ETV Bharat / state

এটা কাৰ্টুনে এখন সমাজৰ বিবেকক জোকাৰি দিব পাৰে : ড৹ কুলধৰ শইকীয়া

author img

By

Published : Sep 19, 2021, 9:56 PM IST

a-cartoon-can-be-tremble-the-society-dr-kuladhar-saikia
এটা কাৰ্টুনে এখন সমাজৰ বিবেকক জোকাৰি দিব পাৰে: ড৹ কুলধৰ শইকীয়া

সবল শক্তিমান বৃহত্তৰ অসমীয়া জাতি এটা গঢ় দিবলৈ হ’লে আমি আমাৰ সুক্ষ্ম চিন্তা চেতনাবোৰ সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰিব লাগিব ৷ কাৰ্টুনিষ্টসকলৰ যি চিন্তা চেতনা সেই চিন্তা চেতনাই আমাৰ সমাজৰ দিক নিৰ্ণয় কৰিব ৷ এই মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই ৷

গুৱাহাটী, 19 ছেপ্টেম্বৰ : ‘‘সংবাদ মাধ্যমত কাৰ্টুন সাংবাদিকতা অত্যন্ত সবল শক্তিমান উপাদান ৷ উপযুক্ত মান মৰ্যদাৰে এই উপাদান শক্তিশালী কৰি অসমৰ সংবাদ ক্ষেত্ৰকো অধিক শক্তিশালী ৰূপে গঢ় দিব পাৰি ৷’’ অসম সাহিত্য সভাৰ সৃষ্টিৰ চ’ৰাঘৰ (কাৰ্টুনিষ্টৰ সান্নিধ্যত অংকন আৰু অভিজ্ঞতা) শীৰ্ষক এটি মাহেকীয়া অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা এই মন্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই ৷

a-cartoon-can-be-tremble-the-society-dr-kuladhar-saikia
কাৰ্টুন প্ৰস্তুত কৰাত ব্যস্ত দুই কাৰ্টুনিষ্ট

উল্লেখ্য যে, সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত দোওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত ড৹ শইকীয়াই লগতে কয় যে, সবল শক্তিমান বৃহত্তৰ অসমীয়া জাতি এটা গঢ় দিবলৈ হ’লে আমি আমাৰ সুক্ষ্ম চিন্তা চেতনাবোৰ সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰিব লাগিব ৷ কাৰ্টুনিষ্টসকলৰ যি চিন্তা চেতনা সেই চিন্তা চেতনাই আমাৰ সমাজৰ দিক নিৰ্ণয় কৰিব ৷

আজিৰ এই অনুষ্ঠান আয়োজন কৰি কাৰ্টুনিষ্টসকলক সন্মানিত কৰাই নহয় তেওঁলোকৰ চিন্তা চেতনাকো অধিক গুৰুত্ব দিয়া হৈছে ৷ অনুষ্ঠানত আমন্ত্ৰিত কাৰ্টুনিষ্টৰূপে সমবেতসকলৰ সৈতে মত বিনিময় কৰে ক্ৰমে চম্পক বৰবৰা, চিৰঞ্জীৱ দত্ত, নৱপ্ৰতিম দাস, প্ৰদীপ নাথ, উৎপল বৰা, উৎপল তালুকদাৰ, নিতুপৰ্ণ ৰাজবংশী আৰু দিগন্ত বিজয়ে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক সাংবাদিক প্ৰকাশ মহন্ত ৷ অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁতধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃ অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.