গুৱাহাটী বিমান বন্দৰত ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে আটক আৰবাজুদ্দিন

author img

By

Published : Sep 2, 2021, 5:39 PM IST

indian-passenger-arrested-with-90-thousand-us-dollars-at-guwahati-airport

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দলে গুৱাহাটী বিমানবন্দৰত এজন ভাৰতীয় যাত্ৰীৰ পৰা ৯০,০০০ আমেৰিকান ডলাৰ উদ্ধাৰ কৰিছে । চি.আই.এছ.এফে অভিযুক্তজনক কৰা জেৰাত লোকজনে বৃহৎ পৰিমাণৰ ধনখিনি কঢ়িয়াই নিয়াৰ কোনো বৈধ নথি প্ৰদৰ্শন কৰিব নোৱাৰাৰ পিছত ধনখিনি সহ তেওঁক কাষ্টমছক গতাই দিলে চি.আই.এছ.এফে ৷

নেশ্বনেল ডেস্ক, 2 ছেপ্টেম্বৰ : গুৱাহাটী বিমান বন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(central industrial security force )ৰ এটা দলে এজন ভাৰতীয় যাত্ৰীক ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে ধৰা পেলাইছে । অভিযুক্ত লোক জনক আৰবাজুদ্দিন বুলি চিনাক্ত কৰা হৈছে । উদ্ধাৰ হোৱা আমেৰিকান ডলাৰৰ ভাৰতীয় মূল্য ৬৫.৭০ লাখ টকা বুলি কোৱা হৈছে ৷

চি.আই.এছ.এফ.(CISF)ৰ এজন মুখপাত্ৰৰ মতে, ফ্লাইট নম্বৰ ২৫-৭৮৩ যোগে গুৱাহাটী বিমানবন্দৰৰ পৰা ইম্ফললৈ যাত্ৰা কৰা লোক জনৰ বেগৰ এক্স-ৰে স্কেনিং(X-ray scanning)ত কিছু সন্দেহজনক ইমেজ লক্ষ্য কৰাৰ পিছত চিকিউৰিটি হোল্ড এৰিয়াত পৰীক্ষাৰ বাবে ৰখা হয় ৷ অৱশ্যে, যাত্ৰী জনৰ বেগৰ পৰা সন্দেহজনক একো উদ্ধাৰ হোৱা নাছিল ৷ কিন্তু চি.আই.এছ.এফ.ৰ বিষয়াই বেগটোৰ ওজন বেগটোত থকা বয়-বস্তুতকৈ বেছি হোৱা বুলি গম পাইছিল ৷

গুৱাহাটী বিমান বন্দৰত ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে আটক আৰবাজুদ্দিন

ইয়াৰ পিছত তেওঁৰ লাগেজৰ তলভাগ সন্দেহৱশত কাটি পেলোৱা হৈছিল ৷

ইয়াৰ লগ লগেই চি.আই.এছ.এফ. বাহিনীয়ে 90,000 আমেৰিকান ডলাৰ বেগটোৰ পৰা উদ্ধাৰ কৰিছিল । ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমান ৬৫ লাখ ৭০ হাজাৰ টকা । চি.আই.এছ.এফ.ৰ জেৰাত, লোকজনে এই দৰে বৃহৎ পৰিমানৰ ধনখিনি কঢ়িয়াই নিয়াৰ কোনো বৈধ নথি পত্ৰ দিব নোৱাৰিলে ৷ ইয়াৰ ওপৰত ভিত্তি কৰি চি.আই.এছ.এফে উদ্ধাৰ কৰা ডলাৰ খিনি জব্দ কৰে আৰু অভিযুক্তসহ গোটেইখিনি ধন কাষ্টমছক হস্তান্তৰ কৰে ।

লগতে পঢ়ক : মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.