ETV Bharat / state

কৰ্তব্য নিষ্ঠাৰ অনন্য নিদৰ্শন নগাঁৱৰ দুই চিকিৎসক

author img

By

Published : Sep 2, 2021, 6:40 PM IST

মানৱ সেৱাকে শ্ৰেষ্ঠ সেৱা বুলি গণ্য কৰি নগাঁৱৰ দুজন চিকিৎসকে বিগত 4 মাহে নিৰন্তৰ ভাৱে আগবঢ়াই গৈছে ক'ভিড-19 ৰ চিকিৎসা সেৱা ৷ যোৱা 4 মাহে পৰিয়ালৰ পৰা আঁতৰি আছে দুয়োগৰাকী চিকিৎসক ৷

two-doctor-of-nagaon-continuously-doing-their-covid-duty-for-4-month
কৰ্তব্য নিষ্ঠাৰ অনন্য নিদৰ্শন নগাঁৱৰ দুই চিকিৎসক

নগাঁও,2 ছেপ্তেম্বৰ: যি সময়ত একাংশ চিকিৎসকৰ বিৰুদ্ধে চৰকাৰী চাকৰিৰ পৰা অব্যাহতি লৈ ব্যক্তিগত নাৰ্ছিং হোমৰ জৰিয়তে পবিত্ৰ চিকিৎসা বৃত্তিটোক এক বৃহৎ ব্যৱসায়লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন হৈছে, এনে সময়ত নগাঁৱৰ দুই চিকিৎসকে দেখুৱাইছে কৰ্তব্য পৰায়নতাৰ এক অনন্য নিদৰ্শন ৷ চিকিৎসক দুগৰাকী হৈছে ক্ৰমে ক্ষীৰকান্ত দাস দাস ওৰফে কে কে দাস আৰু জিয়া উদ্দিন আহমেদ ৷ দুয়োগৰাকী নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হস্পিতালৰ নডেল বিষয়া ৷

ক'ভিড-19 ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত নিজৰ কৰ্তব্য পালনত ব্যস্ত হৈ আছে দুয়োগৰাকী চিকিৎসক ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসক দুয়োজনে বিগত প্ৰায় চাৰি মাহে দিনে নিশাই ক'ভিড আক্ৰান্তক সেৱা আগবঢ়াই আহিছে । ক'ভিড-19 ৰ ভৰপক সময়তো চিকিৎসালয়তে থাকি চিকিৎসক দুজনে অবিৰত ক'ভিড-19 ৰ বিৰুদ্ধে সাহসেৰে যুজঁ দিছিল ৷

কৰ্তব্য নিষ্ঠাৰ অনন্য নিদৰ্শন নগাঁৱৰ দুই চিকিৎসক

উল্লেখ্য যে, মহামাৰী ক'ভিড-19 ৰ বিৰুদ্ধে যুঁজ দি অহা এই দুই চিকিৎসকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ৷

ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ কথাটো হ'ল, নগাঁও ক'ভিড হাস্পতালত দায়িত্ব পালন কৰা চিকিৎসক কে কে দাসৰ মাতৃও এক জটিল ৰোগত আক্ৰান্ত ৷ ইয়াৰ মাজতে ক'ভিড আক্ৰান্ত শ শ লোকক সেৱা আগবঢ়াই আহিছে চিকিৎসক কে কে দাসে । বিগত চাৰিমাহে নিজ ঘৰলৈ নোযোৱাকৈ সেৱা আগবঢ়াই অহা এই দুই চিকিৎসক জিয়া উদ্দিন আহমেদ আৰু কে কে দাসক এতিয়া প্ৰশংসা কৰিছে সকলোৱে ৷

লগতে পঢ়কঃ মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.