Black Soldiers Fly farming : ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’লা মাখিৰ খেতি

author img

By

Published : Nov 26, 2022, 4:11 PM IST

Black Soldiers Fly farming at Dalgaon

এইবাৰ ফলমুল, শাক-পাচলি বা ড্ৰেগন ফলৰ খেতি নহয়, এইবাৰ দৰং জিলাৰ দলগাঁৱত Black Fly অৰ্থাৎ ক’লা মাখিৰ এক ব্যতিক্ৰমী খেতি কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে (Black Soldiers Fly farming at Dalgaon)এটা প্ৰতিষ্ঠান ৷

দলগাঁও, ২৬ নৱেম্বৰ: সচৰাচৰে মাখিক এক অলাগতিয়াল তথা অনিষ্টকাৰী পতংগ বুলি কোৱা হয় ৷ কিন্তু এই মাখিৰ খেতি কৰি আপুনিও ঘটিব পাৰে লাখে লাখে টকা (Black Soldiers Fly farming)৷ এইবাৰ ফলমুল, শাক-পাচলি বা ড্ৰেগন ফলৰ খেতি নহয়, এইবাৰ দৰং জিলাৰ দলগাঁৱত Black Fly অৰ্থাৎ ক’লা মাখিৰ এক ব্যতিক্ৰমী খেতি কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে (Black Soldiers Fly farming at Dalgaon) এজন লোক ৷

ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’লা মাখিৰ খেতি

এইবিধ Black Soldiers Fly অৰ্থাৎ ক’লা মাখি ৷ এই ক’লা প্ৰজাতিৰ মাখিৰ খেতি কৰি ইয়াৰ পোৱালি বা মেগতবোৰ মাছ গাহৰি , কুকুৰাৰ খাদ্য হিচাপে ব্যবহাৰ কৰিব পাৰি ৷ এই মেগতবোৰক মাছ-গাহৰিৰ খাদ্য হিচাপে ব্যবহাৰ কৰিলে কৃষক‌সকল অৰ্থনৈতিকভাৱে যথেষ্ট লাভবান হ’ব বুলি জানিবলৈ দিয়ে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষী প্ৰসাদ হাজৰিকাই (Principal Lakhi Prasad Hazarika on Black Soldiers Fly farming) ৷

প্ৰকৃততে দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত (Pandit Deendayal Upadhyaya Adarsha College) প্ৰাণীবিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলৰ কাৰণে এক নতুন পৰিকল্পনা কৰিছিল মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ৷ এই পৰিকল্পনাৰ অংশহিচাপে মহাবিদ্যালয়খনত পোহা হৈছে ক’লা মাখি ৷

এই বিশেষ প্ৰকল্প সন্দৰ্ভত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ লক্ষী প্ৰসাদ হাজৰিকাই কয়, "মহাবিদ্যালয়ৰ যি শৈক্ষিক কাৰ্যসূচী তাৰ অংশ হিচাপে আমাৰ প্ৰাণী বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক ক’লা মাখিৰ জীৱন প্ৰণালীৰ ওপৰত এক প্ৰকল্প দিয়া হৈছিল ৷ প্ৰকৃততে ই এটা নতুন ধৰণৰ কৃষি অৰ্থনীতিৰ আন্দোলন ৷

এই ক’লা মাখিসমূহক পেলনীয়া জাৱৰ-জোঁথৰৰ মাজত পুহিলে সিহঁতৰ পৰা হোৱা পোৱালিবোৰ আমি বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণস্বৰূপে আমি মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰো, হাঁহ, কুকুৰাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰো, গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা যায়, আনকি বিভিন্ন দেশত ইয়াক মানুহে খাবলৈও ব্যৱহাৰ কৰে ৷

আমি আশাবাদী যে ভৱিষ্যতে আমি এই মাখিৰ খেতি কৃষকসকলৰ মাজলৈ লৈ যাব পাৰো তেনেহ’লে সকলো লাভবান হ’ব ৷ তিনি চাৰিদিনৰ ভিতৰতে মাখিবোৰৰ কণীৰ পৰা পোৱালি হয় ৷ প্ৰায় 14 দিনলৈ মাখিৰ পোৱালিবোৰ থাকে ৷ সেই পোৱালি অৱস্থাতে মাখিবোৰক বিভিন্ন স্তৰত সংৰক্ষণ কৰি ৰাখিব পৰা যায় ৷ ভৱিষ্যতে ব্যৱহাৰৰ বাবে মাখিবোৰক শুকুৱাই থবও পাৰি ৷ মুঠতে 25 বা 26 দিনৰ ভিতৰত মাখিবোৰৰ জীৱন চক্ৰৰ সামৰণি পৰে ৷"

এই পলুসমুহৰ ‌খাদ্যৰ গুণাগুন অতি উৎকৃষ্ট ৷ ইয়াৰ পলুসমুহৰ প্ৰ'টিনৰ পৰিমাণ ৪০-৬৫ শতাংশ । এই পলুসমূহ জৈৱিক খাদ্য হিচাপে বৰ্তমান অদ্বিতীয় । এই মাখি প্ৰজাতিৰ পোহপাল অতি সহজ । খুব কম পৰিসৰৰ ব্যবস্থাপনাৰে যথেষ্ট সংখ্যক পলু উৎপাদন কৰিব পাৰি । এজনী মাইকী মাখিয়ে প্ৰায় ৫০০ মান কণী দিয়ে আৰু এই কণীসমুহ ৪ দিন মানৰ ভিতৰতে উপযুক্ত পৰিৱেশৰ মাজত পলুৰ অবস্থা পায় । পলুৰ খাদ্য হিচাপে বিভিন্ন ধৰণৰ জৈৱিক ভাৱে পচনশীল আৰ্বজনা ব্যবহাৰ কৰিব পাৰি ।

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষী প্ৰসাদ হাজৰিকাই জনোৱা মতে তিনি‌মাহ‌ আগৰ পৰা মহাবিদ্যালয়ৰ পৰিসৰত ক’লা মাখিৰ খেতি আৰম্ভ কৰা হৈছে । খেতিৰ ফলাফল খুবেই ভাল । মহাবিদ্যালয়খনৰ এনে ব্যতিক্ৰমী পদক্ষেপ দেখি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষও প্ৰাণীবিজ্ঞান বিভাগত (Black Soldiers Fly farming in Gauhati University) পোনা লৈ ক’লা মাখিৰ খেতি আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে আগন্তুক দিনত এনে খেতিয়ে হাঁহ, কুকুৰা, মৎস পালনৰ ক্ষেত্ৰত নতুন সংযোজন হ’ব আৰু আৱৰ্জনা নিষ্কাষণ প্ৰক্ৰিয়া যথেষ্ট ত্বৰান্বিত হ’ব বুলি কয় দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষী প্ৰসাদ হাজৰিকাই ৷

লগতে পঢ়ক: Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.