ETV Bharat / state

উজানবজাৰত চাঞ্চল্যকৰ হত্য‍াকাণ্ড:দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

author img

By

Published : Sep 2, 2021, 6:27 PM IST

বুধবাৰে দিন-দুপৰতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰাক লৈ উত্তপ্ত উজানবজাৰ । ঘটনা সন্দৰ্ভত আটক জেঠীয়েকৰ পুত্র আশিষ গুপ্তাসহ তিনিজন । স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত উজানবজাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লতাশিল থানাত বিক্ষোভ প্ৰদৰ্শন কৰে ।

Ujanbazar
দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

গুৱাহাটী,২ ছেপ্তেম্বৰ : গুৱাহাটীৰ মাজমজিয়াৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটো উত্তপ্ত হৈ আছে । বৃহস্পতিবাৰে স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত উজানবজাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লতাশিল থানাত বিক্ষোভ প্ৰদৰ্শন কৰে । থানা ঘেৰাও কাৰ্যসূচীৰে স্থানীয় পুৰুষ-মহিলাসকলে থানা চৌহদ উত্তাল কৰি তোলে । শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে লতাশিল আৰক্ষীয়ে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । অৱশ্যে এতিয়ালৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আটক কৰা কেইজন হৈছে ক্ৰমে মৃত কিশোৰীগৰাকীৰ জেঠায়েকৰ পুত্ৰ আশিষ গুপ্তা, তেওঁৰ বন্ধু জিতু শৰ্মা আৰু কৰণ ।

উজানবজাৰত চাঞ্চল্যকৰ হত্য‍াকাণ্ড:দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে মহানগৰীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হয় এটা লোমহৰ্ষক হত্যাকাণ্ড । দিনৰ ১০ মান বজাৰ পাছত পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে । ৰেষ্টুৰেন্টৰ কামৰ বাবে পিতৃ-মাতৃ পুৱাতেই ঘৰৰ পৰা ওলাই গৈছিল আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে ঘৰত আছিল ডিম্পল কুমাৱট নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকী । কিন্তু সম্পৰ্কীয় ভাতৃজন চাহ খাবৰ বাবে দোকানৰ পৰা বিস্কুট আনিবলৈ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে ডিম্পলক নৃশংসভাৱে হত্যা কৰে ।

দিনৰ প্ৰায় ১১.৩০ মান বজাত বিচনাত তেজৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটোৰ পিঠি, ডিঙি আৰু মূৰত আঘাতৰ চিন আছিল । পটাগুটি আৰু প্ৰেচাৰ কুকাৰত তেজৰ দাগ লাগি আছিল । প্ৰেচাৰ কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই কিশোৰীগৰাকীক হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে ।

শৰীৰত চুৰিৰেও আঘাত কৰা হৈছিল । উল্লেখ্য যে ৰাজস্থানৰ এই পৰিয়ালটো মহানগৰীৰ উজানবজাৰত সুদীৰ্ঘ সময় ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল । গুৱাহাটী ক্লাৱত থকা এঞ্জেলছ অৱ গডছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল ডিম্পল কুমাৱট । কিশোৰীগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাটোৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ।

কোনে কি কাৰণত কিশোৰীগৰাকীক হত্যা কৰিলে সেয়া পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজৰ বাবে এক সাঁথৰ যেন হৈ পৰিছে । ডিম্পল কুমাৱটৰ মাতৃৰ মতে তেওঁলোকৰ পৰিয়ালৰ লগতে ছোৱালীজনীৰ কোনো শত্ৰুতা নাই । ইফালে স্থানীয় ৰাইজে জনোৱা মতে, ডিম্পল অতি অমায়িক আৰু ভদ্ৰ ছোৱালী আছিল । ডিম্পলে বাহিৰত ঘূৰি ফুৰি ভাল পোৱা নাছিল বাবে বেছিভাগ সময় ঘৰতেই কটাইছিল ।

আনহাতে আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্তত চুৰি নাইবা ডকাইতিজনিত ঘটনা নহয় বুলি উল্লেখ কৰিছে । ঘৰৰ আলমিৰাৰ কাপোৰ মজিয়াত পৰি থকা দেখা গৈছে যদিও ঘৰৰ কোনো সামগ্ৰী চুৰি হোৱা নাই । এইক্ষেত্ৰত আৰক্ষীয়ে কোনো পৰিচিত লোকে হত্যাকাণ্ডটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে সকলো কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

লগতে পঢ়ক :মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.