NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 19, 2021, 9:06 PM IST

assam cm will meet nscn im leaders in nagaland

এদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰলৈ যাবলগীয়া ড° হিমন্ত বিশ্ব শৰ্মাই নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'ব । NSCN(IM)ক কেতবোৰ বিষয়ত সৈমান কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ ক্ৰমে মঙলবাৰে ডিমাপুৰত উপস্থিত হ'ব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷

গুৱাহাটী,১৯ ছেপ্তেম্বৰ : পুনৰ আৰম্ভ হৈছে নগা শান্তি আলোচনা প্ৰক্ৰিয়া। শান্তি আলোচনা প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী তথা North East Democratic Alliance, চমুকৈ 'নেডা'ৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে ডিমাপুৰলৈ ৰাওনা হ'ব । এদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰলৈ যাবলগীয়া ড° হিমন্ত বিশ্ব শৰ্মাই নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'ব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত বছৰত দিয়া দায়িত্ব অনুসৰি, নতুন দিল্লীত ইতিমধ্যে একাধিকবাৰ NSCN(IM)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে আলোচনাত মিলিত হৈছে । আৰ এন ৰবিয়ে ২০১৫ৰ আগষ্টত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক অপব্যাখ্যা কৰা, NSCNৰ গোটসমূহক 'অপৰাধী গোট' বুলি আখ্যা দিয়া আৰু নাগালেণ্ড ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি কোৱাত NSCN(IM) ক্ষুব্ধ হৈ পৰিছিল ।

ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী পদৰ পৰা আৰ এন ৰবিক আঁতৰাই নতুন মধ্যস্থতাকাৰী নিযুক্তি দিবলৈ বহুবাৰ NSCN(IM)য়ে ভাৰত চৰকাৰক আহ্বান জনাই আহিছে । সম্প্ৰতি আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই নি তামিলনাডুৰ দায়িত্ব দিয়া হৈছে ।

এনে সন্ধিক্ষণতে NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰত উপস্থিত হৈছে ভাৰত চৰকাৰৰ নতুন প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ । সুৰ্দীঘ ২১টা মাহৰ পিছত সোমবাৰে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হ'ব ।

ইতিমধ্যে, ডিমাপুৰত উপস্থিত হোৱা মিশ্ৰই সোমবাৰৰ পৰা NSCN(IM)ৰ সৈতে এলানি বৈঠকত মিলিত হ'ব ৷ ইয়াৰ লগতে NSCN(IM)ক কেতবোৰ বিষয়ত সৈমান কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ ক্ৰমে মঙলবাৰে ডিমাপুৰত উপস্থিত হ'ব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷ ড° শৰ্মাই মধ্যস্থতাকাৰী মিশ্ৰৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি দিছপুৰৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অসমৰ যুৱতীক অন্তঃসত্বা কৰি পলাই গ’ল বিকি বাক্কাৰ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.