ETV Bharat / city

এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

author img

By

Published : Sep 1, 2021, 5:48 PM IST

Updated : Sep 1, 2021, 6:32 PM IST

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ লগতে কেইবাগৰাকীও বিধায়ক তথা দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত যোগদান কৰে ফনীধৰ তালুকদাৰে ৷ এই যোগদান কাৰ্যসূচীত বহু কেইগৰাকী ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যোগদান কৰে বিজেপিত ।

phanidhar talukdar
ফনীধৰ তালুকদাৰ

গুৱাহাটী, ১ ছেপ্টেম্বৰ : বিজেপিত আনুষ্ঠানিকভাৱে যোগদান এ আই ইউ ডি এফৰ সদ্য প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰৰ । বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ লগতে কেইবাগৰাকীও বিধায়ক তথা দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত যোগদান কৰে তালুকদাৰে । এই যোগদান কাৰ্যসূচীত বহু কেইগৰাকী ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যোগদান কৰে বিজেপিত ।

phanidhar talukdar
বিজেপিত আনুষ্ঠানিকভাৱে যোগদান ফনীধৰ তালুকদাৰৰ

ফনীধৰ তালুকদাৰে বিজেপিত যোগদান কৰি কয় যে, বিজেপিৰ একান্ত শিষ্য হিচাপে শৰীৰত এক বিন্দু তেজ থকালৈ কাম কৰি যাব । সংগ্ৰাম কৰি ভৱানিপুৰবাসীৰ মাজত ত্যাগৰ প্ৰতীক হিচাপে ১০০ বছৰলৈ জীয়াই থাকিব বিচাৰে ফণীধৰ তালুকদাৰে । তেওঁৰ এই যোগদানৰ বাবে ভৱানিপুৰ সমষ্টিৰ হিন্দু মানুহৰ মাজত দেৱালী হ’ব বুলি তেওঁ মন্তব্য কৰে ।

বিধায়ক পদ এৰি বিজেপিত যোগ দিয়া নেতাৰ তালিকাত তৃতীয় স্থানত আছে ফনীধৰ তালুকদাৰ ৷ ইয়াৰ পূৰ্বে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহায়ে বিধায়ক পদৰ লগতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল ৷

গেৰুৱা পিন্ধিলে ফনী তালুকদাৰে

উল্লেখ্য় যে, ফনীধৰ তালুকদাৰ আছিল এ আই ইউ ডি এফৰ একমাত্ৰ হিন্দু বিধায়ক ৷ 2021 ৰ নিৰ্বাচনত ভবানীপুৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল ফনী তালুকদাৰে ৷ কিন্তু তিনি মাহতেই বিজেপিৰ প্ৰতি মোহিত হ’ল তেওঁ ৷ আৰু অৱশেষত বিধায়ক পদৰ লগতে এ আই ইউ ডি এফকো ত্যাগ কৰি ফণীধৰ তালুকদাৰে পিন্ধিলে গেৰুৱা সাজ ৷

এইকেইগৰাকী বিধায়কৰ পদত্যাগৰ ফলত খালী হৈ পৰিল তিনিখন বিধানসভাৰ আসন ৷ এই তিনিখন আসনত পুনৰ প্ৰতিদ্বন্দিতা আগবঢ়াই উপ-নিৰ্বাচনৰ দ্বাৰা জয়ী হৈ অহাৰ সপোন দেখিছে তিনিও ন-বিজেপি নেতাই ৷ এতিয়া উপ-নিৰ্বাচনেহে নিৰ্ণয় কৰিব তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ ৷

লগতে পঢ়ক : দিল্লীত অখিল গগৈৰ সৈতে পীযুষ হাজৰিকাৰ চাহমেল: মুখ খুলিলে পীযুষ হাজৰিকাই

Last Updated :Sep 1, 2021, 6:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.