আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ 2021

author img

By

Published : Sep 20, 2021, 7:36 AM IST

International Week Of the Deaf

প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ শেষৰটো সপ্তাহক ‘আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ’ ((International Week of the Deaf) হিচাপে পালন কৰা হয় ৷ চলিত বৰ্ষত ইয়াৰ বিষয়বস্তু হ’ল-“Celebrating Thriving Deaf Communities” ৷

নিউজ ডেস্ক, 20 ছেপ্তেম্বৰ : আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ (International Week of the Deaf) প্ৰতিবছৰে ছেপ্তেম্বৰৰ শেষৰটো সপ্তাহত পালন কৰা হয় ৷ 2009 চনত পোন প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সভা ৷

2018 চনত ইয়াক ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত International Day of Sign Languages ৰ সৈতে একেলগে পালন কৰা হৈছিল ৷ আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ পালনেৰে আমি আমাৰ চাৰিওকাষে থকা মুকবধিৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিশেষত্বক উদযাপন কৰা ৷ এই সপ্তাহটোত আমি একত্ৰিত হৈ এইটো স্বীকাৰ কৰোঁ যে, মুকবধিৰ লোকসকলো আমাৰ সম্প্ৰদায়, সংস্কৃতিৰ অংশ ৷ তেওঁলোকৰ আমাৰ দৰে নিজস্ব ভাষা আছে যাক ‘সাংকেতিক ভাষা’(Sign Language) বুলি কোৱা হয় ৷ এই বিশেষত্বই তেওঁলোকক একত্ৰিত কৰি ৰাখে ।

2021 বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বধিৰ সপ্তাহৰ বিষয়বস্তু হ’ল “Celebrating Thriving Deaf Communities” ৷ মুকবধিৰ সম্প্ৰদায়টো গোটেই বছৰ সম্প্ৰসাৰিত আৰু সমৃদ্ধ হৈ অহাৰ লগতে আমাক সকলোকে শক্তি প্ৰদান কৰি আহিছে ৷ এতিয়া স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ অবিশ্বাস্য ধৈৰ্য উদযাপন কৰাৰ সময় ৷

বধিৰ লোকসকলৰ স্বীকৃতিৰ বাবে এই সপ্তাহটো এক গুৰুত্বপূৰ্ণ সপ্তাহ, ই বধিৰ সম্প্ৰদায় আৰু বধিৰ সংগঠনৰ বাবে গুৰুত্বপূৰ্ণ । ইয়াৰ মূল নীতি হ’ল , “Nothing about us, without us!”

লগতে পঢ়ক : আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.