ETV Bharat / bharat

Aircraft Security Rules 2022: বিমান সুৰক্ষা নিয়ম ২০২২ৰ খচৰা জাৰি

author img

By

Published : Nov 26, 2022, 3:23 PM IST

বিমান পৰিবহণ ব্যৱস্থা অধিক সুৰক্ষিত কৰাৰ স্বাৰ্থত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সুৰক্ষা নিয়ম, ২০২২ৰ খচৰা জাৰি কৰিছে (Aircraft Security Rules 2022 drafts)। খচৰা মতে BCASয়ে বিমানবন্দৰ আৰু বিমান সেৱাসমূহৰ বিৰুদ্ধে ৫০ লাখৰ পৰা ১ কোটি পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰিব । অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিসকলে ১ লাখৰ পৰা ২৫ লাখ লৈকে জৰিমনা ভৰিব লগীয়া হ'ব পাৰে ।

Aircraft Security Rules 2022
বিমান সুৰক্ষা নিয়ম ২০২২ৰ খচৰা জাৰি

নেশ্যনেল ডেস্ক,২৬ নৱেম্বৰ : চৰকাৰে বিমান পৰিবহণ ব্যৱস্থা অধিক সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিছে । যাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সুৰক্ষা নিয়ম, ২০২২ৰ খচৰা জাৰি কৰিছে (Aircraft Security Rules 2022 drafts)। খচৰা অনুসৰি বিমান সুৰক্ষা নিয়ন্ত্ৰক, অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰ'য়ে (BCAS) নিৰাপত্তা ব্যৱস্থা উলংঘনৰ বাবে বিমানবন্দৰ আৰু বিমান সেৱাসমূহৰ ওপৰত ১ কোটি লৈকে জৰিমনা আৰোপ কৰিব পাৰিব ।

জানিব পৰা মতে খচৰা নিয়মবোৰ চূড়ান্ত হোৱাৰ পাছত BCASয়ে বিমানবন্দৰ আৰু বিমান সেৱাসমূহৰ বিৰুদ্ধে ৫০ লাখৰ পৰা ১ কোটি পৰ্যন্ত (কোম্পানীৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি) জৰিমনা আৰোপ কৰিব পাৰিব (Penalties according to Aircraft Security Rules)। যদিহে তেওঁলোকে সঠিক সুৰক্ষা ব্যৱস্থা ৰূপায়ণত বিফল হয় । আনহাতে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতি কৰিলেও জৰিমনা বিহা হ'ব ।

বৃহৎ বিমানবন্দৰসমূহে ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সুৰক্ষা কাৰ্যসূচী অনুসৰি বিমানবন্দৰৰ নক্সা আৰু বিন্যাস পৰিকল্পনা কৰাত বিফল হ'লে ১ কোটিৰ জৰিমনাৰ সন্মুখীন হ'ব পাৰে । অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিসকলে ১ লাখৰ পৰা ২৫ লাখ লৈকে জৰিমনা ভৰিব লাগিব পাৰে । প্ৰস্তাৱিত নিয়ম অনুসৰি, বিচিএএছয়ে এটা সংস্থাৰ বিমানবন্দৰৰ নিৰাপত্তা ক্লিয়াৰেন্স আৰু সুৰক্ষা কাৰ্যসূচী স্থগিত বা বাতিল কৰিবলৈ সক্ষম হ'ব ।

চাইবাৰ নিৰাপত্তাৰ ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰতিটো সংস্থাই তথ্য আৰু যোগাযোগ প্ৰযুক্তি প্ৰণালীবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব আৰু সংবেদনশীল বিমান সুৰক্ষা তথ্য প্ৰকাশ কৰাটো নিষিদ্ধ কৰিব লাগিব । খচৰা অনুসৰি বিমানবন্দৰসমূহত CISFৰ পৰিৱৰ্তে ব্যক্তিগত নিৰাপত্তা এজেণ্ট নিয়োগ কৰিব পাৰিব আৰু ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ নীতি, ২০১৬-ৰ পৰামৰ্শ অনুসৰি সুৰক্ষা কৰ্তব্য আৱণ্টন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে । বিমান সুৰক্ষা নিয়ম ২০২২ চূড়ান্ত হোৱাৰ পাছত দেশত এক কাৰ্যকৰী বিমান সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাত আৰু এখোজ আগবাঢ়িব ।

ৰাষ্ট্ৰসংঘৰ বিমান নিৰীক্ষণ সংস্থা, আন্তৰ্জাতিক অসামৰিক বিমান সংস্থাই (ICAO) আইনী ক্ষমতা অবিহনে কাম কৰা তিনিটা নিয়ামকৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পাছত সংসদত এই সংশোধনীৰ প্ৰয়োজন আছিল । মন্ত্ৰালয়ে ৩০ দিনৰ বাবে অংশীদাৰসকলৰ মন্তব্য বিচাৰিছে । খচৰা নিয়মসমূহ সন্দৰ্ভত ১০ নৱেম্বৰত জাননী দিয়া হৈছিল ।

লগতে পঢ়ক :Pre Budget Meeting : প্ৰাক বাজেট বৈঠকত কেন্দ্ৰক উপকৰ নিয়ন্ত্ৰণৰ আহ্বান ৰাজ্যসমূহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.