ETV Bharat / state

বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা

author img

By

Published : Sep 2, 2021, 6:33 PM IST

বিতৰ্কত সোমাই পৰিছে কাৰ্বি আংলং জিলাৰ বোকাজানস্থিত লাহৰিজান চাহ বাগিছা ৷ বাগিচা খনৰ মালিকীস্বত্বক লৈ দুজন ব্যক্তিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ সমগ্ৰ ঘটনা ৷

lahorijan-tea-estate-is-in-controversy-regarding-the-ownership
বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা

ডিফু,2 ছেপ্তেম্বৰ: বোকাজানৰ লাহৰিজানৰ চাহ বাগিছাৰ মাটিৰ মালিকীস্বকত্বকলৈ দুজন ব্যক্তিৰ মাজত আৰম্ভ হৈছে প্ৰচণ্ড বাক যুদ্ধ ৷ দুয়োগৰাকীয়ে নিজকে বাগিচা খনৰ মালিক বুলি দাবী কৰাৰ পাছতে দোমোজাত পৰিছে বাগানৰ কৰ্মচাৰী সকল ৷ বাগিচাৰ কৰ্মচাৰীয়ে জনোৱা মতে এই সমস্যা দীৰ্ঘদিনীয়া৷ এই বিষয়টোক লৈ পূৰ্বেও সংঘাত সৃষ্টি হৈছে ৷ কিন্তু এতিয়াও বিষয়টোৰ সন্দৰ্ভত কোনো মীমাংসা হোৱা নাই ৷ যাৰ বাবে সময়ে সময়ে দুয়োগৰাকীৰ ব্যক্তিৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ ৷

প্ৰাপ্ত খবৰ মতে, বাগানখন পূৰ্বতে এটা বেচৰকাৰী সংস্থা(NGO)ই চোৱা চিতা কৰি আছিল আৰু সংস্থাটোৰ সভাপতি আছিল ৰবীন ব্ৰহ্ম ৷ সেই উদ্দেশ্যে ৰবীন ব্ৰহ্মই বাগানৰখনৰ সমষ্ট দায়িত্ব লৈছিল ৷ ৰবীন ব্ৰহ্মৰ মৃত্যুৰ পিছত বাগানৰ সকলো দায়িত্ব লৈছিল পেলে খেজি নামৰ বাগানখনৰ মেনেজিং ডাইৰেক্টৰ গৰাকীয়ে ৷ কিন্তু বৰ্তমান প্ৰয়াত ৰবীন ব্ৰহ্মৰ পত্নী হিচাপে অম্ফু ব্ৰহ্মই নিজকে বাগানৰ মালিক বুলি দাবী কৰাৰ বিপৰীতে পেলে খেজিয়ে বাগানখন তেঁওৰ বুলি দাবী কৰিছে ৷

বিতৰ্কত লাহৰিজান চাহ বাগিছা

উল্লেখযোগ্য যে, বাগানখন বিগত 18 বছৰে পেলে খেজিয়ে চোৱা চিতা কৰাৰ লগতে বাগানৰ কৰ্মচাৰীক দৰমহা দি আহিছে ৷ ইতিমধ্যে বাগানখনৰ ওপৰত 27 ছেপ্টেম্বৰ তাৰিখে শুনানি জাৰি কৰাৰ কথাও ঘোষণা কৰিছে ন্যায়ালয়ে ৷

ইফালে এই বাগানৰ মাটিতে ভাৰতীয় সেনাৰ এক বৃহৎ চাউনি স্থাপন কৰাৰ প্ৰসংগ উত্থাপন কৰিছে পেলে খেজিয়ে ৷ যদিহে এই মাটিত ভাৰতীয় সেনা চাউনি স্থাপন কৰে, তেনেহলে অসম নাগালেণ্ডৰ সীমা সমস্যা দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ দুয়োটা ফৈদে ইতিমধ্যে বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগ উত্থাপন কৰিছে ৷ 27 ছেপ্টেম্বৰত ন্যায়ালয়ৰ শুনানীৰ পিছতহে চূড়ান্ত হ'ব আচলতে বাগানখনৰ প্ৰকৃত মালিক কোন ৷

লগতে পঢ়কঃ জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ হাতীৰ পোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.