ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 11, 2021, 3:00 PM IST

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি । ইতিমধ্যে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Guwahati Medical College Hospital)ত ভৰ্তি কৰোৱা হৈছে ৷

Maradona's Watch found in Sivsagar : শিৱসাগৰত উদ্ধাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী

ডুবাইত চুৰি হোৱা 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ ঘড়ী উদ্ধাৰ হৈছে অসমত (Maradona's Watch found in Sivsagar) ৷ ক’ত আৰু কেনেকৈ উদ্ধাৰ হৈছে ঘড়ীটো ?

Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet decision) ত ?

Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

অচিৰেই ৮৮৭ কোটি টকা ব্যয়ৰে আৰম্ভ হ'ব গুৱাহাটী স্মাৰ্ট চিটী লিমিটেৰ মুঠ ১৭ টা নতুন প্ৰকল্পৰ কাম (Work on 17 projects in Smart City to begin soon in guwahati)৷ এই ১৭ টা প্ৰকল্পৰ মাজত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন , গান্ধীমণ্ডপৰ লাইট আৰু চাউণ্ড শ্ব , বিমানবন্দৰত আদৰণী গেট, দ্বীপৰ বিল, গান্ধীমণ্ডপৰ উন্নয়ণ, অশ্বক্লান্ত দেৱালয়, উমানন্দ দেৱালয়, দক্ষিণপাট সত্ৰ উন্নয়নৰ কাম কৰাৰ বাবে প্ৰকল্প লোৱাৰ উপৰিও, মহানগৰীত এল ই ডি ষ্ট্ৰীট লাইট স্থাপন , integrated traffic management চিষ্টেম, শংকৰদেৱ কলাক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধণৰ লগতে মুঠ ১৭ টা প্ৰকল্পৰ কাম হাতত লৈছে ।

ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈ : পুত্র গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

বুধবাৰে উন্মোচন হ’ল দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (Former Chief Justice of India Ranjan Gogoi)ৰ আত্মজীৱনী 'Justice for the Judge' ৷ এই আত্মজীৱনীত প্ৰকাশ পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগ ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে (Reaction on Gaurav Gogoi on Ranjan Gogoi's Autobiography) ।

Swahid Divas celebrate in Assam : অসম চুক্তি ৰূপায়ণৰ আহ্বান শ্বহীদ পৰিয়ালৰ

শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস (Swahid Divas celebrate in Assam) ৷ শ্বহীদ পৰিয়ালৰ দাবী, ‘অথলে যাতে নাযায় শ্বহীদৰ তেজ, ৰূপায়ণ কৰক অসম চুক্তি’ ৷

President Kovind at IMA : ২০২১ বৰ্ষৰ উত্তীৰ্ণ কেডেটৰ অভিবাদন গ্ৰহণ ৰাষ্ট্ৰপতিৰ

ভাৰতীয় সামৰিক একাডেমীৰ ২০২১ চনৰ বেচৰ সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (President Ramnath Kovind reached IMA in Dehradun)। ৩১৯ গৰাকী ভাৰতীয় কেডেটে পেৰেডৰ পাছতে ভাৰতীয় সেনাত যোগদান কৰে । বিভিন্ন দেশৰ ৬৮ গৰাকী কেডেট এইবাৰ উত্তীৰ্ণ হৈছে ।

Farmers to return home : প্ৰায় ৩৭৮ দিনীয়া ঐতিহাসিক আন্দোলন সামৰি ঘৰমুৱা কৃষক

এবছৰৰো অধিক সময় দিল্লী সীমান্তত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত এতিয়া ঘৰলৈ যাবলৈ সাজু হৈছে কৃষকসকল (farmers to return home)। বহু কৃষক ইতিমধ্যে গাঁৱলৈ ৰাওনা হৈছে । একাংশ কৃষক নেতাই সু-সজ্জিত ট্ৰেক্টৰত নিজৰ নিজৰ গাঁৱলৈ ৰাওনা হ'ব ।

Artist Bhaben Bora Passes Away : ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন শিল্পী ভবেন বৰাৰ

জামুগুৰিহাটৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ দেহাৱসান(Artist Bhaben Bora Passes Away) ৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শিল্পীগৰাকীৰ ৷ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷ শিল্পীগৰাকীৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷

কেৰেলাক পৰাজিত কৰি স্বাধীনতা কাপৰ চূড়ান্ত খিতাপ অর্জন Aseb গুৱাহাটীৰ

দিবা-নৈশ(Day Night Football Match) তুমুল প্ৰতিদ্বন্দিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাৱৰ হৈ দীপেন দৈমাৰীয়ে গ'ল দি নিজ দলক আগবঢ়াই নিয়ে । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটী দলৰ দীপেন দৈমাৰীয়ে খেলত ৪১ মিনিটত এক দীঘলীয়া কিকেৰে বিপক্ষৰ গ'লৰক্ষকক শলঠেকত পেলাই গ'লটো দিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.