ETV Bharat / state

NMP ৰ অধীনত ব্যক্তিগতকৰণ হ’ব অসমৰ শ শ কোটি টকাৰ ৰাজহুৱা সম্পদ

author img

By

Published : Sep 2, 2021, 5:42 PM IST

দেশৰ লগতে অসমৰ পল্টন বজাৰস্থিত 'ছাই'ৰ আঞ্চলিক ক্ৰীড়া প্ৰকল্প ব্যক্তিগত খণ্ডক দিয়া হ'ব । য'ত বক্সিং, বেডমিণ্টন, আৰ্চাৰী আদিকে ধৰি বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়া হয় । অসমৰ-শ্বিলং বাইপাছৰ ৪৯ কিলোমিটাৰ ঘাইপথৰ মালিকীস্বত্ব ব্যক্তিগত কোম্পানীলৈ । বিদ্যুৎ উৎপাদন, সংবহন, বিতৰণ, গ্ৰাহকৰ বিদ্যুৎ সংযোগ, বিল আদায় আদিৰ ব্যৱসায়ৰ দায়িত্ব ব্যক্তিগত কোম্পানীক । অসম আৰু ত্ৰিপুৰা সীমান্তৰ প্ৰাকৃতিক গেছ ভাণ্ডাৰৰ দায়িত্বও বৃহৎ পুঁজিপতি গোষ্ঠীক দিয়া হ'ব । প্ৰাকৃতিক গেছ পাইপলাইন আঁচনিৰ অধীনত জগদীশপুৰ-হালদিয়া আৰু বাৰাউনি-গুৱাহাটী পাইপলাইন নেটৱৰ্ক যাব ব্যক্তিগত খণ্ডৰ হাতলৈ ।

national monetization pipeline effected assam
ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনা

গুৱাহাটী,২ ছেপ্তেম্বৰ : এটাৰ পাছত আনটোকৈ ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰি ৬ লাখ কোটি টকা আহৰণেৰে ৰাজভঁৰাল চহকী কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে । আগন্তুক চাৰি বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনা (National Monetization Pipeline) চমুকৈ এন এম পিৰ অধীনত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ, ক্ৰীড়া প্ৰকল্প, বৈদ্যুতিক প্ৰকল্প আদি বিভিন্ন ৰাজহুৱা সম্পদ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানীক ব্যৱসায় কৰিবলৈ অৰ্পণ কৰিব ।

national monetization pipeline effected assam
NMP ৰ অধীনত ব্যক্তিগতকৰণ হ’ব অসমৰ শ শ কোটি টকাৰ ৰাজহুৱা সম্পদ

নৰেন্দ্ৰ মোডী চৰকাৰে ইতিমধ্যে অসমৰ ২৭ টাকৈ তৈলক্ষেত্ৰ, গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, কামাখ্যা ৰেল ষ্টেচনকে ধৰি কোটি কোটি টকাৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত কোম্পানীক গতাই দিছে । এইবাৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ অধীনত ২০২৫ চনৰ ভিতৰত অসমৰ কেইবাশ কোটি টকাৰ ৰ‍জহুৱা সম্পত্তি সম্পূৰ্ণ ল‍াভজনক নহয় বুলি তাক ব্যৱসায়িক কামত লগাবলৈ গৌতম আদানি আৰু মুকেশ আম্বানিৰ দৰে বৃহৎ পুঁজিপতিৰ ওচৰত গতোৱাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক : জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ হাতীৰ পোৱালী

কেন্দ্ৰীয় চৰকাৰে আদানি, আম্বানি মালিকানাধীন প্ৰতিষ্ঠানকে ধৰি ব্যক্তিগত সংস্থাক গতোৱাৰ বাবে ৰাজহুৱা খণ্ডৰ বিভিন্ন বিভাগ আৰু সংস্থাক ইতিমধ্যে তালিকাভুক্ত কৰিছে । বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানিক গতোৱাক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসমৰ আন কেইবাটাও সম্পদ ব্যক্তিগত খণ্ডক গতোৱাৰ ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাত দেশৰ ৭৬১ টা কয়লা ক্ষেত্ৰ বেচৰকাৰী কৰণেৰে ২৪,৯৪৯ কোটি টকা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

national monetization pipeline effected assam
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ

অৱশ্যে এই আঁচনিত তালিকাভুক্ত কৰা ক’ল মাইনিং ব্লকসমূহৰ নাম বৰ্তমানলৈ ৰাজহুৱা কৰা নাই যদিও মাৰ্ঘেৰিটাৰ নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ড অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰিছে ক’ল ইণ্ডিয়াৰ শ্ৰমিক-কৰ্মচাৰী ইউনিয়নে । কল ইণ্ডিয়াৰ ই চি এল কৰ্মচাৰী ইউনিয়নে ইতিমধ্যে কলকাতাত কেন্দ্ৰীয় চৰকাৰৰ বেচৰকাৰীকৰণ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে ।

লগতে পঢ়ক : কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা !

উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ নৰ্থ-ইষ্টাৰ্ণ ক’ল ফিল্ডৰ উৎপাদন ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বন্ধ কৰি ৰখা হৈছে । পূৰ্বতে নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ডৰ অধীনত খননৰ দায়িত্ব দুটা বেচৰকাৰী সংস্থা ‘ডেক’ আৰু ‘এন এম ই’ক গটোৱা হৈছিল যদিও ব্যৱসায়িক কৰ্তৃত্ব কোম্পানীৰ হাততে আছিল । কিন্তু এতিয়া নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ডৰ কয়লাখনিৰ উৎপাদনৰ পৰা আৰম্ভ কৰি বিক্ৰী তথা ব্যৱসায়লৈকে সকলো আদানিৰ হাতলৈ যাব বুলিও শ্ৰমিক-কৰ্মচাৰীসকলে আশংকা ব্যক্ত কৰিছে ।

national monetization pipeline effected assam
ৰাষ্ট্ৰীয় ঘাইপথ

তদুপৰি বেচৰকাৰীকৰণৰ তালিকাত প্ৰাকৃতিক গেছ পাইপলাইন আঁচনিৰ অধীনত জগদীশপুৰ-হালদিয়া আৰু বাৰাউনি-গুৱাহাটী পাইপলাইন নেটৱৰ্ক ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হ’ব । দেশৰ মুঠ ১২ টা পাইপলাইন প্ৰকল্প ব্যক্তিগতকৰণ কৰি ২৪,৪৬২ কোটি টকা আহৰণৰ পৰিকল্পনা কৰা হৈছে । তদুপৰি দূৰ সংযোগৰ ক্ষেত্ৰতো ভাৰত নেট ফাইবাৰ নেটৱৰ্কৰ অসম সেৱা ক্ষেত্ৰ আৰু বি এছ এন এলৰ টাৱাৰ বিক্ৰীৰ বাবেও তালিকাভুক্ত কৰিছে । ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ অধীনত দেশৰ ছাই প্ৰকল্প বেচৰকাৰী প্ৰতিষ্ঠানক গটোৱা হ’ব ।

লগতে পঢ়ক : গৰাখহনীয়া: ন-দিহিঙক সন্তুষ্ট কৰিবলৈ সেৱা-প্ৰাৰ্থনা গাঁওবাসীৰ

দেশৰ লগতে অসমৰ পল্টন বজাৰস্থিত 'ছাই'ৰ আঞ্চলিক ক্ৰীড়া প্ৰকল্প ব্যক্তিগত খণ্ডক দিয়া হ'ব । য'ত বক্সিং, বেডমিণ্টন, আৰ্চাৰী আদিকে ধৰি বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়া হয় । টকিঅ' অলিম্পিকত পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইকে ধৰি বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে ইয়াতে প্ৰশিক্ষণ লৈছিল । এই ক্ৰীড়া সম্পদ এতিয়া গৌতম আদানি, মুকেশ অম্বানীৰ দৰে পুঁজিপতিক গটাই দিব । দেশৰ এই ক্ৰীড়া প্ৰকল্পসমূহ ব্যক্তিগতকৰণৰ জৰিয়তে প্ৰায় ১১ হাজাৰ কোটি টকা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মোডী চৰকাৰে ।

national monetization pipeline effected assam
ৰাজহুৱা সম্পদ

তদুপৰি অসমৰ-শ্বিলং বাইপাছৰ ৪৯ কিলোমিটাৰ ঘাইপথৰ মালিকীস্বত্ব ব্যক্তিগত কোম্পানীক গটোৱা হ’ব । ইয়াৰ দ্বাৰা নাগৰিকৰ যাতায়াত যে ব্যয়বহুল হৈ পৰিব সেয়া খাটাং । তদুপৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত যাত্ৰীবাহী ৰে’লৰ ব্যক্তিগতকৰণৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ ৰে’ল কৰ্মচাৰীয়ে । আনহাতে সমগ্ৰ দেশৰ লগতে অসমতো বিদ্যুৎ উৎপাদন, সংবহন, বিতৰণ, গ্ৰাহকৰ বিদ্যুৎ সংযোগ, বিল আদায় আদিৰ ব্যৱসায়ৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়া হ'ব । ইয়াৰ যোগেদি ৮৫ হাজাৰ কোটি টকা আহৰণ কৰা হ'ব । ইয়াৰ ফলত অসমৰ এ পি ডি চি এলৰ ৬৩ লাখ গ্ৰাহকে ভৰিব লাগিব বিদ্যুতৰ মাছুলৰ বাবদ অধিক মূল্য ।

লগতে পঢ়ক : বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

তদুপৰি বিদ্যুৎ মাছুল সংগ্ৰহৰ ক্ষেত্ৰত থকা ৰাজ্যৰ চৰকাৰৰ অধিকাৰ নাথাকিব । আনহাতে এন এম পিৰ অধীনত প্ৰাকৃতিক গেছ ভাণ্ডাৰ, পেট্ৰ'লিয়াম প্ৰডাক্ট, হাইড্ৰ'জেন জেনেৰেচন প্ৰতিষ্ঠান, খাৰুৱা তেলৰ ক্ষেত্ৰকে ধৰি প্ৰাকৃতিক সম্পদৰ ব্যৱসায়ৰ দায়িত্বও ব্যক্তিগত কোম্পানীক দিয়া হ'ব । ইয়াৰ ফলত ৰন্ধন গেছ আৰু পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত । অসম আৰু ত্ৰিপুৰাৰ সীমাৰ প্ৰাকৃতিক গেছ ভাণ্ডাৰৰ দায়িত্বও বৃহৎ পুঁজিপতি গোষ্ঠীক দিয়া হ'ব ।

national monetization pipeline effected assam
ক্ৰীড়া প্ৰকল্প

কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়ান অইল কৰ্প'ৰেচন, হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন, গেছ অথৰিটী অৱ ইণ্ডিয়া আদিৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনত থকা বহু হাজাৰ কিলোমিটাৰ এল পি জি পাইপ লাইনৰ ব্যৱসায় ব্যক্তিগত খণ্ডক গটাই দিব । উল্লেখ্য যে, মোডী চৰকাৰৰ দেশৰ সম্পদ বিক্ৰীৰ এই বৃহৎ পৰিকল্পনাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু এই প্ৰতিক্ৰিয়াৰ মাজতে কেন্দ্ৰই নিজৰ পৰিকল্পনাক সাৰ্থক ৰূপ দিয়াৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে ।

লগতে পঢ়ক : অসমৰ ভূমিত বৈদ্যুতিক সংযোগৰ কাম কৰি থকা ঠিকাদাৰক ভাবুকি নগা দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.