ETV Bharat / sports

Tokyo Olympics: মণিপুৰৰ মীৰাবাই চানুৱে আনিলে প্ৰথমটো ৰূপৰ পদক

author img

By

Published : Jul 24, 2021, 12:44 PM IST

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে Tokyo Olympics ত মহিলাৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথম ৰূপৰ পদক লাভ কৰে । টকিঅ’ অলিম্পিকত এয়া ভাৰতৰ প্ৰথমটো সফলতা অৰ্জন ৷

India's star weightlifter Mirabai Chanu wins silver for India
মীৰাবাই চানুৱে লাভ কৰিছে ৰূপৰ পদক

স্প’ৰ্টছ ডেস্ক, 24 জুলাই : দেশবাসীৰ বাবে এক সুখবৰ ৷ ৰিঅ’ অলিম্পিকৰ পাঁচ বছৰৰ পাছত টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ প্ৰত্যাৱৰ্তন ৷ শনিবাৰে পুৱা এই সুখবৰ কঢ়িয়াই আনে মণিপুৰৰ ভাৰোত্তলক মীৰাবাই চানুৱে ৷ খেলুৱৈগৰাকীয়ে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক জয়ী কৰে ৷

মহিলাৰ 49 কেজি ভাৰোত্তোলক শাখাত মীৰাবাইয়ে লাভ কৰে এই পদক ৷ দ্বিতীয়স্থান প্ৰাপ্ত মীৰাবাইয়ে তেওঁৰ প্ৰথম ক্লিন এণ্ড জাৰ্ক প্ৰয়াস নিৰ্ণায়কত সফলতাৰে 110 কিল’গ্ৰাম ভাৰ উত্তোলন কৰিছিল ৷ মণিপুৰী ট্ৰেলব্লেজাৰ গৰাকীয়ে ১১৫ কিল’গ্ৰাম উত্তোলন থকা স্বত্বেও অলিম্পিকৰ ৰূপৰ পদক অৰ্জন কৰে ।

লগতে পঢ়ক: টকিঅ' অলিম্পিক সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.