ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 2, 2021, 7:03 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ আদিৰ পৰা আমদানীকৃত নেতাৰ ভিৰত বিজেপি দলটোত এতিয়া প্ৰায় গুৰুত্বহীন হৈ পৰিছে পুৰণি বহু নেতা । শেহতীয়াকৈ ৰাজ্যৰ ছটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো এই পৰ্যন্ত নিশ্চিত হৈছে । এই ছটা‌ সমষ্টিৰ উপ-নিৰ্বাচনত একাংশ পুৰণি বিজেপি নেতা পুনৰবাৰ বঞ্চিত হোৱাটো অৱধাৰিত হৈ পৰিছে ।

NMP ৰ অধীনত ব্যক্তিগতকৰণ হ’ব অসমৰ শ শ কোটি টকাৰ ৰাজহুৱা সম্পদ

এটাৰ পাছত আনটোকৈ ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰি ৬ লাখ কোটি টকা আহৰণেৰে ৰাজভঁৰাল চহকী কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে । আগন্তুক চাৰি বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনা (National Monetization Pipeline) চমুকৈ এন এম পিৰ অধীনত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ, ক্ৰীড়া প্ৰকল্প, বৈদ্যুতিক প্ৰকল্প আদি বিভিন্ন ৰাজহুৱা সম্পদ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানীক ব্যৱসায় কৰিবলৈ অৰ্পণ কৰিব ।

উজানবজাৰত চাঞ্চল্যকৰ হত্য‍াকাণ্ড:দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

বুধবাৰে দিন-দুপৰতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰাক লৈ উত্তপ্ত উজানবজাৰ । ঘটনা সন্দৰ্ভত আটক জেঠীয়েকৰ পুত্র আশিষ গুপ্তাসহ তিনিজন । স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত উজানবজাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লতাশিল থানাত বিক্ষোভ প্ৰদৰ্শন কৰে ।

বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা

বিতৰ্কত সোমাই পৰিছে কাৰ্বি আংলং জিলাৰ বোকাজানস্থিত লাহৰিজান চাহ বাগিছা ৷ বাগিচা খনৰ মালিকীস্বত্বক লৈ দুজন ব্যক্তিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ সমগ্ৰ ঘটনা ৷

কৰ্তব্য নিষ্ঠাৰ অনন্য নিদৰ্শন নগাঁৱৰ দুই চিকিৎসক

মানৱ সেৱাকে শ্ৰেষ্ঠ সেৱা বুলি গণ্য কৰি নগাঁৱৰ দুজন চিকিৎসকে বিগত 4 মাহে নিৰন্তৰ ভাৱে আগবঢ়াই গৈছে ক'ভিড-19 ৰ চিকিৎসা সেৱা ৷ যোৱা 4 মাহে পৰিয়ালৰ পৰা আঁতৰি আছে দুয়োগৰাকী চিকিৎসক ৷

গুৱাহাটী বিমান বন্দৰত ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে আটক আৰবাজুদ্দিন

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দলে গুৱাহাটী বিমানবন্দৰত এজন ভাৰতীয় যাত্ৰীৰ পৰা ৯০,০০০ আমেৰিকান ডলাৰ উদ্ধাৰ কৰিছে । চি.আই.এছ.এফে অভিযুক্তজনক কৰা জেৰাত লোকজনে বৃহৎ পৰিমাণৰ ধনখিনি কঢ়িয়াই নিয়াৰ কোনো বৈধ নথি প্ৰদৰ্শন কৰিব নোৱাৰাৰ পিছত ধনখিনি সহ তেওঁক কাষ্টমছক গতাই দিলে চি.আই.এছ.এফে ৷

লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা ভাৰতীয় জীৱন বীমা নিগমৰ

ভাৰতীয় জীৱন বীমা নিগমৰ ৬৫ বছৰীয়া যাত্ৰা উপলক্ষ্যে ইঞ্চুৰেঞ্চ সপ্তাহ পালন কৰা হৈছে । এই বিশেষ মুহূৰ্তত ভাৰতীয় জীৱন বীমা নিগমে সম্বৰ্ধনা জ্ঞাপন কৰিছে বক্সাৰ লাভলীনা বৰগোঁহাইক । বীমা নিগমে অনুদানো আগবঢ়াইছে লাভলীনাক ।

মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অতি দুৰ্গম অঞ্চল মতিঝোৰা প্ৰথম খণ্ড গাঁৱত । ডাইনী সন্দেহত পুত্ৰই নিজ মাতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পেলাই দিয়ে ঘন জংঘলত ৷

DNLAক আলোচনাৰ মেজলৈ অহাৰ আহ্বান ডিমাচা দল-সংগঠনৰ

ডিএনএলএ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ এৰি সমাজৰ মূল সুঁতি লৈ ঘূৰি অহাৰ আহ্বান ৷ জাদিখে নাইছ হচমৰ উপ-সভাপতি সৰ্বজিত থাওচেনৰ লগতে ডিমাচা ছাত্ৰ সংগঠনে জনালে এই আহ্বান ৷

ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে ?

কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে । সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী গৰাকীৰ তৃণমূলত যোগদানৰ লগে লগে ত্ৰিপুৰাত দলটোৱে শক্তিশালী ৰূপত থিয় দিব পাৰিব বুলি আশা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.