ETV Bharat / state

বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

author img

By

Published : Jul 24, 2021, 9:57 PM IST

বিজেপি(BJP) গমনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সুশান্ত বৰগোহাঁইৰ । অৱশ্যে এই পৰ্যন্ত বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা নাই কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷

sushanta-borgohain to join bjp soon
বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

গুৱাহাটী, ২৪ জুলাই : কংগ্ৰেছ ত্যাগ কৰি কেতিয়া গেৰুৱা বসন পিন্ধিব থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে (sushanta borgohain) ? সম্প্ৰতি ৰাজ্যৰ কংগ্ৰেছ (congress) আৰু বিজেপি (BJP) উভয় ৰাজনৈতিক দলৰ বাহিৰে-ভিতৰে ইয়াকে কেন্দ্ৰ কৰি চলিছে তুমুল চৰ্চা আৰু জল্পনা কল্পনা । ইতিমধ্যে বিজেপি গমনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সুশান্ত বৰগোহাঁইৰ । অৱশ্যে এই পৰ্যন্ত বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা নাই কংগ্ৰেছ বিধায়ক গৰাকীয়ে ।

কিন্তু, ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি বৰ্তমান যিহেতু বিধানসভাৰ বাজেট অধিৱেশন চলি আছে গতিকে বাজেট অধিৱেশন শেষ হোৱাৰ পিছতহে আনুষ্ঠানিকভাৱে সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে । কেতবোৰ কাৰিকৰী কাৰণতে এনে হোৱাৰ সম্ভাৱনা প্ৰৱল । কিয়নো দল সলনি কৰাৰ লগে লগে সাংবিধানিক বিধি অনুসৰি ত্যাগ কৰিব লাগিব বিধায়ক পদ ।

ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (himnta biswa sarma) সৈতে ইতিমধ্যে কেইবাবাৰো আলোচনাত মিলিত হৈছে সুশান্ত বৰগোহাঁই (Sushanta Borgohain) । কিন্তু বিশেষ কোনো পৰিস্থিতিগত কাৰণত বাজেট অধিৱেশনৰ মাজতো গেৰুৱা সাজ পিন্ধিব পাৰে কংগ্ৰেছ বিধায়ক গৰাকীয়ে । উল্লেখযোগ্য যে, ইটোৰ পাছত সিটো গৃহকন্দলত বিধ্বস্ত অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress) । কিছুদিন পূৰ্বে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ পাছতে পুনৰ কংগ্ৰেছৰ দুৰ্গ কঁপাই অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীসহ ভাৰতীয় জনতা পাৰ্টীত (BJP) যোগদান কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ড৹ জুৰি শৰ্মা বৰদলৈয়ে (Juri Sarma Bordoloi) ।

বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita) উপস্থিতিত এক যোগদান অনুষ্ঠানত সদ্য প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী তথা গুৱাহাটী জিলাৰ সভানেত্ৰী ড৹ জুৰি শৰ্মা বৰদলৈয়ে সদলবলে যোগদান কৰে ।

লগতে পঢ়কঃ Tokyo Olympics: মণিপুৰৰ মীৰাবাই চানুৱে আনিলে প্ৰথমটো ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.