মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

author img

By

Published : Sep 2, 2021, 4:38 PM IST

Updated : Sep 2, 2021, 5:07 PM IST

witch-hunting-case-in-kokrajhar

পুনৰ ৰাজ্যত সংঘটিত হৈছে ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড ৷ নিজ মাতৃকে ডাইনী সন্দেহত কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই ৷

পশ্চিম বিলাসীপাৰা, 2 ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অতি দুৰ্গম অঞ্চল মতিঝোৰা প্ৰথম খণ্ড গাঁৱত । ডাইনী সন্দেহত পুত্ৰই নিজ মাতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পেলাই দিয়ে ঘন জংঘলত ৷ বুধবাৰে নিশা টিপকাই আৰক্ষীয়ে ঘন জংঘলৰ পৰা উদ্ধাৰ কৰে দুৰ্ভগীয়া মহিলা গৰাকীৰ মৃতদেহ ।

বৃহস্পতিবাৰে, মহিলাগৰাকীৰ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিছতে, হত্যাকাৰী মংগল মুৰ্মুক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোত লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । ইফালে সাংবাদিকৰ আগত হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ কৰে নিহত মহিলাগৰাকীৰ পুত্ৰ মংগল মুৰ্মুই ।

মা ডাইনী আছিল সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

নিজৰ মাতৃ ডুমনি মাৰ্ডী(৬০)ক এগৰাকী ডাইনী হোৱাৰ বাবে এইদৰে হত্যা কৰা বুলি অৱগত কৰে হত্যাকাৰী পুত্ৰই ৷

মংগলৰ মতে কিছুদিন পূৰ্বে ডুমনি মাৰ্ডীয়ে ডাইনী হৈ হত্যা কৰিছিল নিজৰ বিবাহিতা কন্যাক ৷ নিজৰ বায়েকক এইদৰে ডাইনী মাতৃয়ে হত্যা কৰাৰ বাবে কুঠাৰেৰে ঘপিয়াই মাতৃক হত্যা কৰে বুলি মংগলে স্বীকাৰোক্তি প্ৰদান কৰে ৷ আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো এনে অন্ধবিশ্বাসৰ বলি হৈ নিজ পুত্ৰই মাতৃক হত্যা কৰা ঘটনাই সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য, সময়ে সময়ে এইদৰে ডাইনী হত্যাৰ ঘটনা ঘটিয়েই আছে, বিগত মাহত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত এগৰাকী ষাঠি বছৰীয়া মহিলা বেলা মাৰ্ডিক ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা কৰা হৈছিল বুলি গাঁৱৰ ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল । এই জঘন্য হত্যাকাণ্ডটোৰ সৈতেও মহিলা গৰাকীৰ পৰিয়ালৰ লোক জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে ।

লগতে পঢ়ক : অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

Last Updated :Sep 2, 2021, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.