টকিঅ' অলিম্পিক সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

author img

By

Published : Jul 23, 2021, 4:56 PM IST

Tokyo Olympic

আজিৰে পৰা আৰম্ভ হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক ৷ ক’ভিড মহামাৰীৰ বাবে এবছৰ পলমকৈ অনুষ্ঠিত হৈছে ‘টকিঅ' অলিম্পিক 2020’ ৷ ‘টকিঅ' অলিম্পিক 2020’ আমাৰ মনত উদয় হোৱা কেইটামান গুৰুত্বপূৰ্ণ উত্তৰ দিবলৈ ইটিভি ভাৰতৰ এই বিশেষ প্ৰয়াস

স্পৰ্টছ ডেস্ক, ২৩ জুলাই : মহামাৰীৰ বাবে ২০২০ চনত হ'বলগীয়া অলিম্পিকৰ কাৰ্যসূচী বাতিল কৰা হৈছিল । বিশ্ববাসীয়ে পৰিস্থিতি সুস্থিৰ হ'লে এই মেগা ক্ৰীড়া ইভেণ্টটো অনুষ্ঠিত হোৱাৰ আশা কৰিছিল যদিও পৰিস্থিতি সম্পূৰ্ণ সুস্থিৰ নহ'ল ।

এবছৰ পাছত টকিঅ' সম্পূৰ্ণ সাজু হোৱাৰ সময়তে আয়োজক চহৰ খনতো পুনৰ কৰ'ণাৰ নতুন সংক্ৰমণ আৰম্ভ হয় । অৱশ্যে তাৰ মাজতে টকিঅ' প্ৰশাসনে অলিম্পিক আয়োজন কৰিবলৈ সিদ্ধান্ত ল'লে আৰু ইতিমধ্যে আৰম্ভ হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক (Olympic)। জাপানৰ ৰাষ্ট্ৰপতি থমাছ বাকে ইতিমধ্যে অনুষ্ঠানটোক "আশাৰ খেল" বুলি অভিহিত কৰিছে যদিও জাপানৰ একাংশ লোক অলিম্পিক অনুষ্ঠিত কৰাৰ বিৰোধী । অৱশ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে (International Olympic Committee) ক্ৰীড়া প্ৰদৰ্শনেৰে জনসাধাৰণৰ মন জয় কৰাৰ আশা কৰিছে ।

কিন্তু টকিঅ' অলিম্পিক (Tokyo Olympics 2020) সন্দৰ্ভত আপুনি জানিবলগীয়া কিছুমান কথা আছে আৰু সেই কথাবোৰ সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰয়াস ।

প্ৰশ্ন : ২০২০ টকিঅ' অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হৈছে ?

উত্তৰ: টকিঅ' ২০২০ অলিম্পিক আৰম্ভ হৈছে ২০২১ চনৰ ২৩ জুলাইৰ পৰা । ৮ আগষ্টলৈ চলিব এই ক্ৰীড়া প্ৰতিযোগিতা । অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ২৩ জুলাইত আৰু সামৰণি অনুষ্ঠান ৮ আগষ্টত অনুষ্ঠিত হ'ব । অৱশ্যে ছফ্টবল, আৰ্চাৰী আদি প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে অৰ্থাৎ জিৰ' আৱাৰত অনুষ্ঠিত হৈছে ।

প্ৰশ্ন : টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান কেতিয়া ?

উত্তৰ: টকিঅ' অলিম্পিক ২০২০ৰ উদ্বোধনী অনুষ্ঠান ২৩ জুলাইত জাপান ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ।

প্ৰশ্ন : কিমানখন দেশে ইয়াত অংশগ্ৰহণ কৰিছে ?

উত্তৰ: ২০৬ খন ।

প্ৰশ্ন : কিমান গৰাকী খেলুৱৈয়ে ভাগ লৈছে এই অলিম্পিকত ?

উত্তৰ: ৪১ টা ভিন্ন শিতানত ১১,০৯১ গৰাকী খেলুৱৈয়ে অংশ লৈছে ।

প্ৰশ্ন : গ্ৰীষ্মকালীন অলিম্পিকৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ কি কি ?

উত্তৰ: বিভিন্ন শ্ৰেণীৰ ৩০ টাতকৈও অধিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হ'ব ।

তালিকাখন উল্লেখ কৰা হ'ল : একুৱেটিক (৪৯), আৰ্চাৰী (৫), এথলেটিকছ (৪৮), বেডমিণ্টন (৫), বেছবল/চফ্টবল (২), বাস্কেটবল (৪), বক্সিং (১৩), কেনোয়িং (১৬), চাইক্লিং (২২), অশ্বাৰোহী (৬), ফেন্সিং (১২), ফিল্ড হকী (২), ফুটবল (২), গল্ফ (২), জিমনাষ্টিক (১৮), হেণ্ডবল (২), জুডো (১৫), কাৰাটে (৮), পেণ্টাথলন (২), ৰোয়িং (১৪), ৰাগবী (২), চেইলিং (১০), শ্বুটিং (১৫), স্কেটবৰ্ডিং (৪), স্পোৰ্ট ক্লাইম্বিং (২), চাৰ্ফিং (২), টেবুল টেনিছ (৫), টাইকোৱাণ্ডো (৮), টেনিছ (৫), ট্ৰাইথলন (৩), ভলীবল (৪), ভাৰোত্তোলন (১৪) আৰু কুস্তি (১৮)।

প্ৰশ্ন :ভাৰতীয় দলটো কেনেধৰণৰ হ'ব ?

উত্তৰ: ভাৰতে সৰ্বাধিক ১২৭ গৰাকী খেলুৱৈক খেললৈ প্ৰেৰণ কৰিছে । এইবাৰ দলটোৱে দুটা অংকত পদক জিকিব বুলি আশা কৰা হৈছে । আৰম্ভণিৰ পৰাই ভাৰতে শ্বো-পিচ ইভেণ্টত (showpiece event) মাত্ৰ ২৮ টা পদক জিকিবলৈ সক্ষম হৈছে আৰু যদি দেশখনে সঁচাকৈয়ে এটা সংস্কৰণত দুটা অংকত পদক জিকিবলৈ সক্ষম হয় তেন্তে ই দেশৰ বাবে গৌৰৱৰ বিষয় হ'ব । ভাৰতীয় দলটোত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ এক নিখুঁত মিশ্ৰণ আছে ।

১৫ জনীয়া সদস্যৰে গঠিত শ্বুটিং দলটো বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি আশা কৰা হৈছে । মেৰী কম আৰু অমিত পাংঘালক লৈ গঠিত বক্সিং দলটোৱেও গেমছত দেশক উজলাব বুলি আশা কৰা হৈছে আৰু শ্বুটিঙৰ বাহিৰেও বক্সিঙত পদক লাভৰ আশা কৰা হৈছে । কুস্তি, টেনিছ, টেবুল টেনিছ, গল্ফ আৰু সাঁতোৰত এজনকৈ ভাৰতীয়ই অংশগ্ৰহণ কৰিছে আৰু প্ৰথমবাৰৰ বাবে দেশখনে বেছিভাগ ক্ৰীড়াত অংশগ্ৰহণকাৰী প্ৰেৰণ কৰিছে ।

অলিম্পিকত ভাৰতৰ হকী দলটোৱে ১৯৮০ চনৰ পৰা পদকৰ আশাত আছে আৰু যোৱা ২০ বছৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে বিশেষ প্ৰতিশ্ৰুতিৰে খেলত প্ৰৱেশ কৰিছে । মনপ্ৰীত সিং আৰু ৰাণী ৰামপাল দুয়োজনে যোৱা দুবছৰত তেওঁলোকৰ দলটোক সুন্দৰভাৱে নেতৃত্ব দি আহিছে আৰু তেওঁলোকে এইবাৰ গেমছত পদক অৰ্জন কৰিব বুলি আশা কৰা হৈছে ।

প্ৰশ্ন :উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক কোন হ'ব ?

উত্তৰ: বক্সিঙ চেম্পিয়ন এম চি মেৰী কম আৰু ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে জাপান নেচনেল ষ্টেডিয়ামত পতাকা বাহক হ'ব ।

প্ৰশ্ন : উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ কিমানজন খেলুৱৈ উপস্থিত থাকিব?

উত্তৰ: ১৯ গৰাকী খেলুৱৈক অনুষ্ঠানটোত দেখা যাব । ভাৰতীয় পেডলাৰ এ শৰৎ কমল আৰু মণিকা বাত্ৰাই পিছদিনা তেওঁলোকৰ মিক্সড ডাবলছ অভিযান আৰম্ভ কৰাৰ বাবে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে । টেনিছ খেলুৱৈ অংকিতা ৰাইনাই টেবুল টেনিছ তাৰকাসকলক প্ৰতিনিধিত্ব কৰিব । অনুষ্ঠানটোত উপস্থিত থকা আঠগৰাকী বক্সাৰৰ ভিতৰত অমিত, আশীষ কুমাৰ আৰু মেৰী কম আছে ।

ছয়গৰাকী বিষয়া তেওঁলোকৰ সৈতে উপস্থিত থাকিব । অৱশ্যে ভাৰতীয় দলৰ আন সকলৰ ভিতৰত আৰ্চাৰ, শ্বুটাৰ, শ্বাটলাৰ আৰু মনপ্ৰীতৰ বাহিৰে বাকী হকী খেলুৱৈয়ে টকিঅ' ২০২০ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে । উল্লেখ্য যে পিছদিনা খেল থকাৰ বাবে বাকীসকল খেলুৱৈক উদ্বোধনী অনুষ্ঠানটো বাদ দিবলৈ কোৱা হৈছে । অনুষ্ঠানটোৰ মাৰ্চ-পাষ্টৰ শাৰীত ২১ নম্বৰত আছে ভাৰত ।

প্ৰশ্ন : উদ্বোধনী অনুষ্ঠানত কিমান গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকিব ?

উত্তৰ: মুখ্য ষ্টেডিয়ামত টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান চাবলৈ বিষয়া আৰু সাংবাদিকসহ প্ৰায় ৯৫০ গৰাকী লোকক অনুমতি দিয়া হ'ব । টকিঅ' ২০২০ ৰ মুখ্য অপাৰেচন চেণ্টাৰৰ মুৰব্বী হিদেমাচা নাকামুৰাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে তেওঁলোকৰ উপৰিও ষ্টেডিয়ামত প্ৰদৰ্শক আৰু খেলুৱৈসকলক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে ।

প্ৰশ্ন : আপুনি পোনপটীয়া সম্প্ৰচাৰ ক'ত চাব পাৰিব ?

উত্তৰ: অনুষ্ঠানবোৰ ভাৰতৰ চনি টেনত (Sony Ten) পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ।

প্ৰশ্ন :পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব ?

উত্তৰ:পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ পেৰিছত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.