ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 26, 2022, 5:00 PM IST

Top 10 at 5 pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Passenger ferry stuck: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন ৷ নিমাতীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এম ভি ডিগাৰু নামৰ ফেৰীখন বালিচৰত লাগি আৱদ্ধ হৈ পৰে (Passenger ferry stuck in Brahmaputra)৷

Black Soldiers Fly farming : ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’লা মাখিৰ খেতি

এইবাৰ ফলমুল, শাক-পাচলি বা ড্ৰেগন ফলৰ খেতি নহয়, এইবাৰ দৰং জিলাৰ দলগাঁৱত Black Fly অৰ্থাৎ ক’লা মাখিৰ এক ব্যতিক্ৰমী খেতি কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে (Black Soldiers Fly farming at Dalgaon)এটা প্ৰতিষ্ঠান ৷

Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৪ বছৰ (14 years of Mumbai terrorist attack)। আক্ৰমণৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে মহাৰাষ্ট্ৰ চৰকাৰে । দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল, মুখ্যমন্ত্ৰীসহ বিভিন্ন বিষয়াৰ ।

Assam Meghalaya Border Conflict : সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

অসম-মেঘালয় সীমান্তত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে (tense situation in Assam Meghalaya border) । শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ । মেঘালয়ৰ ঠায়ে ঠায়ে ধাৰাবাহিকভাৱে আক্ৰমণৰ ঘটনা । পঞ্চমদিনাও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখী অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে । ভাৰাক কেন্দ্ৰ কৰি যোৰাবাটত অসম-মেঘালয়ৰ চালকৰ মাজত হতাহতি । মেঘালয়ৰ মাজেৰে যাত্রীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত অসমৰ লগত আন আন ৰাজ্যসমূহৰো যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছে (Stray incidents in Meghalaya over border incident) ।

Jal Jeevan Mission: জলজীৱন আঁচনিৰ আইৰনযুক্ত পানীয়ে বিপদ মাতিছে কন কন শিক্ষাৰ্থী জীৱনলৈ

ধেমাজিত জলজীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ নামত সংশ্লিষ্ট বিভাগৰ ৰামঠগন । ব্যয়বহুল এই অভিলাষী আঁচনিৰ টেপৰ পৰা নোলায় বিশুদ্ধ খোৱাপানী(Jal Jeevan Mission in Dhemaji) ৷ বিশুদ্ধ পানীৰ নামত সেৱন বৰবিহ ৷

Farmers protest in Delhi: ঐতিহাসিক কৃষক আন্দোলনৰ দুবছৰ পূৰ্ণ উপলক্ষে অৱস্থান

দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ দুবছৰ পূৰ্ণ উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লগতে কাদং বজাৰত অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হয়(Farmers protest in Delhi) । বৰপেটা জিলাৰ জনীয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত আন্দোলনকাৰীৰ ওপৰত তৰা ভুৱা গোচৰ বিনাচৰ্তে প্ৰত্যাহাৰ ,কৃষকৰ উৎপাদিত ফচলৰ লাভজনক দাম ( এম.এছ.পি) নিৰ্দ্ধাৰণ ,প্ৰতি পঞ্চায়তত ধান কিনা কেন্দ্ৰ স্থাপন কৰা ,ভূ- গৰ্ভস্থ পানীৰ ওপৰত কৰ লগোৱা সিদ্ধান্ত বাতিল ,জবকাৰ্ডধাৰী শ্ৰমিকক বছৰত এশ ( ১০০) দিনৰ কাম আদায় দিয়াকে ধৰি সৰ্বস্তৰৰ দূৰ্নীতি বন্ধ কৰাৰ দাবীত দেশজোৰা অৱস্থান আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে ।

Cartoonist Chiranjib Dutta Death: জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান । দীৰ্ঘদিনে অসুস্থ হৈ থকা দত্তই শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে (Cartoonist Chiranjib Dutta passes away)৷

Ink AAP incident in Nagaon : নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ

নগাঁৱত অঘটন ৷ এইবাৰ আপৰ নেতালৈ নিক্ষেপ কৰা হৈছে চিয়াঁহী (Ink AAP incident in Nagaon)৷ নগাঁও জিলা পুথিভঁৰালৰ সন্মুখতে সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ অভিযোগ অনুসৰি, এই কাৰ্য সংগটিত কৰিছে বিজেপি কৰ্মীয়ে ৷

Aircraft Security Rules 2022: বিমান সুৰক্ষা নিয়ম ২০২২ৰ খচৰা জাৰি

বিমান পৰিবহণ ব্যৱস্থা অধিক সুৰক্ষিত কৰাৰ স্বাৰ্থত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সুৰক্ষা নিয়ম, ২০২২ৰ খচৰা জাৰি কৰিছে (Aircraft Security Rules 2022 drafts)। খচৰা মতে BCASয়ে বিমানবন্দৰ আৰু বিমান সেৱাসমূহৰ বিৰুদ্ধে ৫০ লাখৰ পৰা ১ কোটি পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰিব । অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিসকলে ১ লাখৰ পৰা ২৫ লাখ লৈকে জৰিমনা ভৰিব লগীয়া হ'ব পাৰে ।

ISRO successfully launches PSLV-C54 rocket : ৮ টা মিনি উপগ্ৰহৰ সৈতে সফলতাৰে উৎক্ষেপণ PSLV-C54

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই PSLV-C54/EOS-০৬ৰ দ্বাৰা সফলতাৰে উৎক্ষেপণ কৰে Oceansat-3 আৰু ৮ টা মিনি উপগ্ৰহ (ISRO successfully launches PSLV-C54 rocket)। পুৱা প্ৰায় ১১.৫৬ বজাত সফলতাৰে উৎক্ষেপণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.