ETV Bharat / state

সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

author img

By

Published : Jul 25, 2021, 1:59 PM IST

থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ নেতা সুশান্ত বৰগোঁহাই(congress MLA Sushanta Borgohain)য়ে বিজেপি দললৈ গমন কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা চলিছে । ইয়াকলৈ থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ নেতা কুশল দুৱৰীয়ে প্ৰকাশ কৰিছে‌ কেতবোৰ বিষ্ফোৰক মন্তব্য ।

contoversy-over-sushanta-borgohains-bjp-joinning-news
সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

শিৱসাগৰ, 25 জুলাই : শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিক (Thaora Constituency) লৈ অব্যাহত আছে ৰাজনৈতিক মেৰপেচ । বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থী সুশান্ত বৰগোঁহাই (congress MLA Sushanta Borgohain)য়ে বিজেপি দললৈ গমন কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা চলিছে । এনে সময়ত বিজেপি অথবা কংগ্ৰেছ দলৰ শীৰ্ষ সূত্ৰৰ পৰা কোনো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও আজি থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ নেতা কুশল দুৱৰী (Kushal Duori) কেতবোৰ বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰিছে‌ ।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন বিধায়ক(ex MLA) গৰাকীয়ে কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাইয়ে বিজেপি দলত যোগদান কৰিলে তেওঁৰ কৰণীয় সন্দৰ্ভত স্থিতি মুকলি কৰে । তেওঁ কয় যে, থাওৰা সমষ্টিৰ ৪৬ হাজাৰ ভোটাৰ তেওঁৰ পক্ষত আছে আৰু সময়ত প্ৰয়োজন সাপেক্ষে তেওঁ ভোটাৰ সকলৰ সৈতে আলোচনা কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব । তেওঁ এই বিষয়ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, এইবাৰৰ নিৰ্বাচিত ক‌ংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ কংগ্ৰেছ দল ত্যাগ সন্দৰ্ভত সিংহভাগ কংগ্ৰেছ কৰ্মীৰ সহমত নাই ।

সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

এনে অৱস্থাত যদিও বিজেপি দলৰ তৰফৰ পৰা কুশল দুৱৰীক একো জনোৱা হোৱা নাই তথাপিও তেওঁ ভৱিষ্যতৰ পট পৰিৱৰ্তনক বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ।

প্ৰাক্তন বিধায়ক গৰাকীৰ এই সাক্ষাৎকাৰে এটা কথা স্পষ্ট কৰি তুলিছে যে, থাওৰা সমষ্টিত কংগ্ৰেছ নেতা সুশান্ত বৰগোহাইৰ বিজেপি দলত যোগদানক কেন্দ্ৰ কৰি এক ধুমুহাৰ সৃষ্টি হৈছে । বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এনে সম্ভাবনাক কেন্দ্ৰ কৰি কঁকালত টঙালি বন্ধাৰ লগতে থাওৰা সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলো সাজু হৈছে সুশান্ত বৰগোঁহাইৰ বিৰোধৰ বাবে‌ । এনে পৰিস্থিতিত বিজেপি দলৰ শীৰ্ষ নেতৃত্ব তথা কংগ্ৰেছ দলৰ নেতা তথা থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে কি সিধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় । অৱশ্যে, বিজেপি দলৰ নেতা তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি দলৰ মজিয়াত হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.