অসমৰ ভূমিত বৈদ্যুতিক সংযোগৰ কাম কৰি থকা ঠিকাদাৰক ভাবুকি নগা দুৰ্বৃত্তৰ

By

Published : Sep 2, 2021, 3:20 PM IST

thumbnail

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ চুঙাজান এম ভি পঞ্চায়তৰ অন্তৰ্গত কাৰ্বি বনগাঁৱত বৃহস্পতিবাৰে অসম শক্তি বিতৰণ কোম্পানীৰ(APDCL) 11 KV বৈদ্যুতিক সংযোগৰ কাম কৰি থকা ঠিকাদাৰ আৰু বনুৱাক নগা দুৰ্বৃত্তই ভয় ভাবুকি প্ৰদান । চি আৰ পি এফ(CRPF) ৰ সন্মুখতেই নগা দুৰ্বৃত্তই কৰ্মৰত ঠিকাদাৰ আৰু বনুৱাক কাম কৰাত বাধা প্ৰদান কৰে । নগা দুৰ্বৃত্তই অসম ভূমিত আহি অসমৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰি কাম বন্ধ কৰিবলৈ দিয়া ভাবুকিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধনশিৰি মহকুমা সীমান্তৰ বি ছেক্টৰত ৷ আনহাতে নিৰাপত্তাহীনতা আৰু শংকাত আছে কৰ্মৰত ঠিকাদাৰ আৰু বনুৱা সকল ৷ নগা দুৰ্বৃত্তৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.