ETV Bharat / state

Cartoonist Chiranjib Dutta Death: জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

author img

By

Published : Nov 26, 2022, 2:50 PM IST

জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান । দীৰ্ঘদিনে অসুস্থ হৈ থকা দত্তই শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে (Cartoonist Chiranjib Dutta passes away)৷

Cartoonist Chiranjib Dutta Death
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

গুৱাহাটী, ২৬ নৱেম্বৰ : জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান । শুকুৰবাৰে পুৱা মহানগৰীৰ হাতীগঁড় চাৰিআলিৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্টুনিষ্টগৰাকীয়ে (Cartoonist Chiranjib Dutta passes away)।

বিনোদনধৰ্মী জনপ্ৰিয় আলোচনী বিস্ময়ৰ(Bismoi magazine) জৰিয়তে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল কাৰ্টুন শিল্পীগৰাকীয়ে । ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্টুনিষ্টগৰাকীয়ে । বৃক্কজনিত ৰোগত ভুগি দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল চিৰঞ্জীৱ দত্ত ।

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব কাৰ্টুনিষ্টগৰাকীৰ । অসমত কাৰ্টুনৰ অন্যতম বাটকটীয়া আছিল চিৰঞ্জীৱ দত্ত । তেওঁ এগৰাকী কাৰ্টুনিষ্ট হোৱাৰ উপৰিও জনসংযোগ বিভাগত কৰ্মৰত আছিল । উল্লেখ্য যে আৰক্ষী বিষয়া তথা কবি-লেখক নিত্যা দত্তৰ পুত্ৰ চিৰঞ্জীৱ দত্ত ।

চিৰঞ্জীৱ দত্তই বিস্ময়ৰ লগতে কেইবাখনো বাতৰি কাকত, আলোচনীত সুদীৰ্ঘ সময়জুৰি কাৰ্টুন অংকন কৰি পাঠকৰ সমাদৰ লাভ কৰি আহিছিল ।

লগতে পঢ়ক : Assamese Film Industry: অসমীয়া ছবিৰ উত্তৰণৰ বাবে প্ৰচাৰ অভিযান সমীৰ ৰয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.