DNLAক আলোচনাৰ মেজলৈ অহাৰ আহ্বান ডিমাচা দল-সংগঠনৰ

author img

By

Published : Sep 2, 2021, 4:44 PM IST

DNLA

ডিএনএলএ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ এৰি সমাজৰ মূল সুঁতি লৈ ঘূৰি অহাৰ আহ্বান ৷ জাদিখে নাইছ হচমৰ উপ-সভাপতি সৰ্বজিত থাওচেনৰ লগতে ডিমাচা ছাত্ৰ সংগঠনে জনালে এই আহ্বান ৷

ডিমা হাছাও 2 ছেপ্টেম্বৰ : ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনক আলোচনাৰ মেজলৈ অহাৰ আহ্বান ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠনৰ । ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচমৰ কাৰ্যালয়ত ডিমাচা ছাত্ৰ সংগঠন সদৌ ডিমাচা ছাত্ৰ সন্থা, ডিমাচা মাদাৰ্চ এছ’চিয়েচন ডিমা জ্বলাই হচম আৰু ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম এক যৌথ সংবাদমেল পাতি ডিএনএলএ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ এৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনায় ।

সংবাদমেলত জাদিখে নাইছ হচমৰ উপ-সভাপতি সৰ্বজিত থাওচেনে যোৱা 26 আগষ্ট ডিমা হাছাও জিলাত সন্দেহজনক উগ্ৰপন্থী সংগঠনৰ আক্ৰমণৰ ঘটনাত নিহত 5 গৰাকী নিৰীহ ট্ৰাক চালকৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰে । তেওঁ কয়, এতিয়া টেকন’লজিৰ সময়; এতিয়া অস্ত্ৰ হাতত তুলি এইধৰণৰ নিৰীহ মানুহৰ হত্যা কৰি কোনো লাভ নাই ৷ আমাক উন্নয়ন লাগে আৰু শিক্ষা লাগে ।

DNLAক আলোচনাৰ মেজলৈ অহাৰ আহ্বান ডিমাচা দল-সংগঠনৰ

সৰ্বজিত থাওচেনে কয়, কাগজ-কলমতেই একমাত্ৰ সমস্যাৰ সমাধান সম্ভৱ । প্ৰতিবাদ কৰাৰো বিভিন্ন পন্থা আছে, নিৰীহ মানুহক হত্যা কৰি যি কোনো দাবী আদায় অসম্ভৱ । যাৰ বাবে বিপথে পৰিচালিত যুৱক সকলক আৰু ডিএনএলএ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ আহি সমস্যাৰ সমাধানৰ আহ্বান জনায় সৰ্বজিত থাওচেনে ।

তেওঁ কয়, ডিএনএলএ উগ্ৰপন্থী সংগঠনক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন আৰু চিভিল চ’চাইটিয়ে চৰকাৰক সকলো ধৰণৰ সহযোগিতা কৰিবলৈ প্ৰস্তুত বুলি সংবাদমেলত মন্তব্য কৰে সৰ্বজিত থাওচেনে । ইয়াৰোপৰি পাহাৰীয়া জিলাখনত শান্তি আৰু উন্নয়নৰ স্বাৰ্থত ডিএনএলএ উগ্ৰপন্থী সংগঠনক মূল সূঁতি লৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে যাতে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে এই দাবী জনায় জিলাৰ বিভিন্ন দল সংগঠন সমূহে ।

উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে অসমৰ আলোচনাপন্থী কেইটামান বিপ্লৱী দল দিল্লীলৈ গৈছে ৷ য’ত আছে কাৰ্বি আংলঙৰো কেইবাটাও সংগঠন ৷ ৰাজ্যত চৰকাৰ গঠন কৰিয়েই হিমন্ত বিশ্ব শৰ্মায়ো আলফা(স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছিল আলোচনাৰ মেজলৈ আহিবলৈ ৷ বিটিআৰ চুক্তিৰ পাচত জন্ম হোৱা বড়ো বিদ্ৰোহী সংগঠন এন এল এফ বিয়েও ইতিমধ্য়ে আলোচনাৰ মাজলৈ আহিছে ৷ গতিকে ডিএনএলএকো বন্দুকৰ পথ এৰি আলোচনাৰ পথলৈ আহিবলৈ আহ্বান জননাইছে ডিমাচা দল-সংগঠন সমূহে ৷

লগতে পঢ়ক : বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.