ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 20, 2021, 5:17 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 5pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Mob lynching of Abhi-Neel: আন দুই আৰক্ষী বিষয়াৰ সাক্ষ্যদান

সোমবাৰে নগাঁও আদালতত গ্ৰহণ কৰা হয় নীল-অভিৰ গোচৰৰ শুনানি । ৬৫ জনৰ সাক্ষ্যদান সম্পন্ন । আৰক্ষী বিষয়াৰ সাক্ষ্যক লৈ সন্তুষ্ট নীল-অভিৰ পৰিয়াল ।

Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

চাৰিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter session of Assam Assembly) ৷ এই অধিৱেশনতে ১৬ খনকৈ বিধেয়ক উত্থাপন হ’ব ৷ ইয়াৰে ১৫ খন হৈছে সংশোধনী বিধেয়ক ৷ সংশোধনী বিধেয়কসমূহৰ ভিতৰত আছে গো-সুৰক্ষা বিধেয়ক ২০২০ ৷

Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান (MLA Sashikanta das joins BJP) ৷ অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছৰ স্থিতি ৷

Ishika death case: ক্ষীপ্ৰ তদন্তৰ আশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

বৰপেটাৰোডৰ মানসপুৰৰ ইছিকা সাহা নামৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু(Mysterious death of a student in Barpeta Road) ৷ ছাত্ৰীগৰাকীৰ ঘৰত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত(Minister Ranjeet Kumar Dass visited to Ishika Saha's house) ৷

কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

পুনৰ এ আই উ ডি এফলৈ যাব বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali to be join in AIUDF) ৷ বৰপেটা আৱৰ্ত ভৱনত শ্বেৰমান আলীক বৰপেটা আদৰণি বৰপেটা জিলা এ আই ইউ ডি এফৰ ৷ অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই শ্বেৰমান আলীৰ এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷

Tinsukia youth joining ULFA : আকৌ জংঘল অভিমুখী পাঁচ যুৱক !

আলফা(স্বা)ৰ একপক্ষ অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে তিনিচুকীয়া জিলাত ধাৰাবাহিকভাৱে যুৱকে যোগদান কৰিছে সংগঠনটোক ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

Six New Omicron cases found in Delhi : বৰ্তমানলৈকে দিল্লীত অ’মিক্ৰণত আক্ৰান্ত 28 গৰাকী

পুনৰ নতুনকৈ ছজন লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত (Six New Omicron cases found in Delhi) ৷ নতুন দিল্লীত এতিয়ালৈকে 28 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল অ’মিক্ৰণ ৷

Kolkata Municipal Corporation polls : কলকাতা পৌৰ নিগমৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী সুভেন্দু অধিকাৰীৰ

দেওবাৰে কলকাতাৰ ১৪৪টা ৱাৰ্ডত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে(Suvendu Adhikari demands total KMC repolls) । বিজেপিৰ আন কেইবাগৰাকীও নেতাক লগত লৈ তেওঁ দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে ।

Aishwarya Rai Summoned In Panama Papers Case : অভিনেত্ৰী ঐশ্বৰ্য ৰায়লৈ চমন জাৰি

বিতৰ্কিত পানামা পেপাৰ্ছলিক গোচৰ সন্দৰ্ভত বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ চমন জাৰি কৰিলে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে(Aishwarya Rai summoned by Enforcement Directorate) । সোমবাৰে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সন্মুখত হাজিৰ হ'ব বিগ বিৰ বোৱাৰী ঐশ্বৰ্য ।

Peng Shuai retracts sexual assault claims : যৌন উৎপীড়নৰ অভিযোগ অস্বীকাৰ চীনা টেনিছ তাৰকা পেং ছুৱায়ে

চীনা টেনিছ খেলুৱৈ পেং ছুৱাইৰ ওপৰত যৌন নিৰ্যাতন চলাৰ অভিযোগ সন্দৰ্ভত স্পষ্টতা প্ৰকাশ কৰিলে খোদ খেলুৱৈগৰাকীয়ে । তেওঁ কয় যে, যৌন নিৰ্যাতন চলা বুলি তেওঁ কেতিয়াও কোনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাই (Peng Shuai retracts sexual assault claims) । লগতে তেওঁ বিদেশ ভ্ৰমণো কৰিবলৈ যোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.