ETV Bharat / international

আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস 2021

author img

By

Published : Sep 13, 2021, 7:09 AM IST

international day of the programmer
আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস 2021

আজি আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস ৷ 2009 চনত ৰাছিয়াত পোন প্ৰথমবাৰৰ বাবে এই দিৱসটি উদযাপন কৰা হৈছিল ৷

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ : প্ৰগ্ৰেমাৰ দিৱস হ’ল এটি আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী দিৱস, যি বছৰৰ 256 নং দিনটোত উদযাপন কৰা হয় ৷ বিশ্বৰ প্ৰগ্ৰেমাৰসকলক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে 2007 চনত ৰাছিয়াত এই দিৱসৰ শুভাৰম্ভ কৰা হৈছিল ৷ সাধাৰণ বৰ্ষত এই দিৱসটি 13 ছেপ্তেম্বৰত উদযাপন কৰা হয় যদিও লিপইয়েৰত 12 ছেপ্তেম্বৰত উদযাপন কৰা হয় প্ৰগ্ৰেমাৰ দিৱস ৷

2009 চনৰ 24 জুলাইত ৰাছিয়াৰ Ministry Of Communication And Mass Media ই ‘আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস’ উদযাপনৰ বাবে এখন প্ৰতিলিপি প্ৰস্তুত কৰে ৷ ইয়াৰ পিছতেই 2009 চনৰ 11 ছেপ্তেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি দিমিত্ৰি মেদভেদেভে এক ডিক্ৰী স্বাক্ষৰ কৰে আৰু বছৰৰ 256 নম্বৰ দিনটো ‘আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

256 সংখ্যটো এইবাবেই নিৰ্বাচন কৰা হৈছে কাৰণ "256" (28) হৈছে পৃথক মূল্যৰ সংখ্যা, যাক 8 bit byte ৰে প্ৰতিনিধিত্ব কৰিব পাৰি ৷ তদুপৰি 256 হৈছে 2 ৰ সৰ্বাধিক শক্তি যি হৈছে 365 তকৈ কম অৰ্থাৎ এটা বছৰৰ মুঠ দিন ৷ চীনত ‘প্ৰগ্ৰেমাৰ দিৱস’টি 24 অক্টোৱৰত উদযাপন কৰা হয় ৷

লগতে পঢ়ক : 9/11 আক্ৰমণৰ 20 টা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.