ETV Bharat / state

ডিটেনশ্যন কেম্পৰ পৰা হিন্দু বাংলাদেশীক মুকলি কৰি দিব লাগে: প্ৰবীণ ভাই টোগাড়ীয়া - Pravin Togadia

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:14 PM IST

Hindu Bangladeshis in detention Camp: ডিটেনশ্যন কেম্প কেৱল মুছলমানৰ কাৰণে ৷ বাংলাদেশী হিন্দুসকলক মুকলি কৰি দিব লাগে ৷ এই দাবী প্ৰবীণ ভাই টোগাড়ীয়াৰ ৷

PRAVIN TOGADIA
ৰঙিয়াত হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়া (ETV Bharat Assam)

ৰঙিয়া, 19 মে’ : ‘‘এইখন দেশ হিন্দুৰ ৷ অসমৰ ডিটেনশ্যন কেম্পত থকা হিন্দু বাংলাদেশীসকলক মুকলি কৰি দিব লাগে ৷ ভাৰতত কোনো হিন্দুকে ডিটেনশ্যন ৰাখিব নালাগে ৷’’ এই মন্তব্য কট্টৰ হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়ীয়াৰ ৷

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিষ্ঠাপকগৰাকী বৰ্তমান অসম ভ্ৰমণত আছে ৷ দেওবাৰে তেওঁ উপস্থিত হয় ৰঙিয়াত ৷ হিন্দু পৰিষদৰ ৰাজ্যিক কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি নেতাগৰাকীয়ে কয় যে কোনো ডিটেনশ্যন কেম্পত যাতে এগৰাকীও হিন্দু নাথাকে তাৰ প্ৰতি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় মন দিব লাগে ৷ ডিটেনশ্যন কেম্প কেৱল বাংলাদেশী মুছলমানৰ বাবেহে বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: 2024 চনত কেৱল হিন্দুসকলহে জিকিব: প্ৰবীণ টোগাড়িয়া

ইফালে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই বৰ্তমান বিজেপিক আৰ এছ এছৰ প্ৰয়োজন নাই বুলি কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত তেওঁ কয়, ‘‘এই সন্দৰ্ভত জেপি নাড্ডা, মোহন ভগৱতক সোধক ৷ মইতো কোৱা নাই ৷ 50 বছৰ মই আৰ এছ এছত আছিলোঁ ৷ বিজেপিৰ চৰকাৰ অহাতো মোৰ সহযোগিতা আছিল ৷ এতিয়া মই একো প্ৰতিক্ৰিয়া নিদিওঁ ৷ এতিয়া মই তেওঁলোকৰ সংগ ত্যাগ কৰিলোঁ ৷’’

আনহাতে নাগৰিত্ব সংশোধনী আইনৰ প্ৰয়োজনীয়তা আছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘আফগানিস্তান, বাংলাদেশ, পাকিস্তানত অত্যাচাৰৰ বলি হৈ যিসকল হিন্দু ভাৰতলৈ আহিব তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব ৷ অসমত যাতে অত্যধিক জনসংখ্যা নহয়, তাৰ বাবে উক্ত দেশকেইখনৰ পৰা অহা বাংলাভাষী হিন্দুসকলক গুজৰাট, মহাৰাষ্ট্ৰ, পঞ্জাৱত থাকিবলৈ সুবিধা কৰি দিব লাগে ৷’’

প্ৰৱজনকাৰী হিন্দুসকলক বিনামূলীয়াকৈ ঘৰ, সংস্থাপনৰ উপৰিও তেওঁলোকৰ সন্তানক শিক্ষাৰ ব্যৱস্থা কৰি দিয়াৰ পোষকতা কৰে হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়ীয়াই ।

লগতে পঢ়ক: বাংলাদেশী মুছলমানৰ সৈতে অসমত প্ৰৱেশ কৰিছে জেহাদী উগ্ৰপন্থী: বিস্ফোৰণ প্ৰবীণ ভাই টোগাড়ীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.