9/11 আক্ৰমণৰ 20 টা বছৰ

author img

By

Published : Sep 11, 2021, 9:39 AM IST

NAT-HN-20 years of attack on World trade center USA-08-09-2021-RKC

2001 চনত 11 ছেপ্তেম্বৰৰ দিনটোতে অল-কায়দাৰ দ্বাৰা বৰ্বৰ আক্ৰমণৰ বলি হৈছে আমেৰিকা ৷ 19 গৰাকীকৈ লোকে চাৰিখন বাণিজ্যিক এয়াৰলাইনৰ বিমান হাইজেক কৰি বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু দ্য পেন্টাগনত আত্মঘাতী আক্ৰমণ চলাইছিল ৷

নিউজ ডেস্ক, 11 ছেপ্তেম্বৰ : 11 ছেপ্তেম্বৰ আমাৰিকাৰ ইতিহাসত সদায় এটি ক’লা দিন হিচাপে গণ্য কৰা হয় ৷ আজিৰ দিনটোতে 20 বছৰ পূৰ্বে অৰ্থাৎ 2001 চনত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈছে আমেৰিকা ৷ 19 গৰাকীকৈ লোকে চাৰিখন বাণিজ্যিক এয়াৰলাইনৰ বিমান হাইজেক কৰিছিল ৷ সেই বিমানকেইখনেৰে তিনিখনে বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু দ্য পেন্টাগনত আত্মঘাতী আক্ৰমণ চলাইছিল ৷

চতুৰ্থখন বিমানৰ গন্তব্যস্থান জনা নগ’ল যদিও ধৰণা কৰা হয় যে এই বিমানখনেৰে হোৱাইট হাউচ, মাৰ্কিন ৰাজধানী, মেৰিলেণ্ডৰ কেম্প ডেভিড প্ৰেচিডেঞ্চিয়েল ষ্ট্ৰীট অথবা পূৱ সমূদ্ৰ উপকূলৰ সৈতে কেইবাটাও পৰমানু শক্তি কেন্দ্ৰক নিস্ক্ৰিয় কৰাৰ বাবে লক্ষ্য কৰি লোৱা হৈছিল ৷

অল-কায়দাই ৰচিছিল আক্ৰমণৰ ব্লু-প্ৰিন্ট

সন্ত্ৰাসবাদী সংগঠন অল-কায়দাই এই আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ সংগঠনটোৱে আমেৰিকান বিমান হাইজেক কৰি বিশ্ব বাণিজ্য কেন্দ্ৰত (World Trade Center) আক্ৰমণ চলাইছিল ৷ এই আক্ৰমণত প্ৰায় 2977 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ 19 গৰাকীকৈ অল-কায়দাৰ সদ্যই এই অপহৰণ কাণ্ড সংঘটিত কৰিছিল ৷

পাঁচজন সদস্যৰ তিনিটা দলৰ লগতে আন এটা দলত চাৰিজন সদস্য আছিল এই সমগ্ৰ ঘটনা কাৰ্যত পৰিণত কৰিবলৈ ৷ প্ৰত্যকটো দলৰে ভিতৰত এজন পাইলট প্ৰশিক্ষণ প্ৰাপ্ত আছিল অৰ্থাৎ অপহৰণকাৰী দলটোৰ মাজত চাৰিজন পাইলট আছিল ৷ এওঁলোকৰ ভিতৰত কেইগৰাকীমান আমেৰিকাত প্ৰায় এবছৰতকৈ অধিক সময় ধৰি বাস কৰি আছিল আৰু তেওঁলোকে আমেৰিকাৰ বাণিজ্যিক বিমান প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷

সন্ত্ৰাসবাদীৰ চাৰিওটা দলে কেলিফোৰ্ণিয়ালৈ যাবলগীয়া চাৰিখনকৈ বিমানত উঠে কাৰণ বিমানসমূহত আন্তঃমহাদ্বিপীয় যাত্ৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছিল ৷ বিমানকেইখনে উৰণ আৰম্ভ কৰাৰ লগে লগেই তেওঁলোকে বিমানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে আৰু সাধাৰণ যাত্ৰীবাহী বিমানকেইখনক ভয়ংকৰ মিচাইলত পৰিণত কৰি দিয়ে ৷

আক্ৰণকাৰীসকলৰ নাগৰিকত্ব

আক্ৰমণকাৰী সকলৰ ভিতৰত 15 জন চৌদী আৰৱৰ আছিল দুজন সংযুক্ত আৰৱ এমিৰাটৰ এজন মিচৰৰ আৰু এজন লেবাননৰ আছিল ৷

কেনেদৰে হৈছিল আক্ৰমণ

পুৱা প্ৰায় 8:46 বজাত আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট 11 (বোষ্টনৰ পৰা লছ এঞ্জেলিছলৈ যাত্ৰা কৰি আছিল)এ নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ উত্তৰ দিশে থকা টাৱাৰটোত খুন্দিয়ায় ৷ বিমানখন পৰিচালনা কৰি আছিল মোহম্মদ আট্টাই ৷

পুৱা প্ৰায় 9.30ত ইউনাইটেড এয়াৰলান্সৰ ফ্লাইট নম্বৰ 175 এ বিশ্ব বাণিজ্য কেন্দ্ৰৰ চাউথ টাৱাৰত খুন্দিয়ায় ৷ এই বিমানখন পৰিচালক আছিল অপহৰণকাৰী মাৰৱান অল শ্বেহী ৷ পুৱা প্ৰায় 9.37ত আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট নম্বৰ 77 এ ৱাশ্বিংটনৰ পেন্টাগন বিল্ডিঙত আক্ৰমণ কৰে ৷ এই বিমানখন পৰিচালনা কৰিছিল হানী হোঞ্জোৰে ৷

পুৱা প্ৰায় 10.3ত ইউনাইটেড এয়াৰলাইন্সৰ বিমান নম্বৰ 93 খন পেনচিলভানিয়া চেক্সৱিলেৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ বিমানখন পৰিচালনা কৰিছিল অপহৰণকাৰী জিয়াদ জৰ্ৰাহে ৷

লগতে পঢ়ক : 9/11 ট্ৰেজেডীৰ 20 তম বাৰ্ষিকী উদযাপনৰ বাবে সাজু জ' বাইডেন

9/11 আক্ৰমণৰ বাবে অল-কায়দাই খৰচ কৰা মুঠ ধনৰাশি

9/11 আয়োগৰ তথ্য অনুসৰি ষড়যন্ত্ৰকাৰীসকলে আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰিবলৈ আৰু তাক কাৰ্যকৰী কৰিবলৈ 400,000ৰ পৰা 500,000 মাৰ্কিন ডলাৰ খৰচ কৰিছিল ৷ কেএছএমৰ দ্বাৰা প্ৰদান বা স্থানান্তৰ কৰা ধনৰ জৰিয়তে অল-কায়দাৰ দ্বাৰা 19 জন কৰ্মচাৰীক পুঁজি যোগান ধৰা হৈছিল ৷

আক্ৰমণৰ কাৰণ

ওচামা বিন লাডেনে 2002 চনৰ নৱেম্বৰত আমেৰিকাক লিখা ‘লেটাৰ টু আমেৰিকা’ নামৰ পত্ৰখনত 9/11 আক্ৰমণৰ আঁৰত থকা অল-কায়দাৰ প্ৰকৃত উদ্দেশ্যৰ কথা স্পষ্টভাৱে উল্লেখ কৰে ৷ লাডেনে এই আক্ৰমণৰ বাবে চোমালিয়া, বোষ্ণিয়া হাৰ্জেগোবিনা, লেবাননত নৰসংহাৰৰ লগতে কেইবাখনো দেশত মুছমান সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ বাবে জিঅ’নিষ্ট ধৰ্মযুদ্ধ মিত্ৰতা আৰু তাৰ সহযোগী সকলক দোষাৰোপ কৰে ৷

পত্ৰখনত লাডেনৰ দ্বাৰা যি সমূহ অভিযোগ উত্থাপন কৰা হৈছিল তাৰ ভিতৰত চৌদী আৰৱত আমেৰিকান সৈন্যৰ উপস্থিতি, ইজৰাইলক আমেৰিকাৰ সমৰ্থন, আৰু কোৱেইটত আক্ৰমণৰ পিছতে ইৰাকৰ বিৰুদ্ধে প্ৰতিৱন্ধকতা আদি অন্তৰ্ভূক্ত হৈ আছিল ৷ লাডেনৰ উদ্দেশ্য আছিল মধ্য পূৰ্বত শাসনৰ সমীকৰণ সলনি কৰা ৷

আক্ৰমৰ বাবে ক’ৰ পৰা প্ৰেৰণা লাভ কৰিছিল লাডেনে

অল-কায়দাৰ দ্বাৰা প্ৰকাশিত এখন পত্ৰ ‘অল মসৰা’ত উল্লেখ কৰা হৈছিল লাডেনে 9/11 আক্ৰমণৰ প্ৰেৰণা ক’ৰ পৰা লাভ কৰিছিল ৷ অল-কায়দাই দাবী কৰিছিল যে ওচামা বিন লাডেনে 1999 ৰ বিমান দুৰ্ঘটনা য’ত মিচৰৰ এগৰাকী বিমান চালকে জানিবুজি বিমানখন আটলান্টিক মহাসাগৰত পেলাইছিল ৷ এই ঘটনাৰ পৰা লাডেনে 9/11 আক্ৰমণৰ প্ৰেৰণা লাভ কৰিছিল ৷

নিজৰ সাপ্তাহিক আলোচনী অল মসৰাত প্ৰকাশিত 'September 11 attacks - the story untold' শীৰ্ষক প্ৰৱন্ধটোত সন্ত্ৰাসবাদী সংগঠনটোৱে কৈছিল যে 11 ছেপ্তেম্বৰৰ আক্ৰমণৰ প্ৰেৰণা মিচৰৰ পাইলট গামিল অল-বাতুতীৰ কাহিনী আছিল ৷ এই দুৰ্ঘটনাত 100 গৰাকী মাৰ্কিন নাগৰিকৰ লগতে মুঠ 217 গৰাকী লোকৰ মৃত্যু হৈছিল ৷

অল মসৰাত উল্লেখ থকা অনুসৰি ওচামা বিন লাডেনে যেতিয়া এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰিছিল তেতিয়া তেওঁ প্ৰশ্ন কৰিছিল যে বিমান চালকে বিমানখন কাষৰ অট্টালকাত কিয় নেপেলালে ? অট্টালিকাক লক্ষ্য কৰি লোৱা ধৰণাটোৰ ভিত্তিতেই জেৰুজালেম পোষ্টে অল বাতুতিয়ে জানিবুজি বিমানখন দুৰ্ঘটনাত পতিত কৰা বুলি কয় ৷

যেতিয়া ওচামা খালিদে শ্বেখ মহম্মদক সাক্ষাৎ কৰিছিল যাক 9/11 আয়োগৰ ৰিপোৰ্ট অনুসৰি 9/11 আক্ৰমণৰ মুখ্য স্থাপতিবিদ হিচাপে কোৱা হৈছিল তেতিয়া তেৱেই এই আক্ৰমণৰ বাবে অতিৰিক্ত আঁচনি প্ৰস্তুত কৰে ৷ এই আঁচনিতেই আমেৰিকান বিমানক দুৰ্ঘটনাগ্ৰস্ত কৰাটো অন্তৰ্ভূক্ত হৈ আছিল ৷

ওচামাৰ আগত নিজৰ আঁচনি উপস্থাপন কৰাৰ পূৰ্বে শ্বেখ মহম্মদে 12 আমেৰিকান বিমানক একেলগে দুৰ্ঘটনাগ্ৰস্ত কৰাৰ আঁচনিত কাম কৰিবলৈ আৰম্ভ কৰে ৷ অল-কায়দাৰ দ্বাৰা কাৰ্যকৰী কৰা চূড়ান্ত আক্ৰমণটো শ্বেখ মহম্মদ আৰু ওচামাৰ চিন্তাৰ এক সংযোজন আছিল ৷

9/11 আক্ৰমণত হতাহৰ সংখ্যা

এই ঘটনাত নিউয়ৰ্ক, ৱাশ্বিংটন ডি চি আৰু পেনচিলভানিয়াৰ মুঠ 2977 গৰাকী লোকৰ মৃত্যু হয় ৷ ঘটনাত নিহত হোৱা লোকৰ ভিতৰত 2 বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি 85 বছৰীয়া বৃদ্ধও আছিল ৷ আক্ৰমণত নিহত 75ৰ পৰা 85 শতাংশ লোকেই আছিল পুৰুষ ৷

আনহাতে, পেন্টাগনত 184 গৰাকী লোকৰ মৃত্যু তেতিয়াই হয় যেতিয়া বিমানখন হাইজেক কৰা হৈছিল ৷ ইয়াৰ বিপৰীতে 77 গৰাকী লোকৰ মৃত্যু হয় বিমানখনে অট্টালিকাত খুন্দিওৱাৰ সময়ত ৷ পেনচিলভানিয়াত 40 গৰাকী যাত্ৰী আৰু ইউনাইটেড বিমানৰ 93 গৰাকী ক্ৰু মেম্বাৰৰ মৃত্যু হয় ৷

আক্ৰমণৰ ফলত পৰা অৰ্থনৈতিক প্ৰভাৱ

9/11ৰ আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত আৰু ইয়াক কাৰ্যকৰী কৰোতে অল-কায়দাৰ ব্যয় হৈছিল প্ৰায় 500,000 মাৰ্কিন ডলাৰ ৷ আনহাতে, নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ টাৱাৰৰ ধ্বংসৰ লগতে পিছৰ কেইটামান বছৰত এয়াৰলাইন যাত্ৰা নিম্নগামী হোৱাৰ ফলত পৰৱৰ্তী 2ৰ পৰা 4 সপ্তাহত আনুমানিক 123 বিলিয়ন ডলাৰৰ আৰ্থিক লোকচান হয় ৷

ইয়াৰ উপৰিও ওচৰৰ পাজৰৰ অট্টালিকাসমূহ ধ্বংস হোৱাৰ লগতে মেট্ৰ’ সুবিধাত হোৱা লোকচানৰ সৈতে WTC site damage আছিল প্ৰায় 60 বিলিয়ন ডলাৰ ৷ আমেৰিকান কংগ্ৰেছৰ দ্বাৰা 14 ছেপ্তেম্বৰ 2001ত স্বীকৃতি দিয়া জৰুৰীকালীন সন্ত্ৰাসবাদ বিৰোধী পোকেজৰ বাবদ প্ৰায় 40 বিলিয়ন ডলাৰৰ ধন আবন্টন দিয়া হৈছিল ৷

লগতে এয়াৰলাইনক পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছৰ দ্বাৰা 15 বিলিয়ন ডলাৰৰ সাহাৰ্য প্ৰদান কৰা হৈছিল ৷ 9/11 আক্ৰমণৰ পিছত 9.3 বিলিয়ন ডলাৰৰ বীমা ক্লেইম পোহৰলৈ আহিছিল ৷ কেৱল নিউয়ৰ্ক চহৰতে এমাহত 1,43,000 লোকে চাকৰি হোৰুৱায় আৰু প্ৰথম তিনি মাহত 2.8 বিলিয়ন ডলাৰৰ দৰমহা হেৰুৱায় ৷ সকলোতকৈ বেছি প্ৰভাৱ পৰে বিত্ত আৰু বিমান পৰিৱহনত ৷ এই দুয়ো ক্ষেত্ৰতে প্ৰায় 60 শতাংশ লোকে চাকৰি হেৰুৱায় ৷

আমেৰিকাই কেনদৰে দিলে এই আক্ৰমণৰ প্ৰত্যুত্তৰ

আক্ৰমণৰ এমাহৰো কম সময়ৰ ভিতৰত তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ ডাব্লিউ বুশ্বে ‘অপাৰেশ্যন এণ্ডোৰিং ফ্ৰিডম’ (Operation Enduring Freedom) আৰম্ভ কৰে ৷ ইয়াৰ উদ্দেশ্য আছিল আফগানিস্তানত তালিবানী শাসন ওফৰাই তাত থকা অল-কায়দাৰ নেটৱৰ্কসমূহ নষ্ট কৰাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় প্ৰায়স ৷

অপাৰেশ্যন এণ্ডোৰিং ফ্ৰিডমে দুমাহৰ ভিতৰতে তালিবানৰ গাদীচ্যুত কৰে ৷ যদিও আমেৰিকান সৈন্যই তালিবানৰ প্ৰভাশালী ৰূপে গাদীচ্যুত কৰিছিল কিন্তু যুদ্ধ তেতিয়াও অব্যাহত আছিল কাৰণ মিত্ৰজোঁটৰ সেনাই পাকিস্তানৰ পৰা তালিবান বিৰোধী অভিযানৰ বিৰুদ্ধে যুঁজ দি আছিল ৷

2011 অৱশেষত আমেৰিকান সৈন্যই পাকিস্তানত ওচামা বিন লাডেনক বিচাৰি উলিয়াই হত্যা কৰে ৷

9/11 আক্ৰমণৰ আন এগৰাকী আঁচনি প্ৰস্তুকাৰী খালিদ শ্বেখ মহম্মদক 2003 চনত পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয় ৷ তেওঁ তেতিয়াৰ পৰাই আমেৰিকাৰ গ্বাতানামোত কাৰাবন্দী হৈ আছে আৰু বৰ্তমানো ট্ৰায়েলৰ প্ৰতিক্ষাত আছে ৷

আফগানিস্তানত 20 বছৰ থকাৰ পিছত 2021 চনত আমেৰিকাই দেশখনৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰে আৰু ইয়াৰ পিছতেই তালিবান পুনৰবাৰৰ বাবে শাসনত অধিষ্ঠিত হয় ৷

9/11 আক্ৰমণৰ পিছত অল-কায়দা

চিৰিয়াত অল-কায়দাৰ শাখাক তেওঁলোকৰ প্ৰতিদ্বন্দীয়ে ধ্বংস কৰি দিয়ে ৷ লাডেনৰ মৃত্যুৰ পিছতে অল-কায়দাই বিদ্ৰোহীৰ দ্বাৰা পৰাজিত হয় আৰু তেওঁলোকৰ উত্তৰ আফ্ৰিকা শাখাৰ নেতাগৰাকী ফ্ৰান্সৰ আক্ৰমণকত নিহত হয় ৷ বৰ্তমানেও তেওঁলোকে নিজৰ উত্তৰাধিকাৰী পোৱা নাই ৷

অল-কায়দাৰ নেতা আয়মান অল জৱাহিৰীয়ে কেইবা মাহলৈ অনুপস্থিত থকাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰি লোৱা হয় ৷ অল-কা.দাৰ প্ৰতিষ্ঠাপক ওচামা বিন লাডেনৰ পুত্ৰ নামিত বৰিচ হামজা বিন লাডেনৰ 2019 চনত আফগানিস্তান-পাকিস্তান সীমাত চলোৱা এক সন্ত্ৰাসবাদ বিৰোধী অভিযানত মৃত্যু হয় ৷

2021 চনত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই কংগ্ৰেছক কয় যে,অল কায়দাৰ জ্যেষ্ঠ নেতৃত্বই যোৱা কেইটামান বছৰত যথেষ্ট লোকচানৰ সন্মুখীন হয়৷ কিন্তু তেওঁলোকে ধাৰণা কৰিছে যে সংগঠনটোৰ অন্য নেতাসকলে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰি থাকিব আৰু বিভিন্ন ক্ষেত্ৰত সংঘৰ্ষৰ সুবিধা লৈ থাকিব ৷

লগতে পঢ়ক : ম'ষ্ট ৱান্টেড তালিকাত থকা Global Terrorist আফগানিস্তানৰ নতুন আভ্যন্তৰীণ মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.