ETV Bharat / city

ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

author img

By

Published : Sep 2, 2021, 6:21 PM IST

অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ আদিৰ পৰা আমদানীকৃত নেতাৰ ভিৰত বিজেপি দলটোত এতিয়া প্ৰায় গুৰুত্বহীন হৈ পৰিছে পুৰণি বহু নেতা । শেহতীয়াকৈ ৰাজ্যৰ ছটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো এই পৰ্যন্ত নিশ্চিত হৈছে । এই ছটা‌ সমষ্টিৰ উপ-নিৰ্বাচনত একাংশ পুৰণি বিজেপি নেতা পুনৰবাৰ বঞ্চিত হোৱাটো অৱধাৰিত হৈ পৰিছে ।

Old BJP leader to be deprived again
পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

গুৱাহাটী, ২ ছেপ্টেম্বৰ : আমদানীকৃত নেতাৰে ৰাজ্যৰ শাসকীয় দল বিজেপি এতিয়া ভৰি পৰিছে । ন-বিজেপি নেতাৰ ভৰত এতিয়া গেৰুৱা দল প্ৰায় ভাৰাক্ৰান্ত । অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ আদিৰ পৰা আমদানীকৃত নেতাৰ ভিৰত দলটোত এতিয়া প্ৰায় গুৰুত্বহীন হৈ পৰিছে পুৰণি বহু নেতা । শেহতীয়াকৈ ৰাজ্যৰ ছটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো এই পৰ্যন্ত নিশ্চিত হৈছে । এই ছটা‌ সমষ্টিৰ উপ-নিৰ্বাচনত একাংশ পুৰণি বিজেপি নেতা পুনৰবাৰ বঞ্চিত হোৱাটো অৱধাৰিত হৈ পৰিছে ।

লগতে পঢ়ক : মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ স্থিতিক কোনেও ওফৰাব নোৱাৰে : পীযুষ হাজৰিকা

উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনত মৰিয়নি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী জয়ী হৈছিল মাত্ৰ দুই আঢ়ৈ হাজাৰ ভোটৰ ব্যৱধানত । ৰূপজ্যোতি কুৰ্মীয়ে ২০২১ ৰ নিৰ্বাচনত ৪৭,৩০৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীয়ে পাইছিল ৪৪,৮৬২ টা ভোট । কিন্তু পুৰণি বিজেপি কৰ্মী ৰমণী তাঁতী এইবাৰ বঞ্চিত হোৱাটো নিশ্চিত । কিয়নো উপ-নিৰ্বাচনত মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী হ’ব ন-বিজেপি ৰূপজ্যোতি কুৰ্মী ।

Old BJP leader to be deprived again
ৰূপজ্যোতি কুৰ্মী

একেদৰে, বুধবাৰে এ আই ইউ ডি এফৰ পৰা আহি পোনে পোনে বিজেপিৰ বৰঘৰত সোমোৱা ফণী তালুকদাৰ ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব । ২০২১ ৰ নিৰ্বাচনত ভৱানীপুৰ বিজেপিয়ে মিত্ৰদল অগপক এৰি দিবলগীয়া হৈছিল । অগপ প্ৰাৰ্থী ৰঞ্জিৎ ডেকা পৰাজিত হৈছিল এ আই ইউ ডি এফৰ ফণী তালুকদাৰৰ হাতত । ব্যৱধান আছিল মাত্ৰ তিনি হাজাৰ ভোট । অগপক সমষ্টিটো এৰি দিয়াৰ বাবে ভবানীপুৰত ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এৰি আহি বিজেপিত যোগ দিয়া মনোজ বৰুৱা ।

Old BJP leader to be deprived again
ফণী তালুকদাৰ

লগতে পঢ়ক : সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

২০১৬ ৰ নিৰ্বাচনত কিন্তু ভবানীপুৰত বিজেপি প্ৰাৰ্থী হিচাপে মনোজ বৰুৱাই লাভ কৰিছিল ২২,৩১৩ টা ভোট । অৱশ্যে, এ আই ইউ ডি এফৰ হাতত তেওঁ পৰাজিত হ’বলগীয়া হৈছিল । এইবাৰো মনোজ বৰুৱাই "ত্যাগ" কৰিব লাগিব । কিয়নো ভবানীপুৰৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব ফণী তালুকদাৰ । একেই অৱস্থা হ’ব থাওৰাত প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীৰো । কিয়নো থাওৰাৰ উপ-নিৰ্বাচনত কুশল দুৱৰীৰ পৰিৱৰ্তে বিজেপিৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছ এৰি থৈ অহা সুশান্ত বৰগোহাঁই । ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে কুশল দুৱৰী মাত্ৰ সামান্য সংখ্যক ভোটৰ ব্যৱধানতহে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হাতত পৰাজিত হৈছিল ।

Old BJP leader to be deprived again
সুশান্ত বৰগোহাঁই

বিজেপি দলত পুৰণি বিজেপি বঞ্চিত হোৱাৰ অনেক কাহিনী আছে ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সভাপতিত্বৰ কালতে বিজেপিত যোগ দিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু সেই সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া প্ৰায় গুৰুত্বহীন বিজেপিত ৷ একেদৰে, বঞ্চিত নায়কৰ সাজ পিন্ধা আন এগৰাকী পুৰণি বিজেপি নেতা হৈছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৷ অসমত যেতিয়া বিজেপিৰ ভেটি মজবুত নাছিল তেতিয়াৰ পৰাই এইগৰাকী নেতাইও বিজেপিৰ হৈ সেৱা আগবঢ়াইছিল ৷ কেইবাবাৰো বিধায়ক হৈ জিকি অহা প্ৰশান্ত ফুকনে কিন্তু লাভ নকৰিলে মন্ত্ৰীত্ব ৷ অনুৰূপ ধৰণে, প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাজেন গোঁহায়ো এতিয়া বিজেপিৰ বাবে এলাগী হৈ পৰিছে ৷

লগতে পঢ়ক : এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.