Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ

author img

By

Published : Nov 26, 2022, 11:50 AM IST

Mumbai

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৪ বছৰ (14 years of Mumbai terrorist attack)। আক্ৰমণৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে মহাৰাষ্ট্ৰ চৰকাৰে । দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল, মুখ্যমন্ত্ৰীসহ বিভিন্ন বিষয়াৰ ।

নেশ্যনেল ডেস্ক,২৬ নৱেম্বৰ : ১৪ বছৰ পূৰ্বে ২৬ নৱেম্বৰৰ দিনটোতে মহাৰাষ্ট্ৰৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল (Mumbai terrorist attack)। য'ত ১৮ গৰাকী নিৰাপত্তাৰক্ষীসহ ১৬৬ গৰাকী লোক নিহত হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল । ২০০৮ চনৰ সেই ঘটনাই আজিও দেশবাসীক উদ্বিগ্ন কৰি তোলে (Mumbai 26/11 attack)।

ইফালে মুম্বাইৰ বিভিন্ন প্ৰান্তত এই দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Tributes to martyrs of Mumbai attack)। পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ শ্বহীদসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জনোৱা হয় । তাৰ লগত সংগতি ৰাখি এক অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশ্যৰী আৰু মুখ্যমন্ত্ৰী একনাথ সিন্দেই শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় (CM pays tribute to Martyrs of Mumbai attacks)।

দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মুহূৰ্তত উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, মন্ত্ৰী দীপক কেচৰকাৰ, মুখ্য সচিব মনু কুমাৰ শ্ৰীবাস্তৱ, আৰক্ষী সঞ্চালক প্ৰধান ৰজনীশ শেঠ, মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰ আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

২০০৮ চনৰ আক্ৰমণৰ সময়ত প্ৰাণ হেৰুওৱা আৰক্ষীৰ পৰিয়ালৰ সদস্যসকলেও শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ জনীয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে মুম্বাইত উপস্থিত হয় আৰু ১৮ গৰাকী নিৰাপত্তাৰক্ষীসহ ১৬৬ গৰাকী লোকক হত্যা কৰে (2008 Mumbai attack victims)। ইয়াৰ উপৰিও গুলীচালনাত কোটি কোটি টকাৰ সম্পত্তি নষ্ট হয় ।

সন্ত্ৰাসবাদ বিৰোধী দল (ATS)ৰ মুৰব্বী হেমন্ত কাৰকাৰে, সেনা মেজৰ সন্দীপ উন্নীকৃষ্ণণ, মুম্বাইৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক কামতে আৰু জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিজয় চালাস্কাৰো এই আক্ৰমণত নিহত হৈছিল ।

আক্ৰমণটো ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ চলিছিল । ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস, অবেৰয় ট্ৰাইডেণ্ট, তাজমহল পেলেচ এণ্ড টাৱাৰ, লিওপোল্ড কেফে, কামা হাস্পতাল, নৰিমন হাউচ ইহুদী সম্প্ৰদায় কেন্দ্ৰ সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল । আজমল কাচাব একমাত্ৰ সন্ত্ৰাসবাদী আছিল যাক জীৱিত অৱস্থাত বন্দী কৰা হৈছিল । চাৰি বছৰ পাছত ২০১২ চনৰ ২১ নৱেম্বৰত সন্ত্ৰাসবাদীটোক ফাঁচী দিয়া হয় ।

লগতে পঢ়ক :Constitution Day 2022 : উচ্চতম ন্যায়ালয়ৰ সংবিধান দিৱসত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.