ETV Bharat / sports

Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

author img

By

Published : Jul 23, 2021, 12:14 PM IST

Archer Deepika Kumari finishes ninth
আৰ্চাৰীৰ মহিলাৰ একক ৰেংকিং ৰাউণ্ডত নৱম স্থানত ভাৰতৰ দীপিকা কুমাৰী

মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত ৬৬৩ পইণ্টৰ সৈতে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় দীপিকা কুমাৰী । তালিকাৰ শীৰ্ষত দক্ষিণ কোৰিয়াৰ আন চান, জাং মিনহি আৰু কাং চেইয়ঙে দখল কৰিবলৈ সক্ষম হয় ।

স্পৰ্টছ ডেস্ক, ২৩ জুলাই : আৰম্ভ হৈছে টকিঅ' অলিম্পিক (Tokyo Olympic) । অলিম্পিকৰ প্ৰথম খেল হিচাপে ৰোয়িং আৰু আৰ্চাৰী প্ৰতিযোগিতা (Archery competition) অনুষ্ঠিত হয় । বহু আশা কৰা হৈছিল যদিও ভাৰতীয় খেলুৱৈয়ে প্ৰথম পৰ্যায়ত এই খেলত আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হ'ল ।

ভাৰতৰ দীপিকা কুমাৰীয়ে (Deepika Kumari) মহিলাৰ একক ৰেংকিং ৰাউণ্ডত ৬৬৩ পইণ্টেৰে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰথমাৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন কৰাৰ পিছত দীপিকাৰ প্ৰদৰ্শন শেষৰ ফালে বেয়া হ'বলৈ আৰম্ভ কৰে । ইফালে তালিকাৰ শীৰ্ষত দক্ষিণ কোৰিয়াৰ আন চান (An San), জাং মিনহি (Jang Minhee) আৰু কাং চেইয়ঙে (Kang Chaeyoung) দখল কৰিবলৈ সক্ষম হয় । দীপিকাই এতিয়া মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ আৰ্চাৰী ইভেণ্টৰ প্ৰথম ৰাউণ্ডত ভূটানৰ বিটি কৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব ।

৬৮০ পইণ্টেৰে দক্ষিণ কোৰিয়াৰ ছানে খেলৰ সময়ত অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হয় ।

দীপিকাই প্ৰথমাৰ্ধত ৩৩৪ পইণ্টেৰে শক্তিশালী প্ৰদৰ্শনেৰে সমাপ্ত কৰিছিল আৰু চতুৰ্থ স্থান দখল কৰিছিল । আনকি ৭২ ৰ ৩৬ ডাল কাঁড় সম্পূৰ্ণ হোৱাৰ সময়লৈ দীপিকাই উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰিছিল আৰু যাৰ বাবে খেলখন উন্নত প্ৰদৰ্শনেৰে তেওঁ এক লেহেমীয়া আৰম্ভণিৰ পিছত চতুৰ্থ স্থানলৈ উন্নীত হ'ব পাৰিছিল । কিন্তু পিছলে তেওঁ প্ৰদৰ্শনে ভাৰতীয় শিবিৰক নিৰাশ কৰে ।

ইফালে আৰ্চাৰী প্ৰতিযোগিতাখন ৰেংকিং ৰাউণ্ডৰ সৈতে আৰম্ভ হয়, য'ত ১২৮ গৰাকী খেলুৱৈয়ে অংশ লয় । ইয়াৰে ৬৪ গৰাকী পুৰুষ আৰু বাকীখিনি মহিলা । সকলোকে ৭০ মিটাৰ দূৰত থকা লক্ষ্যত ৭২ ডালকৈ কাড় মাৰিবলৈ কোৱা হয় । প্ৰতিগৰাকী খেলুৱৈক ছয় ডালকৈ কাড় মাৰিবলৈ দুই মিনিট সময় দিয়া হয় ।

সম্প্ৰতি পুৰুষৰ একক শাখাত ভাৰতৰ হৈ অতনু দাস (Atanu Das), তৰুণদীপ ৰায় (Tarundeep Rai) আৰু প্ৰবীণ যাদৱে (Praveen Jadhav) প্ৰতিদন্দিতা আগবঢ়াইছে । এই তিনিওগৰাকী খেলুৱৈৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ আছে । আশা কৰা হৈছে পদকৰ বাবে চেষ্টা কৰিব খেলুৱৈ কেইগৰাকীয়ে ।

লগতে পঢ়ক :Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.