ETV Bharat / city

Mob lynching of Abhi-Neel: আন দুই আৰক্ষী বিষয়াৰ সাক্ষ্যদান

author img

By

Published : Dec 20, 2021, 4:31 PM IST

Updated : Dec 20, 2021, 9:06 PM IST

সোমবাৰে নগাঁও আদালতত গ্ৰহণ কৰা হয় নীল-অভিৰ গোচৰৰ শুনানি । ৬৫ জনৰ সাক্ষ্যদান সম্পন্ন । আৰক্ষী বিষয়াৰ সাক্ষ্যক লৈ সন্তুষ্ট নীল-অভিৰ পৰিয়াল ।

Mob lynching of Abhi-Neel
আন দুই আৰক্ষী বিষয়াৰ সাক্ষ্যদান

নগাঁও, 20 ডিচেম্বৰ : দেশ কঁপাই যোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰত সোমবাৰে নগাঁও আদালতত সাক্ষ্যদান(Mob lynching of Abhi-Neel case) ডিফুৰ তদানীন্তন দুই আৰক্ষী বিষয়াই । নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত সাক্ষ্যদান কৰিলে দুই আৰক্ষী বিষয়াই । নগাঁও আদালতত উপ-পৰিদৰ্শক পৰ্যায়ৰ দুই এগৰাকী আৰক্ষী বিষয়াই দিয়া সাক্ষ্যদানত সন্তুষ্ট নীল-অভিৰ দুই পৰিয়ালৰ লোক ।

নীল-অভি হত্যাকাণ্ড গোচৰটোৰ মুঠ ৭১ জন সাক্ষীৰ ইতিমধ্যেই ৬৫ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হৈছে নগাঁও আদালতত । ৬৫ জন সাক্ষীৰ ভিতৰত ডকমকাৰ দুই এক সাক্ষীয়ে ভাষ্য সলনি কৰাৰ চেষ্টা কৰিছিল যদিও অধিকাংশ সাক্ষীয়ে সত্য সাক্ষ্য প্ৰদান কৰা বুলি উল্লেখ কৰে নীল-অভিৰ পৰিয়ালৰ লোকে । অতি সোনকালেই গোচৰটোৰ আটাইকেইজন সাক্ষীৰ সাক্ষ্যদান সম্পন্ন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নিলোৎপল দাস আৰু অভিজিত নাথৰ পিতৃয়ে ।

নিলোৎপল দাসৰ পিতৃ

উল্লেখযোগ্য যে, ২০১৮ চনৰ জুন মাহতে সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিত নাথে । নীল অভিৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি উঠিছিল প্ৰতিবাদৰ জোৱাৰ । প্ৰতিজন লোকেই মৃত্যুদণ্ড কামনা কৰিছিল নীল-অভি হত্যাকাণ্ডত জড়িত আটাইকেইজন দোষীৰ । সকলোৱে ফাৰ্ষ্ট ট্ৰেকত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰো দাবী উত্থাপন কৰিছিল ।

অৱশ্যে নগাঁও আদালতত ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও ক'ভিডসৃষ্ট পৰিবেশকে ধৰি বিভিন্ন কাৰণত আজিও সম্পন্ন হোৱা নাই বিচাৰ প্ৰক্ৰিয়া । ইপিনে নীল অভিৰ হত্যাকাণ্ডত জড়িত ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ আশাত আজিও বন্দী নীল-অভিৰ পৰিয়ালৰ লগতে অসমবাসী । এনে ঘটনাৰ সৈতে জড়িত ব্যক্তিক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে গণ হত্যা(mob lynching)ৰ দৰে ঘটনা ৰোধ নহ’ব বুলি মন্তব্য কৰে ন্যায়ৰ আশাত বন্দী নিলোৎপল পিতৃয়ে । নীল-অভিৰ হত্যাকাণ্ডৰ গোচৰৰ আন দুগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণৰ বাবে মঙলবাৰে পুনৰ শুনানিৰ দিন ধার্য কৰিছে নগাঁও আদালতে ।

লগতে পঢ়ক : Neel-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

Last Updated :Dec 20, 2021, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.