ETV Bharat / state

Assam Meghalaya Border Conflict : সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

author img

By

Published : Nov 26, 2022, 4:35 PM IST

border conflict
border conflict

অসম-মেঘালয় সীমান্তত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে (tense situation in Assam Meghalaya border) । শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ । মেঘালয়ৰ ঠায়ে ঠায়ে ধাৰাবাহিকভাৱে আক্ৰমণৰ ঘটনা । পঞ্চমদিনাও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখী অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে । ভাৰাক কেন্দ্ৰ কৰি যোৰাবাটত অসম-মেঘালয়ৰ চালকৰ মাজত হতাহতি । মেঘালয়ৰ মাজেৰে যাত্রীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত অসমৰ লগত আন আন ৰাজ্যসমূহৰো যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছে (Stray incidents in Meghalaya over border incident) ।

গুৱাহাটী, ২৬ নৱেম্বৰ : শান্ত হোৱা নাই চুবুৰীয়া ৰাজ্য মেঘালয় (tense situation in Meghalaya) । এতিয়াও ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত হৈ আছে বিক্ষিপ্ত ঘটনা । বিগত পাঁচদিন ধৰি অসম-মেঘালয়ৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে । অসম-মেঘালয় সীমান্তত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Assam Meghalaya border conflict) ।

সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা
সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত মঙলবাৰে সংঘটিত হোৱা ঘটনাত আৰক্ষীৰ গুলীত ৫ জন খাচী লোকৰ মৃত্যু হৈছিল (Mukro tragedy) । আনহাতে, খাচী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল অসমৰ এজন বনৰক্ষী । এই ঘটনাটোক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা হৈ পৰা পাহাৰীয়া জিলাখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা (Stray incidents in Meghalaya over border incident) ।

বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ কৰা হৈছে (Assam people attacked in Shillong) । মঙলবাৰে ঘটনাৰ দিনা নিশাৰ ভাগত শ্বিলঙত অসমৰ এখন বাহন জ্বলাই দিয়াৰ পাছত বিগত কেইদিনত অসমৰ কেইবাখনো বাহনত অগ্নি সংযোগ কৰাৰ লগতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । অসমৰ পঞ্জীয়ন থকা বাহন দেখিলেই আক্ৰমণ কৰে খাচী লোকে । মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে ।

সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা
সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

তদুপৰি, অসমৰ লোকক প্ৰাণে মৰাৰো ভাবুকি দিছে খাচী দুৰ্বৃত্তই । শ্বিলঙৰ পৰা অহা লোকসকলে জনোৱা মতে, মেঘালয়ৰ পৰিস্থিতি ভাল নহয় । কেৱল অসমৰেই নহয়, আন ৰাজ্যৰ লোককো মেঘালয়ত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । ঠায়ে ঠায়ে ধাৰাবাহিকভাৱে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে শ্বিলঙৰ হোটেলত (Assam people stranded in Shillong) । ইফালে মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্রত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰিছে ।

যাৰফলত বহু লোকে মেঘালয়লৈ যাব পৰা নাই । আনকি আবদ্ধ হৈ পৰিছে দেশী-বিদেশী পৰ্যটকো । শনিবাৰে পঞ্চমদিনাও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে । ফলত বহু লোক আবদ্ধ হৈ পৰিছে । বিগত পাঁচদিন ধৰি মেঘালয়ৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ থকাত ভয়াৱহ সংকটৰ সন্মুখীন হৈছে শ শ কেব চালক । তেওঁলোকে শীঘ্ৰেই এই সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে ।

সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা
সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

আনহাতে, অসম-মেঘালয়ৰ সংঘাতৰ প্ৰভাৱ যোৰাবাটতো পৰিছে । অসমৰ চালকসকল মেঘালয়লৈ যাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ৰ চালকসকলে পৰ্যটকসকলৰ পৰা অধিক হাৰত ভাৰা লোৱাৰ উভিযোগ উত্থাপন হৈছে । যাৰ বাবে আজি যোৰাবাটত অসম-মেঘালয়ৰ চালকৰ মাজত হতাহতি হয় । ইফালে বৰ্তমানৰ পৰিস্থিতিৰ বাবে মেঘালয়লৈ যাবলগীয়া বহু লোকে গুৱাহাটীতে অৱস্থান কৰিবলগীয়া হৈছে । ইফালে অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ হৈ আছে শ্বিলঙত ।

বিশেষকৈ পৰ্যটকসহ অসমৰ বহু বাহন শ্বিলঙকে ধৰি আন পৰ্যটনস্থলীসমূহত আবদ্ধ হৈ আছে । ইফালে মেঘালয়ৰ শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিৰ ফলত ত্ৰিপুৰা, মিজোৰাম আৰু আংশিকভাৱে মণিপুৰৰ লগত অসমৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ চলা এখন ৰে'লেৰে যাতায়াত চলি আছে যদিও পথৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ফ’ৰলেন হাইৱে' নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হৈ নুঠাৰ ফলত মেঘালয়ৰ মাজেৰে বৰাক উপত্যকাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহে অসম হৈ দেশৰ আন আন প্ৰান্তলৈ যাতায়াত ৰক্ষা কৰে ।

সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা
সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

মেঘালয়ৰ মাজেৰে যাত্রীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত অসমৰ লগত আন আন ৰাজ্যসমূহৰো যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছে । বৰাক উপত্যকাৰ কৰিমগঞ্জত ট্ৰাকৰ দীঘলীয়া শাৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে । দীঘৰশালৰ পৰা গাড়ীবোৰ অসম আৰক্ষীয়ে ঘূৰাই পঠাইছে । আনহাতে, মেঘালয়লৈ ইন্ধনজাত সামগ্ৰী সৰবৰাহ অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে বন্ধ কৰি ৰাখিছিল । যাৰ ফলত ৰাজ্যখনত ইন্ধনজাত সামগ্ৰীৰ নাটনি হৈছিল ।

অৱশ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নিজ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক ইন্ধনজাত সামগ্ৰী কঢ়িওৱা টেংকাৰৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াত ইন্ধনজাত সামগ্ৰীৰ সৰবৰাহ হৈছে । ইফালে মেঘালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ইণ্টাৰেনেট সেৱা কৰ্তন সাতখন জিলাত ৪৮ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে । সীমান্তৰ ঘটনাক কেন্দ্ৰ কৰি শ্বিলঙৰ উপৰি মেঘালয়ৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে । আজিও শ্বিলঙত প্ৰতিবাদী সমদল উলিওৱা হয় ।

সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা
সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

শুকুৰবাৰেও প্ৰতিবাদী সমদলৰ সময়ত চহৰখনত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে মেঘালয়ত অসমৰ বহুকেইখন বাহন জ্বলাই দিয়া হৈছে । বৰ্তমান শ্বিলঙত ভয়-শংকাৰ মাজত আছে বহু পৰ্যটক । ইফালে সীমান্তৰ ঘটনাৰ দিনাৰে পৰা শ্বিলঙৰ দোকান-বজাৰ তথা অফিচ-কাছাৰী সকলো অঘোষিতভাৱে বন্ধ হৈ আছে ।

যাৰফলত মেঘালয়ত থকা অসমকে ধৰি আন ৰাজ্যৰ লোকসকলে ব্যাপক সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে । উল্লেখ্য যে অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহমন্ত্রীক সাক্ষাৎ কৰি চি বি আই তদন্ত দাবী কৰিছে । লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগতো অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক :WFF World Championships: বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.