰ বাবে সকলো দেশৰ পৰা পানী অহা উচিত বুলি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷

WATER FROM 115 COUNTRIES TO BE OFFERED AT AYODHYA RAM MANDIR
অযোধ্যা ৰাম মন্দিৰ

নেশ্যনেল ডেস্ক , 19 ছেপ্টেম্বৰ : 115 খন দেশৰ পানীৰে নিৰ্মাণ হ'ব ৰাম মন্দিৰ ৷ এই সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত কৰি ৰাম জন্মভূমি তীৰ্থযাত্ৰা ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয় যে, মানুহে যি বিশ্বাসেৰে তেওঁলোকৰ দেশৰ পবিত্ৰ নদীসমূহৰ পানী প্ৰেৰণ কৰিছে এয়া ইতিহাসৰ এক অদ্ভূত ঘটনা ৷ এই ঘটনাক সকলোৱে সদায় মনত ৰাখিব বুলি মন্তব্য কৰি ৰায়ে কয় যে, নিৰ্মাণৰ সময়ত এই পানী ধৰিত্ৰী আইক সমৰ্পিত কৰা হ'ব ৷

ইফালে শনিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, বহুকেইটা প্ৰজন্মই অযোধ্যাত এটা বিশাল ৰাম মন্দিৰ নিৰ্মাণৰ সপোন দেখি আহিছে ৷ এতিয়া এই সপোন পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে আৰু এয়া সকলোৰে বাবে গৌৰৱৰ বিষয় ৷ সিঙে কয় যে, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 115 খন দেশ আৰু 7 টা মহাদ্বীপৰ পৰা পানী সংগ্ৰহ কৰাটো এক অভিনৱ ধাৰণা ৷

শনিবাৰে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, জলাভিষেকৰ বাবে সকলো দেশৰ পৰা পানী অহা উচিত ৷ আমাৰ ঋষিসকলে সমগ্ৰ বিশ্বক নিজৰ পৰিয়াল হিচাপে মানি আহিছে বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ কয়, "আমি বিশ্বক বসুদেৱ কুটুম্বকমৰ বাৰ্তা দিব দিছো ৷ সেয়ে ৰাম মন্দিৰ নিৰ্মাণ তথা জলাভিষেকৰ বাবে বিশ্বৰ সকলো দেশৰ পৰা পানী আহিব লাগে " ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে এইবুলিও কয় যে, ভাৰতে কেতিয়াও হিংসা সমৰ্থন নকৰে ৷ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাচতহে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি মন্তব্য কৰি সিঙে এই কাৰ্যক এক সকৰাত্মক আৰম্ভণি বুলি অভিহিত কৰে ৷ ভাৰতক কেতিয়াও জাতি, ধৰ্ম বা সমুদায়ৰ আধাৰত বিভক্ত কৰিব নোৱাৰি বুলিও সিঙে মন্তব্য কৰে ৷

লগতে পঢ়ক : চাৰ ধাম যাত্ৰাৰ বাবে IRCTC ৰ বিশেষ ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.