আৰম্ভ কৰা হ’ল পোছাক বিতৰ্কৰ আনুষ্ঠানিক তদন্ত

author img

By

Published : Sep 19, 2021, 10:06 PM IST

official inquiry on half pant controversy

দেওবাৰৰে পৰা আৰম্ভ হৈছে পোছাক (হাফপেণ্ট) বিতৰ্কৰ আনুষ্ঠানিক তদন্ত ৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দীন ডঃ জয়ন্ত ডেকাৰ অধ্যক্ষতাত তিনিজনীয়া কমিটিয়ে দেওবাৰে তেজপুৰস্থ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

তেজপুৰ, 19 ছেপ্টেম্বৰ : যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দীন ডঃ জয়ন্ত ডেকাৰ অধ্যক্ষতাত তিনিজনীয়া কমিটিয়ে দেওবাৰে তেজপুৰস্থ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে হাফ পেন্টক লৈ তলি থকা বিতৰ্কৰ । তদন্ত কমিটিৰ অধ্যক্ষ ড৹ জয়ন্ত ডেকাৰ লগতে, ড৹ বি কে শৰ্মা আৰু ড৹ আৰ এন বৰ্মনৰ নেতৃত্বত আৰম্ভ হৈছে এই তদন্ত । তেওঁ কয় যে, তদন্ত প্ৰক্ৰিয়া দেওবাৰৰে পৰা আৰম্ভ হৈছে গতিকে এই তদন্তৰ শেষত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ।

আনহাতে, যোৱা ১৫ ছেপ্টেম্বৰত তেজপুৰ গিৰিজা নন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিত অনুষ্ঠিত পৰীক্ষাৰ নিৰীক্ষক গৰাকী বৰ্তমানেও নিজৰ স্থিতিত অটল আছে । হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থী গৰাকীক বাধা প্ৰদান কৰা বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব থকা তিনি গৰাকী নিৰীক্ষকে এই সম্পৰ্কত সেইদিনা লোৱা স্থিতিত এতিয়াও অটল থকাৰ কথা জানিব পৰা গৈছে ।

আৰম্ভ কৰা হ’ল হাফপেণ্ট বিতৰ্কৰ আনুষ্ঠানিক তদন্ত

তদন্ত কমিটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিবলৈ আহিল অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাৰ নিৰীক্ষক ক্ৰমে জে.এন প্ৰধানী, দীপাংকৰ শ‌ইকীয়া, আৰু ৰেজাউল ইছলাম ৷ সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত নিৰীক্ষকজনে স্পষ্টকৈ জনালে যে, বিশ্ববিদ্যালয়ৰ প্ৰচপেক্টতাচত স্পষ্টভাৱে সাজপাৰ সম্পৰ্কে উল্লেখ আছে আৰু সেইবাবেই ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক : NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.