বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

author img

By

Published : Sep 2, 2021, 3:58 PM IST

Kaziranga National Park

ভদীয়া বানৰ কৱলত পৰি জীৱ কুলে পৰিত্ৰাণ বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলাৰ সময়তে কাজিৰঙাত দেখা গ’ল এটা পেলিকানৰ চৰাইৰ জলকেলিৰ লগতে পোৱালীৰ সৈতে এজনী মাইকী গঁড়ৰ বিনন্দীয়া দৃশ্য ৷

কলিয়াবৰ, 2 চেপ্টম্বৰ : সম্প্ৰতি বানৰ কৱলত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ভদীয়া বানৰ কৱলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে এতিয়া পৰিত্ৰাণ বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে ৷ এক কথাত জীৱকুলৰ সম্প্ৰতি নাজন নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ কিন্তু এনে বিপত্তি কাজিৰঙাৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ জীৱন মৰণৰ এই যুদ্ধৰ মাজতেই কাজিৰঙাত দেখা গ’ল কেইবাটাও বিনন্দীয়া দৃশ্য ৷

কেমেৰাত বন্দী হৈ পৰা এই দৃশ্য কেইটাই প্ৰতিজন প্ৰকৃতি প্ৰেমীৰ মনতেই সৃষ্টি কৰিব বিমল আনন্দৰ ৷ ইয়াৰে প্ৰথমটো দৃশ্যত এটা পেলিকানৰ মৎস্য চিকাৰ বন্দী হ'ল কেমৰাৰ লেঞ্চত । আপোন মনে জলকেলি কৰি থকাৰ সমান্তৰালকৈ খাদ্যৰ সন্ধানতো ব্যস্ত থকা দেখা গ’ল এটা পেলিকান চৰাইক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত দেখা গ’ল পেলিকানৰ মৎস চিকাৰৰ এই নান্দনিক দৃশ্য ৷

Kaziranga National Park
পেলিকানৰ জলকেলি

আনটো দৃশ্যত দেখা গ’ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে জলমগ্ন কাজিৰঙাত অকনমানি পোৱালি গঁড় এটিৰ সৈতে এজনী মাইকী গঁড় ।

বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজভাগ বানে বুৰাই পেলোৱাৰ সময়তে খাদ্যৰ সন্ধানত ৰাজপথৰ কাষতে থকা ওখ ঠাইত পোৱালিৰে সৈতে অৱস্থান কৰি ঘাঁহ খোৱাত ব্যস্ত থকা দেখা গ’ল গঁড়জনীক । লগতে থকা পোৱালিটোৰ সুৰক্ষাৰ প্ৰতি চকু দিয়াৰ লগতে ঘাঁহ খাই থকা গঁড়জনীক পথৰ পৰাই চোকা দৃষ্টি দি থাকিল কাজিৰঙাৰ বন সুৰক্ষা কৰ্মীয়ে । কলিয়াবৰৰ কাঞ্চনজুৰিত ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ যোৱা বাহনৰ পৰা আৰোহী সকলে ল'লে এই নান্দনিক দৃশ্যৰ আমেজ ৷

লগতে পঢ়ক : বিষাক্ত সাপৰ বিষেৰে সম্ভৱ কৰ’ণা ভাইৰাছৰ চিকিৎসা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.