গৰাখহনীয়া: ন-দিহিঙক সন্তুষ্ট কৰিবলৈ সেৱা-প্ৰাৰ্থনা গাঁওবাসীৰ

author img

By

Published : Sep 2, 2021, 3:02 PM IST

erosion

ন-দিহিঙৰ প্ৰৱল গৰাখহনীয়াৰ(Erosion) কৱলত কাকপথাৰৰ মজবাৰী গাঁও ৷ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা জনপ্ৰতিনিধিৰ পৰা উপেক্ষিত হোৱা ৰাইজে এইদৰে ধৰ্মীয় পৰম্পৰাৰে প্ৰকৃতি আৰু ন-দিহিঙক সন্তুষ্ট কৰিবলৈ আগবঢ়াইছে সেৱা-প্ৰাৰ্থনা ৷

শদিয়া, 2 ছেপ্তেম্বৰ: কাকপথাৰৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মজবাৰী গাঁৱত ধৰ্মীয় পৰম্পৰাৰে ন-দিহিঙক সন্তুষ্ট কৰিবলৈ সেৱা-প্ৰাৰ্থনা গাঁওবাসীৰ ৷ কিয়নো প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰিছে গাঁওখন ৷ কেৱল মজবাৰী গাঁৱেই নহয়, শদিয়াৰ বহুকেইখন গাঁৱৰ গাঁওবাসীৰ বাবে এতিয়া জলন্ত সমস্যা হৈছে দিহিং নৈৰ(Dihing River) গৰাখহনীয়া(Erosion) ৷

শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত খৰশ্ৰোতা ন-দিহিঙে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মজবাৰী গাঁৱত ৷ একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল এই গাঁওখনক ন-দিহিঙৰ প্ৰৱল গৰাখহনীয়াই উচন কৰি পেলাইছে ৷ নৈত জাহ যাবলৈ ধৰিছে কাজি নেমুৰ বাবে বিখ্যাত এই গাঁওখন ৷

erosion
গৰাখহনীয়া

চৰকাৰে বিশেষভাৱে ‘Lemon Village’ হিচাপে স্বীকৃতি প্ৰদান কৰা এই গাঁওখনৰ গৰাখহনীয়াৰ ওপৰত এতিয়ালৈকে সু-দৃষ্টি পৰা নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ ৷ মাথো নিৰ্বাচনৰ সময়ত ভোটৰ লোভত গাঁওবাসীক এশটা প্ৰতিশ্ৰুতি প্ৰদান কৰে জন প্ৰতিনিধিয়ে ৷ সম্প্ৰতি ন-দিহিঙৰ বুকুত গাঁওখনৰ প্ৰায় 50 মিটাৰ ভূমি জাহ যোৱা পৰিলক্ষিত হৈছে ৷

গৰাখহনীয়া

লগতে পঢ়ক: ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

আগৰ সময়চোৱাত স্থানীয় বিধায়ক বলিন চেতিয়াকে(Balin Chetia) ধৰি পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে আবেদন-নিবেদন কৰি আহিছে গাঁওবাসীয়ে ৷ ইয়াৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকায়ো(Pijush Hazarika) বিধায়ক বলিন চেতিয়াক লগত লৈ খোদ এই গৰাখহনীয়া পৰিদৰ্শন কৰি গৈছিল ৷

কিন্তু সকলো যেন ফুটুকাৰ ফেন ৷ ক্ৰমাৎ ন-দিহিঙৰ গৰাখহনীয়াত ৰাইজৰ ঘৰ-বাৰীৰ লগতে কৃষি ভূমিও বুকু জাহ গৈছে ৷ মজবাৰীকে ধৰি দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া বুকুত হাত থৈ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷

উপায়হীন হৈ প্ৰকৃতি আৰু ন-দিহিঙক সন্তুষ্ট কৰিবলৈ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰে গাঁওবাসীয়ে ৷ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক বলিন চেতিয়া আৰু জলসম্পদ বিভাগক শীঘ্ৰেই এই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে সদৌ মৰাণ ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: বানৰ কবলত ৰাজ্য : মৃত্যুক সাৱটিলে 5 গৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.