ETV Bharat / state

Ink AAP incident in Nagaon : নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ

author img

By

Published : Nov 26, 2022, 1:33 PM IST

Updated : Nov 26, 2022, 3:19 PM IST

Ink thrown at AAP leader in Nagaon
নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ

নগাঁৱত অঘটন ৷ এইবাৰ আপৰ নেতালৈ নিক্ষেপ কৰা হৈছে চিয়াঁহী (Ink AAP incident in Nagaon)৷ নগাঁও জিলা পুথিভঁৰালৰ সন্মুখতে সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ অভিযোগ অনুসৰি, এই কাৰ্য সংগটিত কৰিছে বিজেপি কৰ্মীয়ে ৷

  • নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ (Ink AAP incident in Nagaon)
  • চিয়াঁহী নিক্ষেপৰ ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ সন্দেহ
    নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ
  • নগাঁও জিলা পুথিভঁৰালৰ সন্মুখতে সংঘটিত হৈছে এই অনাকাংক্ষিত ঘটনাটো
  • তথ্য অনুসৰি, জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছিল আপৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (10th Annual Foundation Day Programme of AAP)
  • তেনে সময়তে পুথিভঁৰালৰ সন্মুখত আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্তৰ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সব্যসাচী বৰালৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে স্কুটিত অহা দুই যু্ৱকে
  • চিয়াঁহী নিক্ষেপ কৰি যুৱক দুজনে বিজেপি জিন্দাবাদ ধ্বনি দি ত্যাগ কৰে সেই স্থান
  • তাৰ পাচতে অঞ্চলটো সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ
  • ইফালে আপৰ নেতালৈ চিয়াঁহী নিক্ষেপৰ এই ঘটনাকলৈ নগাঁৱত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ
Last Updated :Nov 26, 2022, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.