Farmers protest in Delhi: ঐতিহাসিক কৃষক আন্দোলনৰ দুবছৰ পূৰ্ণ উপলক্ষে অৱস্থান

By

Published : Nov 26, 2022, 4:15 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ দুবছৰ পূৰ্ণ উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লগতে কাদং বজাৰত অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হয়(Farmers protest in Delhi) । বৰপেটা জিলাৰ জনীয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত আন্দোলনকাৰীৰ ওপৰত তৰা ভুৱা গোচৰ বিনাচৰ্তে প্ৰত্যাহাৰ ,কৃষকৰ উৎপাদিত ফচলৰ লাভজনক দাম ( এম.এছ.পি) নিৰ্দ্ধাৰণ ,প্ৰতি পঞ্চায়তত ধান কিনা কেন্দ্ৰ স্থাপন কৰা ,ভূ- গৰ্ভস্থ পানীৰ ওপৰত কৰ লগোৱা সিদ্ধান্ত বাতিল ,জবকাৰ্ডধাৰী শ্ৰমিকক বছৰত এশ ( ১০০) দিনৰ কাম আদায় দিয়াকে ধৰি সৰ্বস্তৰৰ দূৰ্নীতি বন্ধ কৰাৰ দাবীত দেশজোৰা অৱস্থান আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখযোগ্য যে মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব বুলিও জনীয়া আঞ্চলিক কৃষক সভাৰ সম্পাদক জয়নাল আব্দিনে জানিবলৈ দিয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.